“They cut off my legs.“
১৯৯৪ চনৰ বিশ্বকাপৰ পৰা বহিষ্কৃত হোৱাৰ পিছত সংবাদমেলত কান্দি কান্দি ডিয়েগো আৰমান্দো মাৰাডোনাই উচ্চাৰণ কৰা এই বাক্যটো এতিয়াও ফুটবল ইতিহাসৰ অন্যতম হৃদয়বিদাৰক মুহূৰ্ত।
কিন্তু প্ৰশ্নটো আজিও অমীমাংসিত—
মাৰাডোনা কেৱল নিষিদ্ধ ঔষধ সেৱনৰ বাবে দোষী সাব্যস্ত হৈছিল, নে তেওঁৰ পতনৰ আঁৰত আছিল ক্ষমতা, ৰাজনীতি, প্ৰতিশোধ আৰু বিশ্ব ফুটবলৰ অদৃশ্য শক্তিসমূহ?
১৯৯৪ চনৰ বিশ্বকাপৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলপথাৰ। নাইজেৰিয়াৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত এগৰাকী নাৰ্ছে ডিয়েগ’ মাৰাডোনাৰ হাতত ধৰি ডোপিং টেষ্টৰ বাবে লৈ গৈছে। এই দৃশ্য আজিও ফুটবল ইতিহাসৰ আটাইতকৈ বিতৰ্কিত আৰু ৰহস্যময় দৃশ্য হিচাপে গণ্য কৰা হয়। ই কেৱল এটা ডোপিং টেষ্ট নাছিল, ই আছিল এজন ফুটবল ঈশ্বৰৰ কেৰিয়াৰ ধ্বংস কৰাৰ এক সুপৰিকল্পিত যাত্ৰাৰ অন্তিম অধ্যায়। মাৰাডোনাই পিছত চকুৰ পানীৰে কৈছিল, “তেওঁলোকে মোৰ ভৰি দুখন কাটি পেলালে। মোৰ সৈতে বিশ্বাসঘাটকতা কৰিলে।” কিন্তু এই বিশ্বাসঘাটকতাৰ শিপা ইমান সৰল নাছিল; ইয়াৰ সৈতে সাঙোৰ খাই আছিল আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (FIFA), ইটালীৰ কুখ্যাত মাফিয়া আৰু পুঁজিবাদী বনাম সাম্যবাদী মতাদৰ্শৰ এক তীব্ৰ শীতল যুদ্ধ।
১৯৯০ চনৰ নেপচৰ খেলপথাৰ আৰু শত্ৰুতাৰ আৰম্ভণি
মাৰাডোনাৰ পতনৰ বীজ প্ৰকৃততে ১৯৯১ চনৰ ড্ৰাগছ নিষিদ্ধকৰণৰ বহু আগতেই, ১৯৯০ চনৰ ইটালী বিশ্বকাপতে সিঁচি দিয়া হৈছিল। ইটালীৰ নেপছ (Naples) চহৰ আছিল মাৰাডোনাৰ সাম্ৰাজ্য, য’ত তেওঁ স্থানীয় ক্লাব নেপোলিক অভূতপূৰ্ব সফলতা দিছিল। কিন্তু যেতিয়া বিশ্বকাপৰ ছেমিফাইনেলত মাৰাডোনাৰ আৰ্জেন্টিনাই আয়োজক দেশ ইটালীক নেপছৰে মাটিত পৰাস্ত কৰিলে, তেতিয়াই সমগ্ৰ ইটালী তেওঁৰ শত্ৰু হৈ পৰিল।
ইটালীৰ অনুৰাগী আৰু ক্ষমতাশালী মহলৰ বাবে এই পৰাজয় আছিল এক চৰম অপমান। একে সময়তে ফিফাৰ তদানীন্তন সভাপতি জোৱাও হাভেলেঞ্জৰ (João Havelange) চকুৰ কূটা হৈ পৰিছিল মাৰাডোনা, কাৰণ তেওঁ সদায় ফিফাৰ দুৰ্নীতি আৰু একনায়কত্ববাদৰ বিৰুদ্ধে মুকলিকৈ মাত মাতি আহিছিল।
ইটালীৰ মাফিয়া (Camorra) আৰু ড্ৰাগছৰ জাল
নেপছত থকাৰ সময়ছোৱাতে মাৰাডোনা ইটালীৰ কুখ্যাত মাফিয়া সংগঠন ‘কেমোৰা’ (Camorra) ৰ জালত আৱদ্ধ হৈ পৰিছিল। মাফিয়াই তেওঁক কোকেইন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰীৰ যোগান ধৰিছিল বুলি অভিযোগ উঠিছিল। যেতিয়ালৈকে মাৰাডোনাই ইটালীক সন্তুষ্ট কৰি ৰাখিছিল, তেতিয়ালৈকে সকলো গোপন আছিল। কিন্তু ১৯৯০ চনৰ ছেমিফাইনেলৰ পিছত, ইটালীৰ ব্যৱস্থাই তেওঁৰ ওপৰত সুৰক্ষাৰ হাত আঁতৰাই দিলে। ১৯৯১ চনত তেওঁক প্ৰথমবাৰৰ বাবে কোকেইনৰ বাবে ১৮ মাহৰ বাবে নিষিদ্ধ কৰা হয়, যিটো বহু বিশেষজ্ঞৰ মতে মাফিয়া আৰু স্থানীয় প্ৰশাসনৰ এক যুটীয়া প্ৰতিশোধ আছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰ আৰু ‘গোপন চুক্তি’
