জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

by Janagana Desk
1 minutes read

ভাছন বালাৰ পৰিচালনাত কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ আধাৰত নিৰ্মিত ” Jigra” শেহতীয়াকৈ মুক্তি প্ৰাপ্ত এখন ছবি। “Jigra” এখন হৃদয়স্পৰ্শী চলচ্চিত্ৰ যিয়ে এজন ভাতৃ আৰু ভগ্নীৰ মাজৰ গভীৰ বন্ধনক সুন্দৰভাৱে চিত্ৰিত কৰিছে। “Jigra” কেৱল একচন বা ড্ৰামা চিনেমা নহয় , ই প্ৰেম, ত্যাগ আৰু স্থিতিস্থাপকতাৰ এক শক্তিশালী কাহিনী।কাহিনীটো ভগ্নী-ভাতৃৰ বন্ধনৰ ওপৰত কেন্দ্ৰীভুক্ত হয়, য’ত বিদেশত অন্যায়ভাৱে দোষী সাব্যস্ত কৰা ভায়েকক মুকলি কৰিবলৈ ছবি খনৰ মূল চৰিত্ৰ “Satya” অৰ্থাৎ ভনীয়েকে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ নিৰন্তৰে যুঁজি যায়। আৱেগ আৰু শিহৰণ মিশ্ৰিত চলচ্চিত্ৰখনত পাৰিবাৰিক প্ৰেমৰ শক্তিৰ গভীৰতা প্ৰদৰ্শিত কৰা হৈছে। ছবি খনৰ যোগাত্মক তথা অসাধাৰণ উপাদান হৈছে ইয়াৰ পৃষ্ঠভূমি সংগীত (Background music)। সঠিক সময়ত বাজি উঠা সংগীতে আৱেগিক উত্থান-পতন। চলচ্চিত্ৰখনৰ সম্পাদনা (Editing) ও সমানে প্ৰশংসনীয়। আলিয়া ভাটৰ লগতে বেদাং ৰাইনা আৰু অন্যান্য কলা কুশলীৰ অভিনয় প্ৰশংসনীয়।

ভাচান বালাই শিহৰণ, আৱেগ আৰু নাটকক সমান অনুপাতত একত্ৰিত কৰিছে।প্ৰায় চিনেমাত পুৰুষ জনক নায়কৰ চৰিত্ৰ ৰূপায়ন কৰা দেখা যায় কিন্তু এইখন ছবিত এক ব্যতিক্ৰমী কাহিনীৰ উপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে । ছবিখনত মূল নাৰী চৰিত্ৰই নিজ ভাতৃৰ স্বাৰ্থত যথেষ্ট ঘাট প্ৰতিঘাট অতিক্ৰম কৰি যুঁজ দিয়ে।

যোৱা বছৰ ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিৰে আলোড়নৰ সৃষ্টি কৰা আলিয়া ভাট পুনৰবাৰ একক অভিনয়েৰে বক্স অফিচত আলোড়নৰ সৃষ্টি  কৰা আলিয়াই “Jigra” ত সত্যৰ চৰিত্ৰত অভিনয় কৰিছে, যি তেওঁৰ দেউতাকৰ আত্মহত্যাৰ পিছত তেওঁৰ সৰু ভায়েকৰ যত্ন লয় আৰু অভিভাৱকৰ দায়িত্ব পালন কৰে ।অভিনয়ত জৰিয়তে সত্যৰ হতাশা আৰু স্থিতিস্থাপকতাক তীব্ৰতাৰে চিত্ৰিত কৰি তেওঁৰ অন্যতম উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে।

ছবিখনৰ চূড়ান্ত জেইলব্ৰেকটো অলপ চলচ্চিত্ৰীয় আৰু ইয়াক উন্নত কৰিব পাৰিলেহেঁতেন অবশ্যে একচন চিকুৱেঞ্চবোৰ বাস্তৱিক অনুভৱ কৰাব পৰিছে। হলিউদৰ শৈলীত নিৰ্মাণ কৰা হৈছে যদিও প্ৰদৰ্শনত কিছু ব্যৰ্থতা দেখা গৈছে।

Was this article helpful?
Yes0No0

You may also like