জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ হাফলং : পৰ্বতৰ কোলাত সপোনৰ নগৰী

by Janagana Desk
1 minutes read
Haflong

অসমৰ একমাত্র পাহাৰীয়া চহৰ হাফলং। সাগৰ পৃষ্ঠৰ পৰা ৬৮০ মিটাৰ উচ্চতাত অৱস্থিত হাফলং ডিমা হাছাওৰ জিলা সদৰ।ইয়াত আছে মাথোঁ চৌদিশে সৌন্দৰ্য বিদ্যমান পৰিৱেশ, চহকী সংস্কৃতি যি পৰ্য্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। ঠাইখনক পূবৰ চুইজাৰলেণ্ড বুলিও কোৱা হয়। ইয়াৰ অন্যতম বিশিষ্ট প্ৰাকৃতিক আকৰ্ষণ হ’ল হাফলং হ্ৰদ, যিখন সেউজীয়া সেউজীয়াৰে আগুৰি আছে।উচ্চ পাহাৰৰ পৰা আৰম্ভ কৰি হ্ৰদ আৰু ঘন অৰণ্যলৈকে ঠাইখনৰ সকলোবোৰে প্ৰাকৃতিক সৌন্দৰ্য্য বহন কৰে।

 নগাঁও চাৰিলেনযুক্ত বৰঘাটচুক চাৰি আলিৰ পৰা হাফলঙলৈ দূৰত্ব প্রায় ২১২ কিল মিটাৰ। Haflau” বা “Hangkhlong” শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷সমুদ্ৰপৃষ্ঠৰ পৰা ২,৩০০ ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ এক ভূ-স্বৰ্গ।হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু।

হাফলঙত হাফলং হ্রদ, চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত হৈ পৰা জাতিংগা গাঁও, হাফলং আৱর্ত ভৱনৰ পৰা দেখা পোৱা নান্দনিক হাফলং পাহাৰ, মনোমুগ্ধকৰ পাহাৰৰ মাজত থকা নতুন হাফলং আদি অতি মনোমোহা। হাফলং হ্ৰদ পৰ্যটকসকলৰ মাজত খুবেই জনপ্ৰিয় হ্ৰদ। এই হ্ৰদত বিভিন্ন জলক্ৰীড়াকে ধৰি এক শান্ত পৰিৱেশত হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ইয়ালৈ আহে পৰ্যটকসকল। হাফলঙৰ পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা। হাফলঙত ট্ৰেকিং, পেৰাগ্লাইডিং, আৰু কেম্পিঙৰ দৰে দুঃসাহসিক কাৰ্য্যকলাপৰ ব্যৱস্থা আছে।

Was this article helpful?
Yes0No0

You may also like