Skip to content

প্লগিং : এক পৰিৱেশ অনুকূল শৰীৰ চৰ্চা

Janagana Desk
January 2, 20256 second read
Plogging

নিয়মিত ভাৱে দৌৰ বা জগিং কৰি ভালপোৱা স্বাস্থ্য সচেতন সম্প্রদায়ন বাবে ‘প্লগিং’ তুলনামূলকভাৱে নতুন।  প্লগিং হৈছে জগিং কৰা সময়খিনিত বাট-পথৰ পৰা আৱর্জনা গোটোৱা আৰু তুলি লোৱা এক কাৰ্য্য  অৰ্থাৎ ঠাইখিনি পৰিষ্কাৰ কৰা এক কার্য। ছুইডিছ ক্রিয়াপদ ‘Plocka Upp’ (পিক-আপ) আৰু ‘Jogga’ (জগ) একত্রিত কৰিলে নতুন ছুইডিচ্ছ ত্রিনয়া ‘Plogga’ পোৱা যায় আৰু ইয়াৰ পৰাই প্লগিং শব্দটোৰ উৎপত্তি হৈছে। প্লাষ্টিক প্রদূষণ বৃদ্ধি পোৱাৰ লগে লগে ২০১৬ চনৰ আশে-পাশে ছুইডেনত ই এক সংগঠিত কার্যকলাপ হিচাপে আৰম্ভ হৈছিল আৰু ২০১৮ চনত ই অন্যান্য দেশলৈ বিয়পি পৰে। ব্যায়াম হিচাপে ই দৌৰা, হাইকিং বা খোজ কঢ়াৰ মূল কার্যত শৰীৰ ভাঁজ লগোৱা, বহা আৰু স্ট্রেচিং যোগ কৰি শৰীৰৰ চাল-চলনত তাৰতম্য প্রদান কৰে। সম্প্রতি ১০০খন দেশত দৈনিক প্রায় ২০ লাখ লোকে প্লগিং কৰে আৰু কিছুমান প্লগিং অনুষ্ঠানে ৩০ লাখতকৈ অধিক অংশগ্রহণকাৰীক আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

এৰিক আহলস্ট্রম নামৰ এজন লোকে পোনপ্ৰথমবাৰৰ বাবে ছুইডেনৰ ৰাজধানী চহৰ ষ্টকহোমত প্লগিং আৰম্ভ কৰে। স্পেইনৰ আলিকান্তেত ক্রীড়া আৰু পৰিৱেশ সুৰক্ষা পৰিকল্পনা প্ৰসাৰিত কৰিবলৈ সমগ্র দেশতে এই আন্দোলন ‘প্লগিং আব ৰিভল্যুচন’ নামেৰে আৰম্ভ হয়। লেখক ডেভিড সেৰ্ডাৰিছে গ্রেট ব্রিটেইনৰ পশ্চিম ছাচেক্সৰ পাৰহাম, ক’ল্ডৱালথাম আৰু ষ্ট’ৰিংটন জিলাত তেওঁৰ দৈনন্দিন ব্যায়ামৰ সৈতে আবর্জনা গোটোৱা কামটোও সাঙুৰি লৈছিল , স্থানীয় আৱর্জনাসমূহ গোটাবলৈ দিনটোত তেওঁ ৬০,০০০ পদক্ষেপ গ্রহণ কৰে। তেওঁ নিজৰ চুবুৰিটো পৰিষ্কাৰ কৰি ৰখাত ইমানেই ফলপ্রসূ হৈছিল যে স্থানীয় কর্তৃপক্ষই তেওঁৰ সন্ধানত এখন আৱৰ্জনা বাহনৰ নাম ৰাখে।

২০২২ চনৰ এটা বিজ্ঞানসম্মত অধ্যয়নত দেখা গৈছে যে শক্তি ব্যয়ৰ ক্ষেত্রত প্রগিং আৰু জগিং দুয়োটাই সমতুল্য, কিন্তু প্লগিংৰ ক্ষেত্ৰত চৰ্বিয়ে যোগোৱা শক্তিৰ অনুপাত যথেষ্ট বেছি। সম্পূর্ণ ‘স্কুৱেট আৰু লাঞ্জ মুভমেন্ট’ৰ (এখন ভৰি আগুৱাই আনটো আঁঠুৰ ওপৰত ভৰ দি বহা ভংগী) জৰিয়তে পথৰ পৰা আৱৰ্জনা তুলি লোৱা কার্য ‘ ছেমি-স্কুৱেট আৰু ষ্টুপ মুভমেন্টত’কৈ (সম্মুখলৈ হাউলি আধা বহা ভংগী) এৰগ’নমিক বা শ্রম দক্ষতাৰ দৃষ্টিকোণৰ পৰা অনুকূল বুলি পোৱা গৈছে। অধ্যয়নটোত দেখা গৈছে যে প্লগিঙে শৰীৰৰ তলৰ পেশীবোৰ শক্তিশালী কৰে।

গতিকে প্লগিংৰ জৰিয়তে শৰীৰৰ লগতে পৰিৱেশৰ সুস্বাস্থ্য গঢ়ি উঠাটো সহায় কৰে। ই হৈছে আনন্দেৰে কৰিব পৰা এবিধ সামাজিক কার্যকলাপ। স্বাস্থ্য ভালে ৰখাৰ বাবে আমি যেনেকৈ দায়বদ্ধ তেনেকৈ পৰিৱেশৰ প্ৰতিয়ো দায়বদ্ধ আৰু সচেতন হোৱা উচিত।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top