জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

by Dr Netraranjan
1 minutes read

অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভৰ দিনাই শাসনাধিন সভাপতিৰ তুলুঙা মন্তব্য। অসম চৰকাৰে আৰম্ভ কৰা অসম অৰুণোদয় আঁচনিখন আৰ্থিকভাৱে বঞ্চিত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে, বিশেষকৈ মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক উল্লেখযোগ্য কল্যাণমূলক পদক্ষেপ। ইমান খিনীলৈ ঠিকেই আছিল । কেনা লাগিল শাসনাধিষ্ঠিত বিজেপিৰ সভাপতি ৰ সোতৰ বিপৰীতে যোৱা মন্তব্যত । গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাইজৰ ভোটেৰে শাসন অধিষ্ঠিত কৰা নেতাই হিতাধিকাৰিৰ বাবে বান্ধি দিলে যোগ্যতা, এই যোগ্যতা শুনিলে চকু কপালত উঠিব সাধাৰণ ৰাইজৰ। বিজেপি দলৰ সদস্যৰ প্ৰমাণ পত্ৰই হে নিশ্চিত কৰিব অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম । গতিকে ৰাইজ গম পালেনে অৰুনোদয় আঁচনি পাবলৈ আপুনি হব লাগিব শাসক দলৰ পক্ষৰ নাইবা সমৰ্থক। ৰাইজৰ বাবে এইয়া আহ্বান নে মুকলি ভাবুকি । ১৩৫০ পাবলৈ হিতাধিকাৰী হোৱাৰ প্ৰয়োজন নাই, বাধ্যতামূলক বিজেপি দলৰ সদস্য হলেই হব অন্যথা বঞ্চিত হব প্ৰকৃত হিতাধিকাৰী অৰ্থাৎ দৰিদ্ৰ মহিলা বিশেষকৈ বিধৱা, শাৰীৰিকভাৱে সক্ষম সেই সকল লোক যি প্ৰকৃতাৰ্থত যুঁজিব লাগিছে এমুঠি আহাৰৰ বাবে ।

শিল্পী আৰু শিক্ষকক চৰকাৰে হিতাধিকাৰী সজোৱা চৰকাৰৰ আঁচনিখন ভোট কিনাৰ অস্ত্ৰ নেকি ? আঁচনিৰ পৰা বঞ্চিত লোকৰ আৰ্থিক দুৰৰ্বস্থা চৰকাৰৰ দৃষ্টিগোচৰ নহয়। দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ পৰিৱৰ্তে আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালৰ মহিলাৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰিৰ লিষ্টত । আৰ্থিক স্থিতিশীলতাক সহায় কৰা চৰকাৰৰ এনে ধৰণৰ কাৰ্য্য নিন্দনীয়। ৰাইজৰ বাবে আগবঢ়োৱা আঁচনি ৰাইজৰ নহৈ বিশেষ দলৰ হে অধীন হব ধৰিছে ।

উল্লেখনীয় ৰাজ্যত এতিয়া যে ৩ কোটি, ৩০ লাখ জনতাৰ ২ কোটি ৯০ লাখেই হিতাধিকৰী। ঋণ গ্ৰস্ততাৰ লগতে দুৰ্বল আৰ্থিক অৱস্থাৰ পিছতো ৰাজ্যত হিতাধিকাৰীৰ লিষ্ট আকাশলংঘী।আঁচনি ৰূপায়নৰ কাৰ্য্যসূচিত দেখা দিয়া অনিয়ম, ব্যৰ্থতা, বেমেজালিৰ পিছতো অত্যধিক হিতাধিকাৰী বৃদ্ধিত উঠি পৰি নামিছে চৰকাৰ । আঁচনি ৰূপায়নতেই লাগি নাথাকি প্ৰকৃততে আঁচনি খনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছেনে তাৰো বিচাৰ কৰক ৰাজ্য চৰকাৰ । সাধাৰণ ৰাইজৰ পৰা সুবিধা লোৱাৰ সলনি সুবিধা দিয়াত হে গুৰুত্ব আৰোপ কৰা উচিত চৰকাৰে। আঁচনিৰ অধীনত কিমানটা পৰিয়াল উপকৃত হৈছে, নে চৰকাৰৰ ধন চৰকাৰী বিষযাৰ জেপত সোমাইছে, কিমান পৰিয়াল দৰিদ্ৰ, প্ৰাপ্য হোৱাৰ পিছতো প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে তাৰ তথ্যভিত্তিক অনুসন্ধান কৰক।

Was this article helpful?
Yes0No0

You may also like