জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

কোৰোণাৰে চপাইছে অনুসূচিত জাতিৰ নামত অহা ধন ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱৰ সম্পত্তিৰ দস্তাবেজ ফাদিল সুবৰ্ণময় দেৱ-লিটন মিত্ৰৰ কব্জাত অনুসূচিত জাতি সঞ্চালকালয়

by Janagana Desk
4 minutes read

অসমৰ অনুসূচিত জাতিৰ লোকৰ বাবে ৰূপায়ন কৰা আঁচনিৰ ধনেৰে কেৱল তিনিজন মাত্ৰ লোক ধনী হৈছে৷ সেই তিনিজন লোক হৈছে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালিকা কুলশ্ৰী নাথ, দুই সহযোগী হৈছে কুখ্যাত ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ৷ আজি এই অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটোৱে৷ সংগঠনটোৱে আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা সংবাদমেলত অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত সংঘটিত দুৰ্নীতিৰ ভয়াবহ ছবিখন উদঙাই দি কয় যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ব্লেক লিষ্টেড ঠিকাদাৰক বৰপীৰা পাৰি দি লুণ্ঠন চলোৱা হৈছে৷ কৃষি বিভাগৰ সাৰ কেলংকাৰী সংঘটিত কৰা শ্বাহী নামে কুখ্যাত ঠিকাদাৰক ঠিকা লাভৰ সুবিধা দিয়া হৈছে৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জহাই ফুৰা লিখন চমুৱাক ঠিকা দি লুণ্ঠন কৰা হয়৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া লিখন চমুৱা কাৰ্যালয়টোত উঠি ৰজা বহি ৰজা৷ সংগঠনটোৱে সঞ্চালকালয়ৰ কাৰ্যালয়টোৰ ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱে গুৱাহাটীৰ য’তে ত’তে মাটি কিনাৰ তথ্য দাঙি ধৰে৷ ৰুক্মিনীগাঁৱত তিনি কঠা মাটি ক্ৰয় কৰি তিনিমহলীয়া অট্টালিকা নিৰ্মাণ কৰিছে দেৱে৷ ডাউন-টাউনত থ্ৰি-বিএইচকে ফ্লেট ক্ৰয় কৰিছে৷ লগতে থ্ৰি-বিএচকে ফ্লেট আৰু পৰিয়ালৰ নামত জ্ঞাত-অজ্ঞাত সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ ইমানে সুবৰ্ণময় দেৱে কাৰ্যালয়ত মদৰ আড্ডা কৰাৰ লগতে হাফপেণ্ট পিন্ধি কাৰ্যালয়লৈ অহাৰ অভিযোগ আনে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ আজি সংবাদমেলত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱৰ সম্পত্তিৰ স্থিৰ চিত্ৰ প্ৰদৰ্শন কৰি শীঘ্ৰে অবৈধভাৱে গঢ়া সম্পত্তিৰ তদন্তৰ দাবী উত্থাপন কৰিছে৷ সংগঠনটোৱে উল্লেখ কৰা মতে, সুবৰ্ণময় দেৱ প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈছে৷ কিয়নো অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ নিবিদাৰ নিয়ন্ত্ৰণ তেওঁৰ হাতত৷ ঠিকাদাৰ তেওঁৰ হাতত৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ পৰা অনুসূচিত জাতিৰ পৰিৱৰ্তে লিটন মিত্ৰ, সুবৰ্ণময় দেৱৰ উন্নতি হৈছে৷ সুবৰ্ণময় দেৱৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ আৰু অসমৰ চিআইডিৰ দ্বাৰা তদন্ত কৰা হওক৷ প্ৰায় ৫০ হাজাৰ টকা দৰমহা পোৱা এজন লোকে কেইটামান বছৰৰ ভিতৰত ইমান সম্পত্তি গঢ়িলে কেনেকৈ? ইতিমধ্যে সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ সমস্ত তথ্য প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগক অৱগত কৰিছে৷ সংগঠনটোৱে কয় যে সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ সম্পত্তিৰ তথ্য ৰাজহুৱা নোহোৱা পৰ্যন্ত এৰি নিদিও৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ষ্টেনোগ্রাফাৰ পদৰ প্ৰয়োজনীয়তা নাই বুলি