জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

ৰঙাটাপু- ১৯৮২ (চিনেমা পৰ্যালোচনা)

by Janagana Desk
1 minutes read
Rongatapu 1982

বুৰঞ্জীৰ বুকুত হেৰাই যোৱা সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা এখন অসমীয়া ছবি ‘ৰঙাটাপু ১৯৮২’। বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা “ৰঙাটাপু ১৯৮২” ছবিখন পৰিচালনা কৰিছে আদিত্যম শইকীয়াই । এই ছবিখন অসমৰ ৰক্তাক্ত ইতিহাসৰ এক খণ্ড। ছবিখন ব্ৰহ্মপুত্ৰত অৱস্থিত এখন সৰু চাপৰি চিত্ৰিত কৰা হৈছে। ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটিবলৈ ধৰে আৰু বসবাস কৰিবলৈ লোৱাৰ লগতে নানা হিংসাত্মক কার্যত লিপ্ত হ’বলৈ লয়। এনেদৰেই ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটাৰ ফলত তেওঁলোকে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ ফলত খিলঞ্জীয়া লোকসকলৰ সৈতে বিভিন্ন সংঘর্ষত লিপ্ত হৈছিল। ছবিখনত চাৰি গৰাকী নাৰী মৰম, ৰফিজা, ৰূপালী আৰু মালাৰ ধৈৰ্য্য, সহ্য আৰু জীৱন সংগ্ৰামৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে।

৮০ দশকৰ গাঁও এখনৰ পৰা আৰম্ভ কৰি মানুহৰ জীৱনশৈলীলৈ সকলো ক্ষেত্ৰতে বৰ্তমান যথেষ্ট পৰিবৰ্তন আহিছে কিন্তু তাৰ পিছতো সেই সময়ক স্পষ্ট ৰূপত ধৰা দিব পৰাকৈ দাঙি ধৰিছে দৃষ্যপট। সম্পূৰ্ণৰূপে নিভাঁজ এক গ্ৰাম্য পৰিবেশৰ ছবি দৰ্শকৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছে পৰিচালক। গাঁৱৰ মেল, দন-কাজিয়া, ফাকুৱা উৎসৱ আদিৰ পৰিপাটি প্ৰয়োগ পৰিবেশ নিৰ্মাণত সহায় হৈছে। এই দিশত সংগীতকে ধৰি শব্দৰ সু-প্ৰয়োগৰ কথা অৱশ্যেই উল্লেখ কৰিব লাগিব। ৰঙাটাপুৰ দৃশ্যায়ন ভাল হৈছে। বহু সুন্দৰ দৃশ্যাংশ আছে ছবিখনত।

ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছিল। হত্যা, হিংসা, যৌনকেন্দ্ৰিক অপৰাধ, মৃত্যু তথা সাম্প্ৰদায়িক বিষয়বস্তুও আছিলে চিনেমাখনত। ছবিখনৰ কিছু দৃশ্যাংশ অশালীন আছিল, পৰিয়ালৰ সকলোৰে লগত বহি চোৱা চিনেমা নহয় এইখন ছবি। ছবিখন ধৰ্মীয় উদ্বেগ সৃষ্টি কৰা এখন ছবি, কাৰণ ছবিখনে কেৱল টাপুত বাস কৰা পুৰুষসকলক লালসাগ্ৰূস্ত ৰূপে দেখুওৱা হৈছে আৰু বিকৃত যৌন-কামনা আৰু হত্যা-হিংসাৰ বাদে বেলেগ একো দেখুওৱা নাই। বিতৰ্কিত এই ছবিখন মুক্তিৰ পূৰ্বে আৰু মুক্তিৰ পিছতো বিতৰ্কত সোমাইছিল। তাৰ মাজতো একাংশ মানুহে এই ছবিখন আঁকোৱালি লৈছিল।

Was this article helpful?
Yes0No0

You may also like