Skip to content

কৰ্ণাটকৰ এটা অৰ্ধযাযাবৰী জনজাতীয় সম্প্ৰদায়: হাক্কিপিক্কি

Janagana Desk
January 30, 20251 second read
Karnataka tribe

কৰ্ণাটকৰ এটা অনুসূচিত জনজাতি হৈছে ‘হাক্কি পিক্কি’। এই জনজাতিটো হৈছে পৰম্পৰাগতভাৱে চৰাই ধৰা আৰু চিকাৰত নিয়োজিত এটা অৰ্ধ যাযাবৰী জনগোষ্ঠী। কানাড়া ভাষাত হাক্কিৰ অৰ্থ ‘চৰাই’ আৰু পিক্কিৰ অৰ্থ ‘ধৰা’। তেওঁলোকে পশ্চিম আৰু দক্ষিণ ভাৰতৰ বনাঞ্চলত বাস কৰে। হাক্কি পিক্কি জনগোষ্ঠীৰ উৎপত্তি গুজৰাট আৰু ৰাজস্থানৰ পৰা হোৱা বুলি কোৱা হয়। ই কৰ্ণাটকৰ এটা অনুসূচিত জনজাতি আৰু ইহঁতৰ উৎপত্তি কিংবদন্তি ৰাণপ্ৰতাপ সিংহৰ সৈতে পূৰ্বপুৰুষৰ সম্পৰ্ক বুলি কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি চাৰিটা ফৈদত বিভক্ত এই জনগোষ্ঠীটোৰ জনসংখ্যা কৰ্ণাটকত ১১,৮৯২ জন। হাক্কি পিক্কিসকলৰ মাতৃভাষা ‘ভাগ্ৰী’। ইউনেস্ক’ই হাক্কি পিক্কিক বিলুপ্তপ্ৰায় ভাষাৰ ভিতৰত অন্যতম বুলি তালিকাভুক্ত কৰিছে।  

জনজাতিটোৰ সামাজিক ৰীতি নীতি সুকীয়া। তেওঁলোকৰ মাজত বিবাহৰ সাধাৰণ বয়স মহিলাৰ বাবে ১৮ আৰু পুৰুষৰ বাবে ২২ আৰু । তেওঁলোকৰ সমাজব্যৱস্থা মাতৃতান্ত্রিক আৰু পৰিয়াল পদ্ধতি একপত্নী। এই সম্প্ৰদায়ৰ নিয়ম অনুসৰি পৰিয়ালৰ ডাঙৰ পুত্ৰই চুলি কাটিব নালাগে যাতে তেওঁক সহজে চিনাক্ত কৰিব পৰা যায়। কৰ্ণাটকৰ হাকি পিক্কিসকলে হিন্দু পৰম্পৰা অনুসৰণ কৰি সকলো হিন্দু উৎসৱ পালন কৰে। শিক্ষাগত দিশত হাক্কি পিক্কিসকলৰ স্তৰ এতিয়াও নিম্ন।

অৰণ্যত বাস কৰা হাক্কি পিক্কিসকলে বন্যপ্ৰাণী সুৰক্ষা আইন কঠোৰ হোৱাৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত তেওঁলোকে চিকাৰৰ পৰা স্থানীয় মন্দিৰৰ মেলাত বনৌষধি তেল, মছলা, আৰু প্লাষ্টিকৰ ফুল বিক্ৰীলৈ কৰ্মজীৱন স্থানান্তৰিত হৈছে। বৰ্তমান সময়ত তেওঁলোকে চুলিৰ তেল উদ্যোগত সফল উদ্যোগী হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁলোকৰ বনৌষধিজাত সামগ্ৰী পৃথিৱীৰ  দৰিদ্ৰ ঠাইবোৰত অতিশয় বিচৰা হয় য’ত চিকিৎসক বিচাৰি পোৱাটো কঠিন। আফ্ৰিকা তেওঁলোকৰ সামগ্ৰীৰ বাবে এখন ডাঙৰ বজাৰ । তেওঁলোকে দাবী কৰে যে আফ্ৰিকান দেশসমূহলৈ গুচি গলে তেওঁলোকে দৰিদ্ৰতাৰ পৰা মুক্তি পাব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top