দেশৰ জনমূৰি আয়ৰ ক্ৰমবৰ্ধমান গতিৰ যিখন ছবি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰিছে, সেইখন সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এমুঠিমান পুঁজিপতি, উদ্যোগপতি আৰু ভূস্বামীয়ে দেশৰ সৰহখিনি সম্পদ ভোগ কৰি আহিছে। ফলস্বৰূপে দেশৰ সৰহসংখ্যক লোক অন্ন, বস্ত্ৰ, বাসস্থান, স্বাস্থ্য সেৱা আৰু শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে। স্বাধীনতা লাভৰ ৭৬ বছৰতো ৭৫ কোটি ভাৰতীয়ই নিশা খালী পেটে শুবলৈ যায়। তেনেদৰে দেশৰ আইন আদালতো ধনিক শ্ৰেণীৰ দ্বাৰা অধিকৃত হোৱা বুলি কোৱা হৈছে। ‘ লেখক ৰমেন চন্দ্ৰ বৰঠাকুৰৰ এলানি নিৰ্বাচিত প্ৰৱন্ধৰ সংকলন ‘বুলড’জাৰৰ ৰাজনীতি’ৰ আগকথাত এই তাৎপৰ্যপূৰ্ণ অভিমত ব্যক্ত কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দেশৰ এগৰাকী বৰ্ষীয়ান সাংবাদিক কনকসেন ডেকাই। অসমৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিনে জড়িত থাকি সমাজৰ এগৰাকী অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰি অহা ৰমেন চন্দ্ৰ বৰঠাকুৰৰ একুৰি পাঁচটা প্ৰৱন্ধৰ সংকলন ‘বুলড’জাৰৰ ৰাজনীতি’ । ইয়াত সন্নিৱিষ্ট প্ৰায় প্ৰতিটো লেখাই পূৰ্বে দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, আমাৰ অসম, অসমীয়া খবৰ আদি কাকতত প্ৰকাশ পাইছে। সমাজ বা ৰাষ্ট্ৰত সংঘটিত প্ৰতিটো ঘটনাৰ প্ৰতি লেখকৰ সুতীক্ষ্ণ পৰ্যবেক্ষণ, প্ৰান্তীয় শ্ৰেণীৰ নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰৰ অৱহেলা, শাসকে কুক্ষিগত কৰা দেশৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতি অহা ভাবুকি, বৰ্তমান চৰকাৰৰ আমোলত জনসাধাৰণৰ নিৰাপত্তাহীনতা, ভাষা আৰু শিক্ষাৰ সংকট, কৰ্মসংস্থাপনহীনতাৰ প্ৰত্যাহ্বান, কৃষি অৰ্থনীতিৰ সংকট, উচ্ছেদৰ বলি হোৱা সংখ্যালঘু নাগৰিকৰ জীৱনৰ অধিকাৰ আদি বিষয় সমূহৰ ওপৰত গভীৰ দৃষ্টিপাতে বৰঠাকুৰক এগৰাকী বৌদ্ধিক চিন্তা-চৰ্চাৰ অধিকাৰী নিৱন্ধকাৰ ৰূপে প্ৰতিষ্ঠা কৰিছে। সুদীৰ্ঘ কাল ধৰি ৰাজহুৱা জীৱন কটোৱা এগৰাকী ব্যক্তি হিচাপে তেওঁৰ প্ৰতিটো লেখাত সমাজত সংঘটিত ঘটনা-পৰিঘটনা তথা চৰকাৰৰ কাম-কাজৰ নিৰপেক্ষ বিশ্লেষণৰ চেষ্টা কৰিছে।
সংকলনখনিত সন্নিৱিষ্ট প্ৰথমটো প্ৰৱন্ধ ‘বাল্য বিবাহ প্ৰতিৰোধত ব্যৰ্থতাৰ বাবে প্ৰকৃততে দায়ী কোন’ত বিষয়টো সন্দৰ্ভত আইনী দিশসমূহ চালি-জাৰি চোৱাৰ লগতে বিগত দিনত বাল্য বিবাহ ৰোধত চৰকাৰ- প্ৰশাসনৰ ব্যৰ্থতাৰ কঠোৰ সমালোচনা কৰিছে। এগৰাকী তীক্ষ্ণধী সমালোচকৰ দৃষ্টিৰে তেওঁ প্ৰশ্ন কৰিছে – ‘ যথাযথ জীৱন যাপন কৰাত উৎসাহ প্ৰদান কৰা, দেশখনৰ সমগ্ৰ সম্পদ দুজনমান কৰ্পৰেটৰ হাতত গতাই দিয়া, সামূহিক হিতৰ সলনি সমূহলৈ সৰ্বনাশ নমাই অনা, দেশখনৰ কোটি কোটি লোকক প্ৰয়োজনীয় পৰিপুষ্টি, চিকিৎসাৰ সুবিধা প্ৰদান আদি কল্যানকামী কাৰ্যত চূড়ান্ত বিফলতা দেখুওৱা, সুৰা বিক্ৰী কৰি দেশ ৰাজ্য চলাবলৈ বিচৰা আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰ সমূহে আকস্মিক ভাৱে সমাজসংস্কাৰৰ ক্ষিপ্ৰতা দেখুৱাই আচলতে কি সাব্যস্ত কৰিব বিচাৰিছে? ‘
