জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 1, 2026

আহোম ৰাজত্ব কালৰ অসমৰ ভাস্কৰ্যৰ অন্যতম নিৰ্দশন দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল

by Janagana Desk
4 minutes read
Negheriting

অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূবফালে ছয় কিঃ মিটাৰ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নেঘেৰেটিং শিৱদৌল অৱস্থিত। নেঘেৰেটিং শিৱদৌলটো দুশ বছৰৰ অধিক পুৰণি। পৌৰাণিক কাহিনীবোৰৰ পৰা বিশ্বাস কৰা হয়, মন্দিৰটো প্ৰথমতে দিহিং নদীৰ পাৰৰ শিলবোৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। অৱশ্যে, মন্দিৰটো ধংস কৰা হৈছিল আৰু ইয়াৰ অৱশেষ গজপেনেমাৰা নামৰ এখন অৰণ্যত পোৱা গৈছিল। ইয়াক ৰজা চুচেনফাই পুনৰ নিৰ্মাণ কৰিছিল। কিন্তু দিহিং নদীয়ে ইয়াৰ গতিপথ সলনি কৰি পুনৰ মন্দিৰ ধ্বংস কৰিছিল। পিছত এজন ভক্তই শিৱ লিঙ্গ আৰু মন্দিৰৰ ধ্বংসাবশেষ নদীৰ অগভীৰ পানীত পাইছিল। যিখন ঠাই এতিয়া নেঘেৰেটিং নামে জনাজাত আগতে সেই ঠাই খনৰ নাম আগতে শিতল নেঘেৰি আছিল।

অসমত আহোম শাসনৰ আৰম্ভ হোৱাৰ লগে লগে অসমত দৌল দেৱালয় আৰু স্থাপত্য ভাস্কৰ্যৰ যুগৰ সূচনা হৈছিল। নেঘেৰিটিং শিৱদৌল আহোম যুগৰ এক উৎকৃষ্ট নির্দশন। প্রাকৃতিক সৌন্দৰ্যৰে সুশোভিত ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌল উচ্চ ভূমিখণ্ডৰ শিখৰত বিৰাজমান হৈ জাতি-ধর্ম নির্বিশেষে সকলো জনসমাজত ঐক্য প্রীতি স্থাপনৰ উদ্দেশ্যে আশিস প্রদান কৰি আহিছে। দুই শতাব্দীৰ অধিক কালৰে পৰা দেৰগাঁও নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ আঁতৰত পূব দিশে অৱস্থিত এই মন্দিৰ। দেৰগাঁৱৰ পৰা পূব মুৱা হৈ প্রায় দুই আঢ়ৈ কিলোমিটাৰ ৰাষ্ট্ৰীয় পথেদি গৈ এটা চাৰিআলি পোৱা যায়। তাৰ পৰা উত্তৰ দিশে এক কিলোমিটাৰ পথ চাহ বাগানৰ মাজেদি অতিক্ৰম কৰি গ’লেই মন্দিৰ অৱস্থিত পাহাৰ পোৱা যায়।

জনশ্রুতি আছে যে, বর্তমান দ’ল থকা ওখ ভূমি খণ্ডৰ নামনিৰ পৰা পূৱ ফালে প্ৰায় ৩ নং কিলোমিটাৰ ঠাই জুৰি থকা এক বিস্তৃত অঞ্চল আছে, সেই ঠাই শীতল পথাৰ নামে জনা যায়। এই ঠাইত পুৰণি কালত ঊর্ধ্ব নামৰ এজন ঋষিয়ে আশ্রম স্থাপন কৰিছিল। এই আশ্রমত দ্বিতীয় কালীধাম পাতিবৰ মানসে ঋষিয়ে অসংখ্য শিৱ লিঙ্গ সংগ্ৰহ কৰিছিল। ঋষিৰ পৰিকল্পনা বাস্তৱত পৰিণত হোৱাৰ আগতে পৰলোক প্রাপ্তি ঘটে। কালক্ৰমত সংগৃহীত শিবলিঙ্গ মাটিত পোত গ’ল। পাছত সেই ঠাইখনৰ নাম শিৱতল হল। স্বৰ্গদেউ প্রতাপ সিংহই পুনৰ এই মন্দিৰ নিৰ্মাণ কৰে।

