জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

by Janagana Desk
1 minutes read

গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ (GMDA) দায়িত্বজ্ঞানহীনতাৰ ফল ভুগিছে মহানগৰবাসীয়ে। বিশেষকৈ অগ্নি নিৰ্বাপক ব্যৱস্থাৰ চালুকীয়া অৱস্থা। যেন চকু মুদা কুলিৰ ভাওত কর্তৃপক্ষ। অগ্নি নিৰ্বাপক ব্যৱস্থা নাই ফাষ্ট ফুডৰ দোকানৰ পৰা আৰম্ভ কৰি অন্যান্য প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় , শপিং মল ইত্যাদিত। সুৰক্ষাৰ নামত নাই অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতা। গুৱাহাটীৰ শপিং মলত নাই অগ্নি সুৰক্ষাৰ কোনো নিয়ম অথবা SOP। এই উচ্চ অট্টালিকা আৰু শোপিং কমপ্লেক্স বোৰক অনুমোদন দিওঁতে অগ্নি নিৰ্বাপক ব্যৱস্থাৰ তদাৰক হৈছেনে ? তত্বাৱধান বুলিলে আছে মাত্ৰ অসুৰক্ষিত বাতাবৰণ, যত যি কোনো মূহুৰ্ততে সংঘটিত হব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ ।

আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ বাবেই বিধ্বংসী ৰূপ লয় অগ্নিকাণ্ডই ৷ প্ৰয়োজনত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত থাকিব নোৱাৰে যাতায়তৰ সূচল ব্যৱস্থাৰ অভাৱত। মহানগৰীত সঘনাই সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা জীৱন–সম্পত্তিৰ সুৰক্ষা প্রদানৰ বাবে জৰীপ চলোৱাৰ পিছতো আজিলৈকে জৰীপ সম্পূর্ণ কৰি আসোঁৱাহসমূহ দূৰ কৰাৰ ক্ষেত্রত বিভাগীয় কর্তৃপক্ষৰ হেমাহিয়ে এনেধৰনৰ কাণ্ড বৃদ্ধি কৰিছে।

অতি সোনকালে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্চনীয়। ভৱিষ্যতে অগ্নি সুৰক্ষাৰ নিয়ম সূচাৰুৰূপে ৰূপায়ন তথা পৰিচালনাত কর্তৃপক্ষৰ গাফিলতি সহ্য কৰা নহব।

Was this article helpful?
Yes0No0

You may also like