দেশত আজি লাখ লাখ কৃষকে আত্মহত্যা কৰিছে। বিভিন্ন ৰাজ্যত কৃষকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে। ভাল দিনৰ সপোন দেখুওৱা চৰকাৰৰ দিনত সাধাৰণ নাগৰিকে দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । দৰিদ্ৰতা, ক্ষুধা আৰু কৰ্মসংস্থাপনহীনতা হৈছে আজিৰ ভাৰতবৰ্ষৰ জ্বলন্ত সমস্যা। ‘অচ্ছে দিন নে মৃত্যুৰ দিন’ শীৰ্ষক প্ৰৱন্ধটিত লেখকৰ চিন্তাৰ গভীৰতাই সাধাৰণ পাঠকৰ মনোজগত আলোড়িত কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰৰ বছৰি এক লাখ নিবনুৱাৰ কৰ্মসংস্থানৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰ্যবসিত হৈছে । সংকলনখনিত অন্তৰ্গত লেখা সমূহত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ ৰঙা বাছৰ দুৰৱস্থা, গুৱাহাটী মহানগৰীৰ উন্নয়নৰ ভেকোঁভাওনা, স্মাৰ্ট চিটী নিৰ্মাণত ব্যৰ্থতা, মহানগৰবাসীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আদি বিষয়সমূহৰ বস্তুনিষ্ঠ পৰ্যবেক্ষণে স্থান লাভ কৰিছে। নিৰ্বাচনৰ পূৰ্বে সীমাহীন সপোনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে সেইবোৰ পূৰণ কৰিব পৰা নাই। একাধিক প্ৰৱন্ধত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে লেখকৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে। উল্লেখ্য যে ‘বুলড’জাৰৰ ৰাজনীতি’ শীৰ্ষক গ্ৰন্থখনিত বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিপৰীতে সুদীৰ্ঘ দিনে দেশত কংগ্ৰেছ চৰকাৰে কৰা যুগান্তকাৰী কাম- কাজৰ প্ৰশংসা কৰা হৈছে। ‘কংগ্ৰেছ নেতৃত্বৰ কেতবোৰ যুগান্তকাৰী সিদ্ধান্ত’ত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আমোলত প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
ইপিনে ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বাজেটত ধন হ্ৰাস কৰাৰ ফলত বছৰি শ শ চৰকাৰী বিদ্যালয় বন্ধ কৰিবলগীয়া হৈছে । বৰ্তমান চৰকাৰে মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ত তলা লগাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক উৎসাহিত কৰিছে। খালী পদত নিযুক্তি দিব পৰা নাই। বহু বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নাই । চৰকাৰৰ উদাসীনতাই ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ পৰিবৰ্তে সমগ্ৰ চৰকাৰী শিক্ষা খণ্ডক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । লেখক ৰমেন চন্দ্ৰ বৰঠাকুৰে এই বিষয়সমূহ অতি সুক্ষ্মভাবে পৰ্যবেক্ষণ কৰি জনমানসত স্পষ্ট ৰূপত তুলি ধৰিছে। এগৰাকী লেখক তথা সমসাময়িক ঘটনাৱলীৰ বিশ্লেষক হিচাপে এয়া তেওঁৰ সফলতা।
