জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 14, 2026

“অখণ্ড ভাৰত” ৰ সপোন আৰু সম্ভাৱনা

by Dr Netraranjan
2 minutes read
Akhand Bharat

“অখণ্ড ভাৰত” ধাৰণাটো সম্ভৱতঃ RSS ৰ প্ৰচাৰক তথা ভাৰতীয় জনসংঘৰ মহাসচিব দীনদয়াল উপাধ্যায়ৰ দৃষ্টিভংগী আছিল। উল্লেখযোগ্য যে উপাধ্যায় ডাঙৰীয়া আৰু ৰাম মনোহৰ লোহিয়া ডাঙৰীয়াই ১২ এপ্ৰিল, ১৯৬৪ তাৰিখে এখন ঐতিহাসিক যৌথ ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল, য’ত তেওঁলোকে ভাৰত উপমহাদেশত India Pakistan Confederstion বাবে মত পোষণ কৰিছিল।

সাম্প্ৰতিক প্ৰেক্ষাপটত “অখণ্ড ভাৰত”ৰ ধাৰণাটো এটা নতুন ৰূপত সম্ভৱ কৰিব পাৰি। নিশ্চয় প্ৰশ্ন সমূহ উত্থাপন হ’ব: কি এনে এখন Conferedation বাবে কোনো বৈধ ভিত্তি আছে নে? অৱশ্যে যদি চীনৰ বাবে ‘এখন ৰাষ্ট্ৰ, দুটা ব্যৱস্থা’ সূত্ৰৰ আধাৰত তাইৱানক পুনৰ মিলন কৰাৰ আবেদন কৰাটো বৈধ হয়, তেন্তে ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ বাবে একেধৰণৰ লক্ষ্য অনুসৰণ কৰি এখন “অখণ্ড ভাৰত” গোট কিয় অবৈধ হ’ব ?

অৱশ্যে, ইয়াৰ জৰিয়তে কোনো দেশৰ ভৌগোলিক মানচিত্ৰ সলনি কৰা কথা কোৱা নাই। এই গোটৰ ধাৰণা সহজে বিস্তাৰ কৰি অঞ্চলখনৰ অন্য দেশসমূহকো সন্নিবিষ্ট কৰি “দক্ষিণ এছীয় ইউনিয়ন”ৰ কল্পনা কৰিব পৰা যায় যি “অখণ্ড ভাৰত” ৰ এক আধুনিক ৰূপ।

দক্ষিণ এছিয়াৰ তেনে এক নতুন গোট তেতিয়াই হ’ব পাৰে যেতিয়া চাৰিটা জৰুৰী চৰ্ত পূৰণ কৰা হয়।

প্ৰথমতে, RSS য়ে অখণ্ড ভাৰত মাথোঁ এখন ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে নলৈ ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ আৰু পৰস্পৰ সহযোগিতাৰ আধাৰত এখন “দক্ষিণ এছীয় ইউনিয়ন”ৰ প্ৰয়াস কৰিব পাৰে।

দ্বিতীয়তে, পাকিস্তানক পুনৰ খণ্ডিত কৰাতকৈ ভাৰতৰ হিন্দু মুচলমানৰ মাজত একতা শক্তিশালী কৰিলে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পাকিস্তান অধিক নিশকতীয়া হৈ পৰিব আৰু দক্ষিণ এছীয় ইউনিয়নৰ জৰিয়তে এখন অখণ্ড ভাৰত নিৰ্মাণ কৰা দীৰ্ঘদিনীয়া সপোনো সাৰ্থক হব লগতে সকলোৰে বাবে গ্ৰহণ যোগ্যতাও হব।

তৃতীয়ত, পাকিস্তান আৰু বাংলাদেশেও ভাৰতৰ প্ৰতি তেওঁলোকৰ শত্ৰুতা মূলক মনোভাৱ ত্যাগ কৰিব লাগিব, আৰু ভাৰতেও চুবুৰীয়া ৰাষ্ট্ৰ বোৰৰ লগত ‘জ্যেষ্ঠ ভাতৃ’ মনোভাৱ ৰাখিব লাগিব। যদি দক্ষিণ এছিয়াৰ এই গোট সৰ্বভৌম সমতাত আধাৰিত নহয়, তেন্তে সেইটো কেতিয়াও বাস্তৱত নহব।

চতুৰ্থত, ভাৰতত বসবাস কৰা সমূহ ব্যক্তিয়ে নিজকে মাথোঁ হিন্দু অথবা মুছলমান বুলি নাভাবি, ভাৰতৰ মহান সভ্যতাক নিজৰ বুলি আঁকোৱালি লব লাগিব।

এতিয়া প্ৰশ্ন হল, এশ বছৰীয়া RSS পৰিবৰ্তিত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বৰ্তমানৰ যুগত তেওঁলোকৰ অখণ্ড ভাৰত নিৰ্মাণ কৰা সপোন সাৰ্থক কৰিবলৈ কেনে বাস্তৱিক নীতি আৰু পদক্ষেপ নিৰ্ধাৰণ কৰে।

Was this article helpful?
Yes0No0

You may also like