১৯৯৪ চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। আমেৰিকাত ফুটবল জনপ্ৰিয় কৰিবলৈ ফিফাক এজন গোলকীয় তাৰকাৰ প্ৰয়োজন আছিল। কোৱা হয় যে আমেৰিকাৰ প্ৰাক্তন বৈদেশিক সচিব হেনৰী কিছিঞ্জাৰে ফিফাক স্পষ্টকৈ কৈছিল, “আমাৰ মাৰাডোনাক লাগিবই। আলোচনা ইমানতেই শেষ।”
সেই সময়ত মাৰাডোনাৰ ওজন বৃদ্ধি পাইছিল আৰু তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছিল। আৰ্জেন্টিনা ফুটবল এছ’চিয়েচনৰ সভাপতি জুলিঅ’ গ্ৰণ্ডোনাই মাৰাডোনাক ওভতাই আনিবলৈ ফিফাৰ সৈতে এক ‘গোপন বুজাবুজি’ কৰিছিল বুলি চৰ্চা হয়। মাৰাডোনাই ওজন কমাবলৈ আৰু ফিট হ’বলৈ কিউবাত তীব্ৰ প্ৰশিক্ষণ লৈছিল আৰু ইফেড্ৰিন (Ephedrine) নামৰ নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰিছিল। চুক্তি আছিল— আমেৰিকাত দৰ্শক টানিবলৈ ফিফাই মাৰাডোনাৰ ডোপিং টেষ্ট নকৰে।
মতাদৰ্শগত সংঘাত: পুঁজিবাদ বনাম কিউবাৰ সাম্যবাদ
ডিয়েগ’ মাৰাডোনা কেৱল এজন খেলুৱেই নাছিল, তেওঁ আছিল লেটিন আমেৰিকাৰ বাওঁপন্থী ভাবধাৰাৰ এজন প্ৰবল সমৰ্থক। কিউবাৰ কমিউনিষ্ট বিপ্লৱী ফিদেল কাষ্ট্ৰ’ আছিল তেওঁৰ পিতৃসদৃশ বন্ধু। নিজৰ দেহত চে গুৱেভাৰাৰ টেটু অংকন কৰা মাৰাডোনাই সদায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুঁজিবাদী আৰু সাম্ৰাজ্যবাদী নীতিৰ মুকলি সমালোচনা কৰিছিল।
যেতিয়া মাৰাডোনাই ১৯৯৪ চনৰ বিশ্বকাপত পুনৰ আকৰ্ষণীয় প্ৰদৰ্শন কৰি গ্ৰীচৰ বিৰুদ্ধে বিশ্ববিখ্যাত গ’লটো দিলে, তেতিয়া ফিফা আৰু পশ্চিমীয়া শক্তিৰ মাজত ত্ৰাসৰ সৃষ্টি হ’ল। এজন কট্টৰ আমেৰিকা-বিৰোধী, বাওঁপন্থী আদৰ্শৰ খেলুৱৈয়ে আমেৰিকাৰে মাটিত বিশ্বকাপ ট্ৰফী দাঙি ধৰাটো পশ্চিমীয়া পুঁজিবাদী শক্তি আৰু ব্যৱসায়িক স্বাৰ্থান্বেষী ফিফাই কেতিয়াও বিচৰা নাছিল। ফলস্বৰূপ, গোপন চুক্তি ভাঙি পেলোৱা হ’ল আৰু নাইজেৰিয়াৰ খেলৰ পিছতে তেওঁক ডোপ টেষ্টত ধৰা পেলাই বিশ্বকাপৰ পৰা বহিস্কাৰ কৰা হ’ল।
এক ৰাজনৈতিক হত্যা
মাৰাডোনাৰ এই কৰুণ বিদায় কেৱল খেলৰ নিয়ম উলংঘাৰ বাবে হোৱা নাছিল, ই আছিল ফুটবলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূ-ৰাজনৈতিক ষড়যন্ত্ৰ। ফিফাৰ ব্যৱসায়িক স্বাৰ্থ, ইটালীৰ মাফিয়াৰ প্ৰতিশোধ আৰু পুঁজিবাদী শক্তিয়ে মিলি ফুটবল জগতৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটোক খেলপথাৰৰ পৰা চিৰদিনৰ বাবে বিদায় দিবলৈ বাধ্য কৰিলে।







