জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 2, 2026

নগ্নতা যেতিয়া বিপ্লৱৰ অস্ত্ৰ হয়: লেডী গোডিভাৰ কিংবদন্তি !

by Janagana Desk
2 minutes read
Lady Godiva

লেডী গোডিভা (Lady Godiva) হৈছে এক জনপ্ৰিয় পৌৰাণিক উপাখ্যান , ইংলেণ্ডৰ এক কিংবদন্তি ।কাহিনীটো গডিফুৰ জীৱনৰ ওপৰত আধাৰিত আছিল, যি এগৰাকী প্ৰকৃত মহিলা আছিল যিয়ে একাদশ শতিকাৰ শেষৰ ফালে কভেণ্ট্ৰিত বাস কৰিছিল। লেডী গডিভাৰ বিবাহ হৈছিল মাৰ্চাৰৰ ‘গ্ৰিম’ আৰ্ল আৰু কভেণ্ট্ৰিৰ লৰ্ড লিঅ’ফ্ৰিকৰ সৈতে। গোডিভাৰ স্বামী একাদশ শতিকাৰ ইংলেণ্ডৰ অন্যতম শক্তিশালী সম্ভ্ৰান্ত ব্যক্তি লৰ্ড লিঅ’ফ্ৰিক, কনভেন্ট্ৰি চহৰৰ অধিপতি আছিল। গোডিভাই তেওঁৰ স্বামীক, সাধাৰণ জনতাৰ ওপৰত আৰোপিত বৃহৎ পৰিমাণৰ কৰ কমাবলৈ অনুৰোধ কৰিছিল, কিন্তু স্বামীয়ে বাৰে বাৰে নাকচ কৰিছিল। তথাপিও তাই অটল আছিল আৰু এদিন ক্ষোভিত হৈ লিঅ’ফ্ৰিকে তাইক ক’লে যে যদি দুপৰীয়া তাই ঘোঁৰাত উঠি উলংগ হৈ চহৰৰ ৰাজপথত উঠে তেন্তে কৰ কমাই দিব।

লেডী গোডিভাৰ কিংবদন্তিত, নগ্নতা এক অনন্য অস্ত্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁৰ স্বামীৰ অযাচিত কৰ বঢ়োৱা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নগ্ন অৱস্থাৰে ঘোঁৰাৰ ওপৰত উঠি চহৰৰ মাজেৰে যাত্ৰা কৰিছিল। লেডী গোডিভাই প্ৰজাসকলৰ দুখ দূৰ কৰাৰ উদ্দেশ্যে এই কঠিন সিদ্ধান্ত গ্ৰহণ কৰে অৰ্থাৎ এই চৰ্ত গ্ৰহণ কৰিছিল কেৱল জনসাধাৰণৰ স্বাৰ্থত। তাই মানুহবোৰক খিৰিকী-দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিলে। তাইৰ প্ৰতি থকা সন্মানৰ বাবে তাইৰ আজ্ঞা পালন কৰিছিল মানুহবোৰে। পোছাক হিচাপে ঢাকিবলৈ দীঘল চুলিখিনি ঢিলা কৰি তাই ৰৈ থকা ঘোঁৰাটোত উঠিছিল আৰু যাত্ৰা কৰিছিল নিস্তব্ধ ৰাস্তাবোৰৰ মাজেৰে। কোৱা হয় যে টম নামৰ এজন মানুহে তাচিল্যৰ সুৰত উকি মাৰিবলৈ খিৰিকীখন খুলি দিয়াৰ সময়ত হঠাৎ অন্ধ হৈ পৰিল। উলংগ যাত্ৰা শেষ কৰাৰ পিছত গোডিভাই স্বামীৰ সৈতে মুখামুখি হৈ তেওঁক কৰ কমাই দিবলৈ দাবী জনায়। নিজৰ চৰ্তমতে সঁচা অৰ্থত লিঅ’ফ্ৰিকে জনসাধাৰণৰ ঋণ হ্ৰাস কৰিলে। এই আত্মত্যাগৰ ফলত লিওফ্ৰিকে প্ৰজাৰ ওপৰৰ কৰ ৰেহাই দিয়ে, আৰু লেডী গোডিভা মানুহৰ হৃদয়ত এক মহীয়সী ৰূপে অমৰ হৈ থাকে।

গোডিভাৰ এই কিংবদন্তি ইংলেণ্ডৰ ইতিহাস আৰু সংস্কৃতিৰ এক বিশেষ অংশ হৈ পৰিছে আৰু তেওঁৰ সাহসিকতা স্বাধীনতা আৰু সমৰ্থন প্ৰতীক হিচাপে গণ্য কৰা হয়। ৰাইজৰ স্বাৰ্থত কৰা এই প্ৰতিবাদ কেৱল ব্যক্তিগত প্রতিবাদ নাছিল বৰং এক সামাজিক আৰু ৰাজনৈতিক বিপ্লৱৰ সূচনা কৰিছিল । ভদ্ৰমহিলাগৰাকীয়ে স্বামীৰ আজ্ঞাকাৰী, তথাপিও কৰ সম্পৰ্কে তেওঁৰ স্থিতিক সাহসেৰে প্ৰত্যাহ্বান জনায়। যেতিয়া এক মহিলাই সমাজৰ নীতি আৰু শাসনৰ বিৰুদ্ধে নিজ নিজ সাহসিকতাৰে প্ৰতিবাদ কৰে, তেনে ক্ষেত্ৰতো নগ্নতাকো সেয়া এক শক্তিশালী আৰু সাহসী অস্ত্ৰৰূপে পৰিগণিত কৰিব পাৰি। এই ঘটনা মাত্ৰ এক কিংবদন্তি নহয়, বৰঞ্চ এটি প্ৰতীক।

এই ঘটনাৰ সত্যতাক লৈ কোনো নিশ্বয়তা নাই। পাছলৈ আলফ্ৰেড, লৰ্ড টেনিছনৰ দৰে ব্যক্তিয়ে গোডিভা মিথক গীত আৰু পদ্যত জনপ্ৰিয় কৰি তুলিছিল, যিয়ে ১৮৪০ চনত “গোডিভা” নামৰ এটা বিখ্যাত কবিতা লিখিছিল। ইতিহাসত লেডী গোডিভাৰ এই গাথা এক মহৎ উদাহৰণ স্বৰূপ। জনহিতকাৰীতাৰ এই কাহিনী বহু সাহিত্য আৰু শিল্পত প্ৰতিফলিত হৈছে। তেওঁৰ কাহিনী কবিতা , সাহিত্যতো বিভিন্ন লেখকে ব্যক্ত কৰিছে, যিয়ে তেওঁৰ দয়া, সাহস আৰু ত্যাগৰ মহিমা বৰ্ণনা কৰে। লেডী গোডিভাৰ আত্মত্যাগৰ এই গাথা আজিও মানুহৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ।

Was this article helpful?
Yes0No0

You may also like