দাবী কৰি সংগঠনটোৱে কয় যে সুবৰ্ণময় দেৱক শীঘ্ৰে ডেপুটেচনত অন্য কাৰ্যালয়লৈ বদলি কৰক৷ ইপিনে প্ৰকল্প বিষয়া লিটন মিত্ৰ অৰ্থনৈতিক পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী। লিটন মিত্ৰক বদলি কৰা হৈছিল যদিও ন্যায়ালয়ৰ কাষ চাপি পিতৃৰ ৰোগৰ বাবে বদলি স্থগিত কৰিছিল৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা শীঘ্ৰে লিটন মিত্ৰক তেওঁৰ নিজৰ বিভাগ অৰ্থনৈতিক পৰিসংখ্যা বিভাগলৈ বদলি কৰক৷ সংগঠনটোৱে বৈদ্যুতিক তাঁতশাল বিতৰণৰ নামত কোটি কোটি টকাৰ লুণ্ঠন হোৱাৰ অভিযোগ আনিছে৷ তেওঁলোকে কয় যে বৈদ্যুতিক তাঁতশালৰ নামত ৰাজকোষৰ পৰা টকা ওলাই গৈছে যদিও তাঁতশালসমূহ গুদামত পৰি আছে৷ বৈদ্যুতিক তাঁতশাল লাভ কৰা বোৱতীক প্ৰশিক্ষণ প্ৰদান কৰিব লাগিছিল যদিও আজিলৈ প্ৰশিক্ষণ প্ৰদান কৰা নহ’ল৷ সঞ্চালিকা কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ নামৰ ত্ৰিমূৰ্তিয়ে শেহতীয়াকৈ ঠিকাদাৰ নুপূৰ চাহাৰ সৈতে লগলাগি বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ আনে৷ নুপূৰ চাহাই দৰিদ্ৰ অনুসূচিত জাতিৰ লোকক টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত প্ৰায় ১৪০ কোটি টকীয়া ঠিকা লাভ কৰিছিল৷ সংগঠনটোৱে তীব্ৰ ক্ষোভ ব্যক্ত কৰি কয় যে ২০২২-২৩ বৰ্ষত অনুসূচিত জাতিৰ লোকৰ মাজত টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটি টকা লুণ্ঠন হৈছে৷ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে আঁচনি যুগুত কৰি একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ চেবুল-চকী, প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ দিয়াৰ ব্যৱস্তা কৰিছিল৷ ঠিকা লাভ কৰিছিল ঠিকাদাৰ নুপূৰ চাহাই৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে নিবিদাৰ শেষত ঠিকাদাৰক ধন মুকলি কৰি দিয়াত কিছু হিতাধিকাৰীক টিভিৰ সৈতে একোখন প্লাষ্টিকৰ টেবুল আৰু সেই টিভি বহি চাবলৈ দুখনকৈ প্লাষ্টিকৰ চকী প্ৰদান কৰা হৈছে৷ প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ পাকঘৰৰ সামগ্ৰীসমূহ যেনে প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আদি প্ৰদান কৰা হৈছে৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ কিনি ২৭০০ টকা দেখুৱাইছে৷ ৫ হাজাৰ টকীয়া টিভি ২৫ হাজাৰ টকাত কিনা দেখুওৱা হৈছে৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ এই দুৰ্নীতিত জড়িত সঞ্চালিকা কুলশ্ৰী নাথ, সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ৷ সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে কয় যে অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত টিভি আৰু পাকঘৰৰ সামগ্ৰী বিতৰণত সংঘটিত প্ৰায় ১৪০ কোটি টকীয়া দুৰ্নীতিৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগক অৱগত কৰা হৈছে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে ১৫ দিনৰ ভিতৰত তদন্ত কৰিবলৈ অসম চৰকাৰৰ মুখ্য সচিবক কঠোৰ নিৰ্দেশ দিছিল৷ কিন্তু নিৰ্দেশ অনুযায়ী তদন্ত কৰা হোৱা নাই৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত সংঘটিত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰিবলৈ মুখ্যমন্ত্ৰীক পুনৰ দাবী জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷

Was this article helpful?
Yes0No0

You may also like