অতি উদ্বেগেৰে লেখক বৰঠাকুৰে লক্ষ্য কৰিছে যে আমাৰ ৰাজ্য তথা দেশৰ আন প্ৰান্ততো শাসনাধিষ্ঠিত চৰকাৰৰ দ্বাৰা ক্ষমতাৰ অপপ্ৰয়োগ কৰা হৈছে । শাসক সকলে গণতান্ত্ৰিক প্ৰমূল্যবোধ সমূলি বিসৰ্জন দি স্বৈৰতান্ত্ৰিক পন্থা গ্ৰহণ কৰিছে। প্ৰৱল প্ৰতাপী চৰকাৰে সাধাৰণ কথাতে নাগৰিকৰ ওপৰত বলপ্ৰয়োগ কৰিছে। চৰকাৰৰ বৰমূৰীয়া সকলৰ নিৰ্দেশত আৰক্ষীয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে । আইনৰ শাসন অৱমাননা কৰি দুৰ্বল মানুহৰ জীৱন- জীৱিকাৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। ছিপাঝাৰৰ ধলপুৰৰ অমানৱীয় উচ্ছেদৰ ন্যায়িক দিশ লেখকে সবিস্তাৰে বিশ্লেষণ কৰি চৰকাৰৰ বুলড’জাৰ প্ৰয়োগৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে। মাথোঁ বাছি বাছি এটা ধৰ্মীয় জনগোষ্ঠীৰ ওপৰত বুলড’জাৰ চলোৱাৰ নীতিৰ বিৰুদ্ধে লেখকক সৰৱ হোৱা পৰিলক্ষিত হৈছে। ধলপুৰৰ উচ্ছেদৰ পিছত লিখা ‘ৰাজনৈতিক উচ্ছেদ বনাম ৰাজনৈতিক বেদখল’ শীর্ষক এটা নিৱন্ধত চৰকাৰৰ স্বৈৰাচাৰী ভূমিকা উদঙাই দিছে। আনহাতে গ্ৰন্থখনৰ নামৰ সৈতে একে শিৰোনামাৰ’ ‘বুলড’জাৰৰ ৰাজনীতি’ শীর্ষক লেখাটোত বটদ্ৰৱা কাণ্ডৰ প্ৰকৃত সত্য উন্মোচিত হৈছে। আৰক্ষী থানাত এজন অভিযুক্তৰ মৃত্যু আৰু তাৰ পিছত তেওঁৰ ঘৰ বুলড’জাৰৰে ভাঙি দিয়া ঘটনা আছিল হৃদয়বিদাৰক। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীক দিয়া কঠোৰ সকীয়নি আৰু জৰিমনা আদায়ৰ নিৰ্দেশ সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছে। লেখক ৰমেন চন্দ্ৰ বৰঠাকুৰে ন্যায়ালয়ৰ ভূমিকাত আস্বস্ত হোৱাৰ লগতে আৰক্ষীক ভৰ্ৎসনা কৰি ন্যায়ালয়ে উত্থাপন কৰা প্ৰশ্ন সমূহো উল্লেখ কৰে। বটদ্ৰৱা কাণ্ড সন্দৰ্ভত চৰকাৰ আৰু আৰক্ষীক ভৰ্ৎসনা কৰি কোৱা হৈছিল – ‘তদন্ত প্ৰক্ৰিয়াৰ নামত বিধি বহিৰ্ভূতভাৱে কাৰো ঘৰত বুলড’জাৰ চলোৱাৰ ব্যৱস্থা ফৌজদাৰী আইনত নাই। কোনো অপৰাধৰ তদন্তৰ নামত আৰক্ষীয়ে বুলড’জাৰ লগাই কোনো নাগৰিকৰ ঘৰ ভাঙিব পাৰে নে? কাইলৈ কিবা এটা থকা বুলি কৈ আদালতৰ কক্ষও খান্দি পেলাব নেকি? এনে দৃশ্য হিন্দী চিনেমাতো দেখা নাই । ৰোহিত শ্বেঠীয়ে ইয়াৰ ওপৰত চিনেমা নিৰ্মাণ কৰিব পাৰে। এয়া গেং ৱাৰ নে তদন্ত?’
গুৱাহাটীৰ ৰাজগড়স্থিত বুকবেলে প্ৰকাশ কৰি উলিওৱা ‘বুলড’জাৰৰ ৰাজনীতি’ শীৰ্ষক গ্ৰন্থখনিৰ প্ৰচ্ছদ আৰু অলংকৰণ কৰিছে মৃদুল নাথে। ১২০ পৃষ্ঠাৰ পকাবন্ধা সংকলনখনিৰ মূল্য ২৪৯ টকা
(লেখকৰ ঠিকনা
আব্দুল আলিম
৭ হিলভিউ পথ, এফ এ আহমেদ ৰোড ছয়মাইল, গুৱাহাটী ২২
ফোন- ৭০০২০০৭৩২৪)