অসমত আহোম শাসনৰ আৰম্ভ হোৱাৰ লগে লগে অসমত দৌল দেৱালয় আৰু স্থাপত্য ভাস্কৰ্যৰ যুগৰ সূচনা হৈছিল। নেঘেৰিটিং শিৱদৌল আহোম যুগৰ এক উৎকৃষ্ট নির্দশন। প্রাকৃতিক সৌন্দৰ্যৰে সুশোভিত ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌল উচ্চ ভূমিখণ্ডৰ শিখৰত বিৰাজমান হৈ জাতি-ধর্ম নির্বিশেষে সকলো জনসমাজত ঐক্য প্রীতি স্থাপনৰ উদ্দেশ্যে আশিস প্রদান কৰি আহিছে। দুই শতাব্দীৰ অধিক কালৰে পৰা দেৰগাঁও নগৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ আঁতৰত পূব দিশে অৱস্থিত এই মন্দিৰ। দেৰগাঁৱৰ পৰা পূব মুৱা হৈ প্রায় দুই আঢ়ৈ কিলোমিটাৰ ৰাষ্ট্ৰীয় পথেদি গৈ এটা চাৰিআলি পোৱা যায়। তাৰ পৰা উত্তৰ দিশে এক কিলোমিটাৰ পথ চাহ বাগানৰ মাজেদি অতিক্ৰম কৰি গ’লেই মন্দিৰ অৱস্থিত পাহাৰ পোৱা যায়।

প্রতাপসিংহ স্বৰ্গদেবে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষত মন্দিৰ পুণৰ নিৰ্মাণ কৰি ভূধৰ আগমাচাৰ্য নামৰ এজন পণ্ডিত ব্যক্তিক পূজাৰী নিয়োগ কৰিছিল। তেখেতক বৰঠাকুৰ উপাধি দিছিল, সেই সময়ত ভূস্বৰৰ উপৰিপুৰুষ কনৌজৰ পৰা আহি মাজুলীত বসবাস কৰি আছিল। ভূধৰৰ পাণ্ডিত্য গুণ দেখি স্বৰ্গদেৰে দ’লত পূজাৰী পাতিছিল। এই ভূধৰৰ সতি-সন্ততিসকলেই বর্তমান নেঘেৰিটিংত অৱস্থিত শিবদ’লৰ পূজাৰী।

এই পৰিয়ালৰ লোকসকল দেৰগাঁৱত বাস কৰা বৰ্ত্তমান সময়লৈকে ৩৭১ বছৰ হৈছে। এই বংশৰ ভূধৰক আদি পুৰুষ ধৰি সাঁচি পাতত লিখা বৰঠাকুৰসকলৰ এখন বংশাৱলী আছে। এই বংশাৱলী আনুমানিক ২০০ বছৰ মানতে প্ৰস্তুত কৰা। লিখিছিল বুৰঞ্জী খ্যাত দুৰ্গেশ্বৰ দ্বিজে।

এই বংশৰ ভালেকেইজন লোকে আহোম ৰাজত্বত ডাঙৰ খিতাপ পাইছিল। ভূধৰৰ দশম পুৰুষ দুৰ্গেশ্বৰ বৰঠাকুৰ আহোম ৰাজসভাত সভাপণ্ডিত আছিল। এই বংশৰে কিছুমানে দেৱলীয়া বৰুৱা, খঙ্গীয়া বৰুৱা, মলিয়া বৰুৱা আদি খিতাপ খাইছিল। সেই কাৰণে এই বংশৰ কিছুমান ব্যক্তিয়ে বৰঠাকুৰ আৰু কিছুমানে বৰুৱা উপাধি লিখে। ভূধৰ ৮ম পুৰুষ বানেশ্বৰ বৰুৱা ৰাজেশ্বৰ সিংহ ৰজাৰ বৰ প্ৰিয় বন্ধু আছিল। এই প্রসঙ্গত এটা ফকৰা মানুহৰ মুখে, শুনিবলৈ পোৱা যায় ‘ৰজা ৰাজেশ্বৰ বৰুৱা বানেশ্বৰ’।

