Home বিশ্লেষণঅতীতৰ বিহু আৰু আজিৰ বিহু: পৰম্পৰাৰ সোঁতত আধুনিকতাৰ ঢৌ

অতীতৰ বিহু আৰু আজিৰ বিহু: পৰম্পৰাৰ সোঁতত আধুনিকতাৰ ঢৌ

by Janagana Desk
Changing nature of Bihu

ব’হাগ মাত্র এটা ঋতু নহয়, ই শতাব্দী জোৰা এক ইতিহাস। বিহু অসমৰ জাতীয় উৎসৱ, যাৰ অতীত ইতিহাস বহুত গভীৰ। বিহু হ’ল অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অতীতৰ পৰাই অসমত বিহু উদযাপন কৰি অহা হৈছে। বিহু অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংশ, যাৰ মূল কৃষিৰ সৈতে জড়িত। সংস্কৃতিয়ে একোটা জাতিৰ পৰিচয় দিয়ে। বিহুৱে অসমীয়া জাতীয় পৰিচয় বহন কৰে।

পুৰণি বিহু আছিল স্বতঃস্ফূত, সহজ আৰু প্ৰাকৃতিক। ঢেকীৰ শাল, তাঁতৰ পাত, খেতিপথাৰ, গছৰ তল—এইবোৰতে আৰম্ভ হৈছিল বিহুৰ ৰং-ৰইচ। ঢেকীৰ মাত, গৰকাৰ গুঞ্জন, দোৰপতিৰ সুৰ, সূতাকটাৰ শব্দ—এই সকলোৰে মাজত যেন বসন্তই জীৱিত হৈ উঠিছিল। বিহুনামৰ মাজেৰে অকৃত্রিম প্ৰেম আৰু চেনেহৰ ভাষা প্ৰকাশ পায়। বিহু আছিল জীৱনৰ উল্লাস, যৌৱনৰ প্ৰতিফলন।

চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে ৰঙালী বিহু। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু’, ‘গোসাঁই বিহু’, ‘তাতৰ বিহু’, ‘নাঙলৰ বিহু’, ‘জীয়ৰী বা চেনেহী বিহু’, আৰু ‘চেৰা বিহু’।

তাহানিৰ বিহু আছিল স্বতঃস্ফূত। এই বিহুৰ ৰং ৰইচ আৰম্ভ হয় ঢেকীৰ শালত, তাঁতৰ পাতত, জুইশালত, খেতিপথাৰত, গছৰ তলত। ঢেকীৰ চাবে চাবে, তাঁতৰ মাকো, গৰকা, দোৰপতিৰ শুৱলা মাতত, যতৰৰ সূতা কতা শব্দত বসন্তই যেন প্রাণাদিত হৈ পৰিছিল। মনৰ মানুহজনক নিজৰ অন্তৰৰ অব্যক্ত কথাবোৰ ক’বলৈ পূর্ণ যৌৱনা মহিলাসকলে সৃষ্টি কৰিছিল অলেখ বিহুনাম। চেনেহীহঁতৰ এই সূৰীয়া বিহুনামৰ সুৰত যৌৱনক শাত পেলাবলৈ চেনেহীহঁতে গিৰিপ গিৰিপকৈ নাচি পেলায় তাঁতৰ শালত, ঢেকীশালত এনেকৈয়ে সৃষ্টি হয় চ’তৰ বিহু। চেৰেকী আনোগৈ বুলি মাহীৰ ঘৰলৈ, পেহীৰ ঘৰলৈ যাঁও বুলি চ’তৰ ৰাতিৰ বিহুত দেহা মন শাত কৰিছিলগৈ পূৰ্ণ যৌৱনা গাভৰুহঁতে। মনৰ অব্যক্ত কথাবোৰ বিহুনাম হৈ বিকশিত ৰূপ পাই প্রকাশি উঠিছিল বিহুৰ তলীত। এই বিহুনামবোৰৰ মূলত আছিল প্রেম, অকৃত্রিম ভালপোৱা। সময় পৰিবৰ্ত্তন হ’ল, লাহে লাহে ডেকা সকলো এই বিহু চাবলৈ আহিল, আৰম্ভ হ’ল বিহুৰ ৰং ৰইচ।

