জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

ইতিহাস প্ৰসিদ্ধ নাককাটি পাহাৰ

by Janagana Desk
1 minutes read
Nak Kati Hill

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপুষ্ট বঙাইগাঁৱত আছে কেবাটাও উল্লেখযোগ্য পৰ্যটনক্ষেত্ৰ ৷ এটুকুৰা বিশেষ শিলে বৰ্তমান স্থান লাভ কৰিবলৈ সক্ষম হৈছে বঙাইগাঁৱৰ পৰ্যটন ক্ষেত্ৰ হিচাপে৷ বঙাইগাঁও জিলা সদৰৰপৰা প্রায় ১৩ কিলোমিটাৰ আঁতৰত নৰ্থ বইতামাৰী দেৱান গাওঁ প্রাকৃতিক সম্পদেৰে পৰিপূর্ণ এখন গাঁও। ইয়াৰ মাজেদি বৈ গৈছে টুনিয়া নৈ। ইয়াৰ কাষৰতে সগৌৰৱৰে থিয় দি আছে নাককাটি পাহাৰ। প্ৰায় চাৰিবছৰ পূৰ্বে এগৰাকী চাইক্লিষ্টে আৱিষ্কাৰ কৰা শিলচটা আছে বঙাইগাঁৱৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ নাককাটি পাহাৰত।

প্ৰবাদমতে হেজাৰ বছৰৰ পূৰ্বে বঙাইগাঁও জিলাৰ বইটামাৰীৰ নিকটৱৰ্তী দেৱানগাঁৱত ৰাজত্ব কৰিছিলভূমেশ্বৰ নামৰ এজন ৰজাই৷ ভূমেশ্বৰ ৰজাৰ পত্নীৰ নাম আছিল সোণাময়ী৷ ৰজাৰ অনুপস্থিতিত ৰাণী ভৃত্যৰ সৈতে অবৈধ প্ৰেমত মত্ত হৈ আছিল৷ এই কথাৰ ভূ পাই এদিন ৰজাই হাতে-লোটে ৰাণীক ধৰা পেলায়৷ ৰাণীৰ এই কাণ্ডত ৰজাই খঙ দমাব নোৱাৰি ততালিকে ৰাণীৰ নাকটো কাটি পেলায়৷ তেতিয়াৰে পৰা সোণাময়ীৰ নাম সলনি হৈ নাককাটি হয় ৷ সেইসূত্ৰে পাহাৰখনৰ নাম হয় নাককাটি পাহাৰ।

প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা থকা নাককাটি পাহাৰে ভৌগোলিক মানচিত্ৰত সুকীয়া স্থান অধিকাৰ কৰি আছে যদিও আজিকোপতি দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই পৰ্যটন বিভাগৰ৷ বিশেষকৈ এডভেন্সাৰ টুৰিজিমৰ ক্ষেত্ৰ হৈ পৰিছে নাককাটি পাহাৰ। চৰকাৰে গুৰুত্ব আৰোপ কৰিলে অধিক আকৰ্ষণীয় হ’ব এই পৰ্যটন কেন্দ্ৰ।

Was this article helpful?
Yes0No0

You may also like