নেঘেৰিটিং শিৱ দ’লৰ পূজাৰী পণ্ডিত প্ৰবৰ দুৰ্গেশ্বৰ বৰঠাকুৰে কোম্পানীৰ কাৰ্যালয়ত চাকৰি কৰিবলৈ গৈছিল। এই কথা জনা গৈছে অলপতে উদ্ধাৰ হোৱা এখন পুৰণা কাকতৰ পৰা, এই লিখকে পুৰণা কাগজ পত্ৰ থকাৰ সম্ভেদ পাই শ্রীঅজিত বৰঠাকুৰ নামৰ (বৰ্তমান তেওঁ শিবদ’লৰ এজন পূজাৰী) ব্যক্তিজনৰ ঘৰৰ পৰা এই পুৰণা কাগজখন সংগ্রহ কৰে। অযত্নত ৰখা কাৰণে কাগজখনৰ কিছু অংশ নষ্ট হৈছে।

মন্দিৰত পূজা-সেৱা কাৰ্য সুকলমে চলাবৰ কাৰণে আহোম স্বৰ্গদেৱসকলে কিছুমান নিয়ম প্ৰৱৰ্তন কৰি দিছিল। প্রধান পূজাৰীক ‘বৰঠাকুৰ’ উপাধি দি আৰু অন্য দুঘৰ পাত্ৰ ঠাকুৰক ‘ঠাকুৰ’ উপাধি দিয়া হৈছিল এখন বাইলা ঠাকুৰ আৰু আনঘৰ শুকুলী ঠাকুৰ; মৃত-জন্ম কাৰণত বৰঠাকুৰ পূজা কৰিবলৈ অশুচি হ’লে পাত্ৰ ঠাকুৰৰ লোকে মন্দিৰত পূজা কৰিব পাৰিছিল।

দৈৱ-দুর্বিপাকত বৰঠাকুৰ আৰু দুয়ো ঘৰ পাত্ৰ ঠাকুৰৰ একে সময়তে কিবা কাৰণত পূজা কৰিবলৈ অশুচি হ’লে স্থানীয় মুকলিমূৰীয়া গোঁসাইক নিমন্ত্ৰণ কৰি আনি মন্দিৰত বিগ্রহ স্নান কৰাব পাৰিছিল। অন্য কোনো ব্রাহ্মনে বিগ্রহ স্পর্শ কৰিবলৈ ক্ষমতা নেপাইছিল। এই নিয়ম বর্তমানলৈকে প্রবর্তি আছে।

আহোমসকলৰ দিনত নির্মিত এই মন্দিৰৰ তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্রায় বিশ গজমান চিৰিবিহীন ক্রমান্বয়ে উপৰলৈ উঠি গৈ মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়। দুয়োকাষে বেলগছৰ মাজেৰে ১০০গজ মান পাৰ হৈ গ’লেই মন্দিৰৰ সন্মুখৰ চ’ৰা ঘৰ। বর্তমান প্রায় ১০বিঘা মাটিৰ মধ্যস্থানত এই মন্দিৰ অৱস্থিত। মন্দিৰৰ চৌহদৰ পৰা উত্তৰ দিশে মহাবাহু ব্রহ্মপুত্র দেখা পোৱা যায়। মন্দিৰৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে মন মগজু আধ্যাত্মিকতাৰে ভৰি পৰে, পবিত্র মনোভাৱ জাগৃত হয়।

Was this article helpful?
Yes0No0

You may also like