জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

১০ অক্টোবৰৰ সেই তেজে ধোৱা শিহৰণকাৰী সাম্প্ৰদায়িক সংঘৰ্ষ..

by Dr Netraranjan
1 minutes read

নোৱাখালিৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ৭৮ বছৰ হল, তথাপিটো সেই বিভীষিকাৰ কাহিনী যেন আজিও সজীৱ হৈয়ে আছে।

সেয়া আছিল ১৯৪৬ চনৰ ১০ অক্টোবৰ। বংগৰ চিটাগং অঞ্চলৰ (বৰ্তমান বাংলাদেশত) নোৱাখালি জিলাত মুছলমান সম্প্ৰদায়ৰ দ্বাৰা সংঘটিত এক পৰিকল্পিত সাম্প্ৰদায়িক সংঘৰ্ষত হিন্দু সকলৰ গণহত্যা, ধৰ্ষন, অপহৰণ তথা সম্পত্তিৰ লুণ্ঠন আৰু বল পুৰ্বক ধৰ্ম পৰিবৰ্তনৰ এক কলংকৃত অধ্যায় আৰম্ভ হৈছিল। সেই হিন্দু গণহত্যা ১০ অক্টোবৰত কোজাগাৰী লক্ষ্মী পূজাৰ দিনা আৰম্ভ হৈছিল আৰু এই নৰসংহাৰ প্ৰায় এসপ্তাহ ধৰি অবিৰতভাৱে চলি আছিল। প্ৰায় 50,000 হিন্দু এই সাম্প্ৰদায়িক সংঘৰ্ষত ভুক্তভোগী হৈছিল।

সেই সাম্প্ৰদায়িক সংঘৰ্ষই নোৱাখালি জিলাৰ ৰামগঞ্জ, বেগমগঞ্জ, ৰায়পুৰ, লক্ষ্মীপুৰ, ছগলনিয়া আৰু সন্দৱিপ আৰক্ষী থানাৰ অধীনৰ অঞ্চল আৰু টিপেৰাহ জিলাৰ হাজিগঞ্জ, ফৰিদগঞ্জ, চান্দপুৰ, লক্ষম আৰু চৌদ্দাগ্ৰাম আৰক্ষী থানাৰ অধীনৰ 2,000 বৰ্গ মাইলতকৈও অধিক এলেকা প্ৰভাৱিত কৰিছিল। নোৱাখালি বাৰ এছ’চিয়েচন আৰু নোৱাখালি জিলা হিন্দু মহাসভাৰ সভাপতি ৰাজেন্দ্ৰলাল ৰায়চৌধুৰীক নিৰ্মম ভাবে হত্যা কৰা হৈছিল। অহিংসাত দৃঢ় বিশ্বাসী আচাৰ্য কৃপালানীয়ে কৈছিল যে ৰাজেন্দ্ৰলাল ৰায়চৌধুৰী আৰু তেওঁৰ পৰিয়ালে আগবঢ়োৱা প্ৰতিৰোধ হৈছে অহিংসাৰ নিকটতম পদ্ধতি। চানদ্বীপত, বিপ্লৱী তথা স্বাধীনতা সংগ্ৰামী লালমোহন সেনক হিন্দুসকলক হত্যা কৰাৰ পৰা প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাৰ সময়ত হত্যা কৰা হৈছিল।

নোৱাখলী হিংসাৰ affidavit

ন্যায়াধীশ জি ডি খোচলাৰ মতে, নোৱাখালীৰ সমগ্ৰ হিন্দু জনগোষ্ঠীৰ সকলো বোৰ সম্পত্তি লুণ্ঠন কৰা হৈছিল আৰু তাৰ পিছত জীৱিত সকলক বলপূৰ্বক ভাবে ইছলাম ধৰ্ম গ্ৰহণ কৰোৱা হৈছিল।

এই নিৰ্মম সাম্প্ৰদায়িক সংহাৰৰ পিছতেই ভাৰত বিভাজনৰ প্ৰস্তাৱ মানি লোৱা হৈছিল। সময় বাগৰিল কিন্তু সেই সাম্প্ৰদায়িক সংহাৰৰ তিক্ত স্মৃতি আজিও সজীৱ হৈ ৰল। নিৰীহ লোকৰ তেজৰ চেকুৰাৰে দেশ বিভাজন হল, কিন্তু সাম্প্ৰদায়িকতাৰ বিষবাষ্প আজিও বিদ্যমান।

আজি দূৰ্গা পূজাৰ এই পৰিবেশত আশা কৰিছোঁ যেন সমাজৰ পৰা এই অসুৰ ৰূপী সাম্প্ৰদায়িক শক্তিৰ বিনাশ হয়, সম্প্ৰদায়ৰ মাজত ঘাত প্ৰতিঘাতৰ সমীকৰণ ইমানতে শেষ হওঁক আৰু সমাজত শান্তি প্ৰতিষ্ঠা হওঁক।

Was this article helpful?
Yes0No0

You may also like