Skip to content

আনৰ পিঠাৰে বিহু পতা নিৰ্বাচনমুখী বাজেট !

Dr Netraranjan
March 10, 20255 second read
Budget

আজি অসম চৰকাৰে দাখিল কৰা বাজেটখন এখন প্ৰতিশ্ৰুতিৰ বন্যাৰে ভৰা, বাস্তবৰ লগত সংগতি নথকা, বিভিন্ন অপ্ৰাসংগিক কথাক অলংকাৰ লগাই দীঘল কৰি ৰাইজক প্ৰলোভন দিয়া এখন নিৰ্বাচন মুখী বাজেট।

যোৱা বৰ্ষৰ বাজেটৰ দৰে এইবাৰৰ বাজেটখনো প্ৰলোভনমূলক বাজেটহে। বৰ্তমানৰ বাজেটখনত ধাৰ্য্য কৰা ১ লাখ ৫৫ হেজাৰ ৪২৮ কোটি টকাৰ ১ লাখ ৯ হেজাৰ ১৫ শ কোটি কেৱল ঋণৰ পৰা আৰু কেন্দ্ৰৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল। লক্ষণীয় কথা এইয়ে যে এই বৃহৎ বাজেটখনত মাত্ৰ ৪৬ হেজাৰ কোটি টকাহে ৰাজ্য চৰকাৰৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত হব। মন কৰিব লগীয়া যে এতিয়াও কেন্দ্ৰৰ পৰা GST ৰ share ১ লাখ কোটি টকা পাবলৈ বাকী আছে।

চৰকাৰে এইবাৰ পুনৰ ৩৬,১৮৫ কোটি টকা ঋণ লোৱা লক্ষ্য উল্লেখ কৰিছে। যদি এনেকৈয়ে ঋণ লৈয়েই থাকে তেন্তে বছৰটিৰ শেষত হব গৈ ২ লাখ কোটি টকা। তৰুণ গগৈ চৰকাৰৰ শেষৰ শাসনকালত GSDP, GDP ৰ ১৭ শতাংশ আছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত GDP ৰ বৃদ্ধিৰ হাৰ ১৩ শতাংশলৈ হ্ৰাস পালে। এইয়াই হৈছে প্ৰকৃত অৰ্থনীতিৰ স্বৰূপ।

অতি গুৰুতৰ বিষয় এইটোৱে যে আজিৰ বাজেটত কিমান শতাংশ খৰছ কোনখন চৰকাৰে কৰিলে সেয়া দেখুৱাবলৈ আগৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত বেলেগ বেলেগ সংজ্ঞা প্ৰয়োগ কৰা দেখা গৈছে।

এইবাৰ বাজেটত ৰাজহৰ ৬১% ব্যয় দৰমহা, পেঞ্চন আৰু সুতৰ বাবদ খৰচ হব। গতিকে ৰাজ্যৰ উন্নয়নৰ বাবদ খৰচ কৰ পৰা হব ?তদুপৰি পৰিবহনত ১২%, স্বাস্থ্য খণ্ডত ৭% আৰু গ্ৰামাঞ্চল উন্নয়নৰ নামত ৩০% কমকৈ ব্যয় ধাৰ্য্য কৰা হৈছে। যদি গ্ৰামাঞ্চল উন্নয়নৰ নামত খৰছে কমাই দিয়ে তেন্তে ৰাজ্যৰ উন্নয়ন কেনেকৈ হব ? আজি গাঁৱৰ যুৱক যুৱতী কৰ্ম সংস্থানৰ বাবে আন ৰাজ্যলৈ গৈ লটি ঘটি হব লগা হৈছে মাথোঁ গ্ৰামাঞ্চল উন্নয়ন নোহোৱা বাবে। এই প্ৰসঙ্গত কব পাৰি যে এইবাৰ বাজেটত Advantage Assam বিষয়ে বহু কোৱা হৈছে যদিও ইয়াৰ পৰা কিমান চাকৰি সৃষ্টি হব সেই বিষয়ে কোনো তথ্য দিয়া হোৱা নাই।

নিৰ্বাচনমুখী হিচাপে এই বাজেটত বহু অভিলাসী আঁচনি ঘোষণা কৰা হৈছে। যোৱা বৰ্ষৰ বাজেটতো ২০ টা নতুন যুগান্তকাৰী প্ৰস্তাৱৰ ভিতৰত এটা আছিল, তাৰে এটা প্ৰস্তাৱ আছিল Amrit Guwahati Integrated Global City, কিন্তু গুৱাহাটীৰ কৰ্দৰ্য্যময় পৰিৱেশে Amrit Guwahati Integrated Global City গঢ়ি উঠাত সম্পূৰ্ণ ব্যৰ্থতা প্ৰদৰ্শন কৰিলে। যোৱাবাৰ উল্লেখনীয় বহু প্ৰতিশ্ৰুতি পূৰণ নহল আজিলৈকে। এইবাৰো গ্ৰহণ কৰা নতুন প্ৰস্তাৱ যে পূৰণ হব সেইয়া এক সন্দেহজনক বিষয়।

যিহেতু এইখন চৰকাৰৰ শেষ পূৰ্ণাংগ বাজেট আমি আশা কৰিছিলোঁ অন্ততঃ এইখন বাজেটত অসমৰ উন্নয়নৰ ভেটি তৈয়াৰ কৰা Double Engine দ্বাৰা চালিত এক যুগান্তৰকাৰী বাজেট হব, যত অসমৰ জলসিঞ্চন, কৃষি আৰু গ্ৰাম্য উদ্যোগৰ বুনিয়াদ তৈয়াৰ হব, পিছে শেষৰ খন বাজেট আগৰ কেইখনৰ দৰে মাথোঁ চমক সৃষ্টি কৰা এখন বাজেট যেনহে পৰিলক্ষিত হয়।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top