সময়ৰ লগে লগে সলনি হল সকলো। হেঁপাহৰে বনোৱা লাৰু পিঠাৰ ঠাইত বজাৰত এতিয়া পেকেটিং কৰা সামগ্ৰীৰ পয়োভৰ অধিক। বহি ৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰে অনুষ্ঠান প্ৰতিষ্ঠান আৰম্ভ হব। আকৌ গছৰ তলৰ বিহু এতিয়া মঞ্চ পালেগৈ। এদিন মানুহে পথাৰত, গছৰ তলত বিহু গাইছিল। ঘৰে ঘৰে হুঁচৰি জুৰিছিল। তাৰ পাছত সময়ৰ সৈতে বিহুৰ স্বৰূপো সলনি হৈ গৃহস্থৰ চোতাল নগৰকাকৈ পদূলিয়েদি আর্শীবাদ দি যোৱা হুচৰি এদিন ৰংঘৰৰ বাকৰি হৈ সময়ৰ আহ্বানত গৃহস্থৰ চোতাল পালেহি। এই ৰঙ হাঁহি ধেমালিবোৰ এতিয়া প্ৰতিযোগীতাৰ পৃথিৱীত সোমাই পৰিল। সাম্প্রতিক সময়ত সর্বত্র প্রতিযোগিতাৰ পয়োভৰ। মঞ্চ বিহুৱে যেতিয়া প্ৰসাৰতা লাভ কৰিবলৈ ধৰিলে তেতিয়াই মঞ্চ বিহুবিলাক প্রতিযোগিতাৰে মুখৰিত হৈ পৰিল। কিন্তু প্রতিযোগিতাৰ ধামখুমীয়াত উৎকট নাটকীয়ত্বৰ মাজত বিহুৰ আঁচল সৌন্দর্য থাকিবগৈ নে? সময় থাকোতেই আমি আমাৰ ঐতিহ্যৰ প্ৰতি সচেতন হোৱা উচিত। বিহু মানেই যেন কেৱল লাখ টকা ব্যয় কৰি অনুষ্ঠিত কৰা বিহু সন্মিলন হৈ পৰিল। শিল্পীৰ অনুষ্ঠানেৰে নিশালৈকে বিহু আয়োজন কৰা অনুষ্ঠানবোৰ ক্ৰমাৎ কৃত্ৰিম হৈ পৰিল।

ঘৰে ঘৰে বিহু বা হুঁচৰি গাই গৃহস্থক কুশল কামনা কৰি অহাটো এক চিৰ পৰিচিত পৰম্পৰা আছিল। অতীতত ঘৰে ঘৰে বিহু গাই ফুৰা হুঁচৰি দল নাইকীয়া হল , এতিয়া প্রতি ঘৰতে বিহু নামেৰে। নগৰৰ আমন্ত্ৰিত গৃহস্থ নাইবা আঢ্যৱন্তৰ চোতালত বিহু নাম জোৰা ডেকা গাভৰুৱে বিহুৰ পৰম্পৰা যে জীয়াই ৰাখিব , তাত সন্দেহ আছে। অপ্রিয় সত্য অসমীয়া ডেকাই বিহু মাৰিব নজনা অৱস্থাৰ সৃষ্টি হৈছে। অভিজ্ঞ লোকৰ দ্বাৰা প্রশিক্ষণপ্রাপ্ত অসমৰ কেইটিমান বিহু দলৰ কথা বাদ দিলে অসমত শুদ্ধকৈ বিহু মাৰিব জনা লোক কিমান ওলাব সেয়া সন্দেহৰ বিষয়।  

কৃষিজীৱি মানুহেই বিহুক ধৰি ৰাখিলে, জীয়াই ৰাখিলে। মাজে মাজে বিহুক বিকৃতকৰণৰ অভিযোগ উঠে। বিহু আমাৰ, বিহু অসমীয়াৰ। সংগঠিত ৰূপত বিহুক আমিয়েই জীয়াই ৰাখিব লাগিব। অসমীয়াৰ নিজস্ব উৎসৱ বিহুক সংগঠিত আৰু সজীৱ ৰূপত আগবঢ়াবৰ দায়িত্ব আমাৰেই। সময় থাকোঁতেই এই বিকৃত ধাৰাৰ পৰা আঁতৰ হৈ বিহুৰ আন্তৰিক সৌন্দৰ্য সংৰক্ষণ কৰাটো অতীব প্ৰয়োজন।

You may also like