Skip to content

ব্রহ্মপুত্ৰ নদীত চীনৰ হস্তক্ষেপ অসমৰ বাবে বিপদ

Dr Netraranjan
March 22, 20255 second read
Brahmaputra

ভাৰতলৈ চীনৰ ৰঙা চকু তাহানিৰে পৰা । চীনৰ নদীবান্ধসমূহ বিশেষকৈ ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত নিৰ্মিত বান্ধ অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে গভীৰ চিন্তাৰ বিষয় হৈ আহিছে। ১৯৬২ চনৰ আক্ৰমণৰ পাছত ধাৰাবাহিকভাৱে ভাবুকি দি অহাৰ লগতে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থানত ইতিমধ্যে নির্মাণ হোৱা জাংমো বান্ধৰ উপৰি আৰু দুটা বান্ধ নিৰ্মাণ কৰি উত্তৰ-পূর্বাঞ্চললৈ ভয়াবহ ভাবুকিৰ সৃষ্টি কৰাৰ বাতৰি ভিন্ন সময়ত প্রকাশ হৈ আহিছে। সোৱণশিৰি নদীত বৃহৎ বান্ধ দি জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ জনজীৱনলৈ অনা ভয়াৱহতাৰ মাজতে বিদেশী ৰাষ্ট্ৰ চীনেও উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনৰ জনজীৱন আৰু জনগাঁথনিৰ প্ৰতি প্রত্যাহ্বান আনি নির্মাণ কৰা বান্ধে পৰোক্ষভাবে সমগ্ৰ দেশখনৰ প্ৰতি ভাবুকি আনিছে। চীন দেশে তিব্বতত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰিব খোজা পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীবান্ধ অসমৰ বাবে ভয়ংকৰভাৱে বিপজ্জনক। চীনত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে লৈ আহিব বিপদ। এই জল বিদ্যুৎ প্ৰকল্পই কেৱল দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাই নহয়, জল সুৰক্ষা আৰু আঞ্চলিক স্থিৰতাকো বিঘ্নিত কৰিব পাৰে।

সাগৰ পৃষ্ঠৰ পৰা ৩০০ মিটাৰ উচ্চতাত থকা দক্ষিণ তিব্বতৰ ‘ছেমায়ুংডুং’ হিমপ্রবাহৰ পৰা উৎপত্তি হোৱা আমাৰ বৰলুইতে সেই ঠাইত নাম অহা এই নদীখনে অৰুণাচলত আন দুখন নদীৰ লগ লাগি অসমত ব্রহ্মহ্মপুত্র অথবা বৰলুইত নামেৰে সোমাইছে। ২৮৮০ কিঃ মিঃ দৈর্ঘ্যৰ এই নদীখনৰ ১৬২৫ কিঃ মিঃ আছে বাংলাদেশত। এই নদীখনে সৃষ্টি কৰা ৫৪,৪০০ বর্গ কিঃ মিঃ সমতলভূমিত গঢ় লৈছে বহুৰঙী অসমীয়া সভ্যতা আৰু সংস্কৃতিয়ে। চীনে এই নদীখনকে বান্ধ দি যদি জলৰাশি দেশখনৰ মৰুভূমি অঞ্চললৈ বোৱাই দিয়ে অথবা সময়ে সময়ে বান্ধ খুলি দি অসমত ভয়াৱহ বানৰ সৃষ্টি কৰে, তেন্তে শ শ বছৰীয়া এই সভ্যতা-সংস্কৃতি এদিন কালৰ বুকুত জাহ যোৱাটো নিশ্চিত।

