জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 2, 2026

টাইটানিকৰ বুকুত মানৱতাৰ দীপ্তি

by Janagana Desk
1 minutes read
Titanic

এটা হৃদয়স্পৰ্শী আৰু অনুপ্ৰেৰণাদায়ক কাহিনী। ১৯১২ চনৰ ১৫ এপ্ৰিল, বিশ্ববিখ্যাত টাইটানিক জাহাজ ডুব যোৱাৰ সময়ত বহুজনৰ জীৱন শেষ হৈছিল। এই ভয়ংকৰ দূৰ্ঘটনাত কিছু ব্যতিক্ৰমী ঘটনা আজিও মানৱতাৰ উজ্জ্বল নিদৰ্শন হিচাপে স্মৰণ কৰা হয়। এনে ব্যতিক্ৰমী ব্যক্তিৰ ভিতৰত আছিল জন জেকব এষ্টৰ চতুৰ্থ আৰু ইচিডৰ ষ্ট্ৰাউছ আৰু তেওঁৰ পত্নী। টাইটানিকৰ দৰে বিপৰ্যয়জনক পৰিস্থিতিত তেওঁলোকত মহৎ আৰু নৈতিকভাৱে দৃঢ় ব্যক্তিৰ কাহিনীয়ে মানুহৰ হৃদয়ত গভীৰ ছাঁ পেলাব পাৰে।

জন জেকব এষ্টৰ চতুৰ্থ, যিজন সেই সময়ৰ অন্যতম ধনবান ব্যক্তি আছিল। তেওঁৰ ইমানেই ধনৱন্ত আছিল যে তেওঁৰ বেংক একাউণ্টত থকা সম্পদৰে প্ৰায় ৩০খন টাইটানিক নিৰ্মাণ কৰিব পাৰিলেহেঁতেন। তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰাৰ সলনি দুজন শিশু উদ্ধাৰ কৰিবলৈ জীৱন নাওত নিজৰ স্থান এৰি দিয়ে। এই মহান ত্যাগ মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন।

ইফালে, “মেচিজ” নামৰ বিখ্যাত ডিপাৰ্টমেণ্ট ষ্ট’ৰৰ সহ-প্ৰতিষ্ঠাতা কোটিপতি ইচিডৰ ষ্ট্ৰাউছেও এনে এক নৈতিক সিদ্ধান্ত লৈছিল। ইচিডৰ ষ্ট্ৰাউছে আৰু তেওঁৰ পত্নী ইডা ষ্ট্ৰাউছে জীৱনৰ সৰ্বস্ব থকা স্বত্তেও নিজৰ জীৱনৰ মায়া মোহ ত্যাগ কৰি মানৱতাক প্ৰাধান্য দিলে , সেই কথা আজিও এক যুগান্তকাৰী আদৰ্শ হিচাপে মানি লোৱা যায়। ইচিডৰ ষ্ট্ৰাউছে স্পষ্টকৈ কৈছিল যে তেওঁ কেতিয়াও আন মানুহৰ আগতে লাইফবোট ব্যৱহাৰ নকৰে, তেওঁৰ পত্নী ইডা ষ্ট্ৰাউছো স্বামীৰ লগ এৰিবলৈ অস্বীকাৰ কৰে আৰু লাইফবোটটো তেওঁলোকৰ বন কৰা ছোৱালী এলেন বাৰ্ডক দিয়ে।

এইসকল ধনী ব্যক্তিৰ ত্যাগ আৰু নৈতিক স্থিৰতা আজিও মানুহৰ মনত এক দৃষ্টান্ত স্বৰূপ। ধন-সম্পত্তিতকৈও অধিক মূল্যবান হ’ল নৈতিকতা, সহানুভূতি আৰু জীৱনৰ প্ৰতি শ্রদ্ধা—এই ঘটনাবোৰে সেই কথাই প্ৰমাণ কৰে।

Was this article helpful?
Yes0No0

You may also like