জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 8, 2026

by Janagana Desk
1 minutes read

ভুৱা এনকাউণ্টাৰৰ লাগে উচিত তদন্ত। কোকৰাঝাৰ , শদিয়াৰ এনকাউন্টাৰ ,নগাঁৱৰ কীৰ্তিকমল বৰাৰ ভুৱা এনকাউন্টাৰ আদিৰ পিছতে আকৌ পুনৰাবৃত্তি ভুৱা এনকাউন্টাৰ। ধিং কাণ্ডৰ অভিযুক্ত তফজ্জুলৰ মৃত্যুক লৈ বিপদত এতিয়া নগাঁও আৰক্ষী! এতিয়া নগাঁওত আৰক্ষীৰ বিৰুদ্ধে তফাজ্জুলৰ পৰিয়ালৰ। ধিঙত সংঘটিত হোৱা জঘন্য কাণ্ডৰ পাছৰে পৰাই সমগ্ৰ ৰাজ্যজুৰি ন্যায়ৰ দাবীত ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।এই ঘটনাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও কঠোৰ হৈছিল দোষীক শাস্তিৰ দিয়াৰ বাবে। ইমান খিনিলৈ ঠিকেই আছিল, দোষী যেতিয়া শাস্তি পোৱাটো প্ৰাপ্য।

মূল অভিযুক্ত তফজ্জুলৰ সলনি এনকাউণ্টৰ কৰা হৈছিল অন্য জন নিৰ্দোষী তফজ্জুলক । প্ৰশংসাৰে পঞ্চমুখ কৰা আৰক্ষীয়ে প্ৰকৃততে নিৰ্দোষী যুৱক এজনক হে হত্যা কৰিলে ।সংবিধানে জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিবলৈ কাকো অনুমতি দিয়া নাই, তেনে স্থলত শুদ্ধ বিচাৰ নকৰাকৈ এজন নিৰপৰাধী লোকক হত্যা কৰাটো অত্যন্ত লাজৰ বিষয় লগতে এক প্ৰকাৰৰ অন্যায়। এক গভীৰ অপৰাধৰ তদন্ত প্ৰক্ৰিয়া ইমান সহজভাৱে লৈছিল নে ? সামান্য নূন্যতম জ্ঞানৰ অভাৱে অপৰাধীক শাস্তি দিয়াৰ বিপৰীতে নিৰ্দোষীক শাস্তি বিহিছিল যাৰ ক্ষতিপূৰণ দিয়াটো অসম্বৱ। এই তীক্ষ্ণ আৰু ক্ষিপ্ৰ মগজুৰ ব্যৱহাৰ কৰা হলে নিশ্চয় মুক্ত ভাৱে বিচৰণ নকৰিল হয়। প্ৰশাসন এই বিষয়ত অধিক কঠোৰ হওঁক, পুনৰ যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে।

Was this article helpful?
Yes0No0

You may also like