জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, August 24, 2026

ইতিহাস বিকৃতকৰণ আৰু আঞ্চলিক স্বাভিমানৰ অৱমাননা: শ্বহীদ ৰতন কছাৰীৰ পথৰ নাম সলনিৰ সিদ্ধান্ত এক চৰম ধিক্কাৰজনক পদক্ষেপ !

by Dr Netraranjan
2 minutes read
Renaming Ratan Kachari Road

১৯৪২ চনৰ ঐতিহাসিক ‘ভাৰত ত্যাগ আন্দোলন’ আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক অন্যতম গৌৰৱোজ্জ্বল অধ্যায়। বৃটিছৰ শোষণ আৰু উপনিৱেশিক শাসনৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমৰো চুকে-কোণে জ্বলি উঠিছিল দেশপ্ৰেমৰ জুই। বিশেষকৈ ঢেকীয়াজুলী অঞ্চলত হোৱা গণ-জাগৰণ আৰু বৃটিছ পুলিচৰ বৰ্বৰ গুলীচালনাত একেদিনাই ১৩ গৰাকীকৈ বংগীয় তথা অসমীয়া বীৰ-বীৰাংগনাই নিজৰ প্ৰাণ আহুতি দি ইতিহাস সৃষ্টি কৰিছিল। ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিৱদ্ধ থকা এই ১৩ গৰাকী মহান শ্বহীদৰ অন্যতম আছিল বীৰ শ্বহীদ ৰতন কছাৰী। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে, যি গৰাকী শ্বহীদে দেশৰ স্বাধীনতাৰ বাবে নিজৰ বুকুৰ কেঁচা তেজ ঢালি দিলে, আজি নিজৰ মাটিতেই তেওঁৰ নাম মচি পেলাবলৈ নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

শেহতীয়াকৈ অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল আৰু ঢেকীয়াজুলি পৌৰসভাই এক হঠকাৰী তথা অতি নিন্দনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। ঢেকীয়াজুলীৰ মহান সংগ্ৰামী শ্বহীদ ৰতন কছাৰীৰ স্মৃতিত থকা ঐতিহাসিক পথটোৰ নাম সলনি কৰি ‘শ্যামাপ্ৰসাদ মুখাৰ্জী’ পথ হিচাপে পুনৰ নামাকৰণ কৰাৰ যি কুচকাৱাজ চলোৱা হৈছে, ই কেৱল ক্ষমতাৰ দম্ভই নহয়, বৰং অসমৰ জাতীয় স্বাভিমান আৰু স্বাধীনতা সংগ্ৰামীসকলৰ চৰম অপমান।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে সততে ‘জাতীয়তাবাদ’ আৰু ‘দেশপ্ৰেম’ৰ দীঘলীয়া ভাষণ দিয়ে, কিন্তু তেওঁলোকৰ কৰ্মকাণ্ডই প্ৰমাণ কৰে যে তেওঁলোকৰ মনত অসমৰ ভূমিপুত্ৰ আৰু প্ৰকৃত স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি তিলমানো শ্ৰদ্ধা নাই। শ্যামাপ্ৰসাদ মুখাৰ্জী নিশ্চয় এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আছিল, কিন্তু তেওঁৰ নাম জাপি দিবলৈ গৈ ঢেকীয়াজুলীৰ এজন থলুৱা শ্বহীদৰ নাম বিলুপ্ত কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। এই সিদ্ধান্তই চৰকাৰখনৰ ইতিহাসবোধৰ চৰম দেউলীয়া আৰু সংকীৰ্ণ ৰাজনৈতিক উদ্দেশ্য স্পষ্টকৈ উদঙাই দেখুৱাইছে।

অসমবাসীৰ স্বাভিমানত আঘাত সানি চৰকাৰে কাক সন্তুষ্ট কৰিব বিচাৰিছে? নিজৰ ৰাজনৈতিক এজেণ্ডা আৰু ভোটবেংক সুৰক্ষিত কৰিবলৈ গৈ অসমৰ ইতিহাস আৰু শ্বহীদৰ আত্মবলিদানক অবমূল্যায়ন কৰাৰ এই অধিকাৰ মন্ত্ৰী অশোক সিংহল বা ঢেকীয়াজুলি পৌৰসভাক কোনে দিলে? যি মাটিত শ্বহীদৰ তেজ পৰিছিল, সেই মাটিতেই আজি তেওঁলোকৰ অস্তিত্বক চৰকাৰীভাৱে নসাৎ কৰিবলৈ বিচৰা কাৰ্যই প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ বিবেকক জোকাৰি গৈছে।

ইতিহাস সাক্ষী আছে, যি জাতিয়ে নিজৰ শ্বহীদ আৰু পূৰ্বপুৰুষক সন্মান জনাব নাজানে, সেই জাতিৰ ভৱিষ্যত অন্ধকাৰ। ৰাজনৈতিক ক্ষমতা আৰু উগ্ৰ কেন্দ্ৰীয়তাবাদী মানসিকতাৰ বশৱৰ্তী হৈ লোৱা এনেধৰণৰ হঠকাৰী আৰু বিভেদমূলক সিদ্ধান্ত অসমবাসীয়ে কেতিয়াও মানি নলয়। আমি অনতিপলমে ঢেকীয়াজুলি পৌৰসভা আৰু মন্ত্ৰী অশোক সিংহলক এই গণ-বিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছোঁ। অন্যথা, শ্বহীদৰ তেজৰ অপমান কৰা এই শাসকীয় শক্তিক অসমৰ সচেতন জনতাই ইতিহাসৰ কাঠগড়াত থিয় কৰাবলৈ বাধ্য হ’ব। শ্বহীদ ৰতন কছাৰী আমাৰ গৌৰৱ আছিল, আছে আৰু চিৰকাল থাকিব। চৰকাৰী ফলি সলালেই ইতিহাস মচি পেলাব নোৱাৰি!

Was this article helpful?
Yes0No0

You may also like