জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 14, 2026

অখণ্ড ভাৰতৰ সপোন: এখন ‘দক্ষিণ এছীয় ইউনিয়ন’লৈ পৰিৱৰ্তনৰ সম্ভাৱনা

by Dr Netraranjan
2 minutes read
akhanada bharat

RSSৰ দৃষ্টিভংগী আৰু বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক বাস্তৱিক পথ


“অখণ্ড ভাৰত”ৰ ধাৰণাটো সম্ভৱতঃ RSS ৰ প্ৰচাৰক তথা ভাৰতীয় জনসংঘৰ মহাসচিব দীনদয়াল উপাধ্যায়ৰ দৃষ্টিভংগী আছিল। উল্লেখযোগ্য যে উপাধ্যায় ডাঙৰীয়া আৰু ৰাম মনোহৰ লোহিয়া ডাঙৰীয়াই ১২ এপ্ৰিল, ১৯৬৪ তাৰিখে এখন ঐতিহাসিক যৌথ ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল, য’ত তেওঁলোকে ভাৰত উপমহাদেশত India-Pakistan Confederation ৰ বাবে মত পোষণ কৰিছিল। এই ঐতিহাসিক দলিল আছিল এক গুৰুত্বপূৰ্ণ আৰম্ভণি।

বৰ্তমান প্ৰেক্ষাপটত ‘অখণ্ড ভাৰত’: এক নতুন ৰূপ

সাম্প্ৰতিক প্ৰেক্ষাপটত “অখণ্ড ভাৰত”ৰ ধাৰণাটো এটা নতুন ৰূপত সম্ভৱ কৰিব পাৰি। নিশ্চয় প্ৰশ্ন সমূহ উত্থাপন হ’ব: এনে এখন Confederation ৰ বাবে কোনো বৈধ ভিত্তি আছে নে? অৱশ্যে, যদি চীনৰ বাবে ‘One Nation, Two Systems‘ (এখন ৰাষ্ট্ৰ, দুটা ব্যৱস্থা) সূত্ৰৰ আধাৰত তাইৱানক পুনৰ মিলন কৰাৰ আবেদন কৰাটো বৈধ হয়, তেন্তে ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ বাবে একেধৰণৰ লক্ষ্য অনুসৰণ কৰি এখন “অখণ্ড ভাৰত” গোট কিয় অবৈধ হ’ব?

অৱশ্যে, ইয়াৰ জৰিয়তে কোনো দেশৰ ভৌগোলিক মানচিত্ৰ সলনি কৰা কথা কোৱা হোৱা নাই। এই গোটৰ ধাৰণা সহজে বিস্তাৰ কৰি অঞ্চলটোৰ অন্য দেশসমূহকো সন্নিৱিষ্ট কৰি “দক্ষিণ এছীয় ইউনিয়ন” (South Asian Union) ৰ কল্পনা কৰিব পৰা যায় যি “অখণ্ড ভাৰত” ৰ এক আধুনিক ৰূপ। এই ধাৰণা Regional Cooperation বা আঞ্চলিক সহযোগিতাৰ ওপৰত আধাৰিত।

‘দক্ষিণ এছীয় ইউনিয়ন’ গঠনৰ চাৰিটা গুৰুত্বপূৰ্ণ চৰ্ত

দক্ষিণ এছিয়াৰ তেনে এক নতুন গোট তেতিয়াই হ’ব পাৰে যেতিয়া চাৰিটা জৰুৰী চৰ্ত পূৰণ কৰা হয়। এই চৰ্তসমূহ হৈছে:

  1. ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী: RSS য়ে অখণ্ড ভাৰত মাথোঁ এখন ‘Hindu Rashtra’ হিচাপে নলৈ ধৰ্মনিৰপেক্ষতা (Secularism), গণতন্ত্ৰ (Democracy) আৰু পৰস্পৰ সহযোগিতাৰ (Mutual Cooperation) আধাৰত এখন “দক্ষিণ এছীয় ইউনিয়ন”ৰ প্ৰয়াস কৰিব পাৰে।
  2. ভাৰতীয় একতাৰ ওপৰত গুৰুত্ব: পাকিস্তানক পুনৰ খণ্ডিত কৰাতকৈ ভাৰতৰ Hindu-Muslim Unity (হিন্দু মুছলমানৰ মাজত একতা) শক্তিশালী কৰিলে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পাকিস্তান অধিক নিশকতীয়া হৈ পৰিব আৰু South Asian Union ৰ জৰিয়তে এখন অখণ্ড ভাৰত নিৰ্মাণ কৰা দীৰ্ঘদিনীয়া সপোনো সাৰ্থক হব লগতে সকলোৰে বাবে গ্ৰহণ যোগ্যতাও (Acceptability) হব।
  3. শ্ৰেষ্ঠত্বৰ মনোভাৱ ত্যাগ: পাকিস্তান আৰু বাংলাদেশেও ভাৰতৰ প্ৰতি তেওঁলোকৰ শত্ৰুতা মূলক মনোভাৱ ত্যাগ কৰিব লাগিব, আৰু ভাৰতেও চুবুৰীয়া ৰাষ্ট্ৰ বোৰৰ লগত ‘জ্যেষ্ঠ ভাতৃ’ মনোভাৱ ত্যাগ কৰি Sovereign Equality (সৰ্বভৌম সমতা) ৰ ভিত্তিত সম্পৰ্ক ৰাখিব লাগিব।
  4. ভাৰতীয় সভ্যতাৰ স্বীকৃতি: ভাৰতত বসবাস কৰা সমূহ ব্যক্তিয়ে নিজকে মাথোঁ হিন্দু অথবা মুছলমান বুলি নাভাবি, ভাৰতৰ মহান সভ্যতাক (Indian Civilization) নিজৰ বুলি আঁকোৱালি লব লাগিব।

RSS ৰ বাবে বাস্তৱিক নীতি আৰু পদক্ষেপ

এতিয়া প্ৰশ্ন হ’ল, এশ বছৰীয়া RSS এ পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বৰ্তমানৰ যুগত তেওঁলোকৰ অখণ্ড ভাৰত নিৰ্মাণ কৰা সপোন সাৰ্থক কৰিবলৈ কেনে বাস্তৱিক নীতি (Practical Policy) আৰু পদক্ষেপ (Action Plan) নিৰ্ধাৰণ কৰে। ভৱিষ্যতে Regional Integration (আঞ্চলিক সংহতি) হ’ব পাৰে ইয়াৰ একমাত্ৰ বাস্তৱিক পথ।

Was this article helpful?
Yes0No0

You may also like