চীনৰ মতে এইয়া অসমৰ বাবে চিন্তাৰ কোনো কাৰণ নহয়, ইয়াতে সন্তুষ্ট থাকি কেন্দ্ৰীয় চৰকাৰ নীৰৱ হ’ল। এতিয়া কথা হ’ল, চীনৰ বক্তব্য কিমান বিশ্বাসযোগ্য? সদায়েই অবিশ্বাসী প্রতিবেশী ৰাষ্ট্ৰ হিচাপে চীনে ভাৰতৰ প্ৰতি যি আচৰণ দেখুৱাই আহিছে, তালৈ লক্ষ্য কৰিলে মত দিব পাৰি যে প্ৰতিবাৰেই দেশখনে মিথ্যাৰ আশ্ৰয় লৈছে। এই সম্পর্কত কেন্দ্রীয় বহুত । এটাৰ পাছত এটা বান্ধ ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলত নিৰ্মাণ কৰিবলৈ চীনক যদি নীৰৱে সম্মতি দিয়া হয়, তেন্তে ই হ’ব অতি ভয়ানক। চীনৰ এই হঠকাৰী পৰিকল্পনা আৰু আঁচনিয়ে নদীভিত্তিক এক সভ্যতাক কোনোবা দিনা নিমিষতে নির্মূল কৰাৰ উপায় চিন্তা কৰাৰ সময় হয়তো উকলি যাব। নিশ্চয়কৈ কেন্দ্রীয় চৰকাৰে এই দিশত তৎপৰতা ল’ব লাগিব আৰু চীনৰ ফালৰ পৰা দিয়া অভয়বাণীক কোনো কাৰণতে বিশ্বাসত নলৈ তৎপৰতাৰে বিষয়টোত আগবঢ়া ভাল। উল্লেখ্য, অলপতে সংসদত অসমৰ এজন সাংসদে এই বিষয়টো পুনৰ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিছে।

চীনৰ বাতৰিকাকত ‘দি ছাউথ চাইনা মর্নিং প’ষ্ট’ত এটা বাতৰি প্ৰকাশ পাইছে বুলি ওলাইছে। এই বাতৰিমতে চীনে ১৩৭বিলিয়ন মার্কিন ডলাৰ অৰ্থাৎ ভাৰতৰ হিচাপত ১২ লাখ কোটি টকা ব্যয়েৰে এটা বৃহৎ নদীবান্ধ নির্মাণ শীঘ্ৰে কৰিব। ব্রহ্মপুত্ৰৰ তিব্বতৰ অংশ য়াৰলুংচাংপোত নিৰ্মাণ কৰিবলৈ লোৱা এই নদীবান্ধ প্রকল্পৰ জৰিয়তে দেশখনে ব্ৰহ্মপুত্ৰৰ পানী নিজ দেশলৈ সুৰংগৰে লৈ যোৱাৰ পৰিকল্পনাই অসম আৰু বাংলাদেশৰ ভূ-বৈচিত্র্যত ভয়ানক প্রভাৱ পেলাব। পানীৰ অভাৱত নদীখন কোনো সময়ত মৃত হৈ পৰাৰ বিপৰীতে কোনো সময়ত বান্ধব পানী এৰি দিয়াৰ ফলত জলমগ্ন হ’ব অসমৰ বিস্তীর্ণ অঞ্চল। চীনৰ নদীবান্ধৰ এই লুকা-ভাকু খেলখনৰ সঠিক তথ্য ভাৰত চৰকাৰে উলিয়াই ইয়াৰ জনসাধাৰণক শংকামুক্ত কৰা উচিত।

চীনে উত্তৰ-পূব অঞ্চলৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বিচাৰিছে নেকি ? ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত চীনৰ একপক্ষীয় নিয়ন্ত্ৰণ যাতে কেতিয়াও সম্ভৱ হব নোৱাৰে তাৰ বাবে ভাৰতবৰ্ষই ইয়াৰ বিৰোধিতা কৰিব লাগিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সক্ৰিয় হৈ এনে সিদ্ধান্তৰ পৰা সমস্যাৰ সৃষ্টি নহওঁতেই ইয়াক বাতিল কৰিব লাগিব।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top