জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

অস্কাৰৰ বঁটাৰ মনোনিত প্ৰথম অসমীয়া চুটি ছবি: ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’

by Janagana Desk
1 minutes read
Assamese Cinema in Oscar

মোৰ ঘোঁ‌ৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। যুৱ প্ৰজন্মৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ ২০২৩ চনৰ অস্কাৰ বঁটাৰ  বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছিল। ডেউকা ফিল্মচৰ বেনাৰত নীলাঞ্জনা ৰুদ্ৰাৰ প্ৰযোজনাৰে নিৰ্মিত এই চুটি ছবিখন আমাৰ বাবে গৌৰৱৰ বিষয়। ৰীমা দাসৰ পিছত অস্কাৰত দেশক প্ৰতিনিধিত্ব কৰা তুহিন কাশ্যপ হৈছে দ্বিতীয়জন অসমীয়া।অতুল পাচনীয়ে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনেই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া প্ৰথমখন অসমীয়া চুটি ছবি মানুহৰ বিশাল মনোজগতৰ কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰনৰে সৃষ্টি এই কাহিনীৰ। সকলো মানুহৰে এখন কল্পনাৰ জগত থাকে। এই কাল্পনিক জগতখনে তেওঁক আশা, সপোন দেখুৱাই, যাৰ বাবে জীৱনটোক ভাল পোৱাৰ হাবিয়াস জন্মে। ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ চিনেমাখনৰ কুশল নামৰ চৰিত্ৰটো মানুহৰ সেই কল্পনাপ্ৰৱন মনটোৰে প্ৰতিফলন। চিনেমাখনৰ শেষ অংশত কুশলে গডোক লগ পায় আৰু ঘোঁৰাৰ কাহিনী কয়। এই গডো‌ আচলতে কোন ? ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ চালে আচলতে নিজৰ ভাবজগততে ঘূৰি ফুৰাৰ দৰে লাগে।

এজন ওজাপালি কৰি ফুৰা পালিৰ চৰিত্ৰ ৰূপায়ন কৰা  জনপ্ৰিয় অভিনেতা অতুল পাচনিৰ অভিনয়ে চুটি ছবিখন ইমান বেছি সমৃদ্ধ কৰি তুলিছে যে সেয়া হয়টো প্ৰতিগৰাকী দৰ্শকে হৃদয়ংগম কৰিব পাৰিছে। এটা গাধক প্ৰভু ইন্দ্ৰৰ ঘোঁৰা বুলি ভাবি নিজৰ লগতে বিভিন্ন জন ৰাইজক বিশ্বাস কৰোৱাবলৈ অহৰহ প্ৰয়াস কৰা হৈছে ইয়াত। ১৫ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত হাঁহি আৰু আমোদ লাভ কৰাৰ লগতে অসমীয়া জাতীয় জীৱনৰ স্বাভিমান স্বৰূপ লোককলা ওজাপালিকো দেখা পোৱা যাব।

তুহিন কাশ্যপৰ উপস্থাপনশৈলীৰে এখন সুন্দৰ ছবি “মোৰ ঘোঁৰাৰ দূৰন্ত গতি”। ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি”- আমাৰ বাবে গৌৰৱ স্বৰূপ এখন চুটি ছবি। যিখন চুটি ছবিয়ে ইতিমধ্যে ২০২৩ বৰ্ষত অস্কাৰ এৱাৰ্ডত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমীয়াৰ বুকু গৰ্বৰে ভৰাই তুলিছিল। তাৰ পৰৱৰ্তী সময়ত কিছু দিন পূৰ্বে আকৌ এই চুটি ছবিখন ৰুছৰ গ’ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো বিজয়ী সাব্যস্ত হয়। এই চুটি ছবিখন বৰ্তমান ইউটিউবত উপলব্ধ।

Was this article helpful?
Yes0No0

You may also like