জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 1, 2026

জীৱন্ত কালত সাত বাৰ বজ্ৰপাত পৰা এজন ব্যক্তি: ৰয় চুলিভান…

by Janagana Desk
1 minutes read
Lightening Man

এক কৌতুহলজনক কাহিনী। আমেৰিকাৰ ভার্জিনিয়াৰ এজন ব্যক্তি আছিল ৰয় ছুলিভান (Roy Sulivan)। এইজন মানুহক মুঠতে সাতবাৰ বজ্ৰপাতত আহত হয়। এই অদ্ভুত অভিজ্ঞতাৰ বাবে তেওঁ “Human Lightning Rod” বা “মানৱ বিজুলী ৰড” নামেৰে জনাজাত হৈছিল। ১৯৪২ – চনত হোৱা প্ৰথমটো বজ্রাঘাতত তেওঁ ভৰিৰ আঙুলি হেৰুৱায়। ইয়াৰ পাছত ১৯৬৯ চনত হোৱা আন এটা বজ্রাঘাতত তেওঁৰ চকুৰ চেলাউৰিখিনি নষ্ট হয়। ইয়াৰ এবছৰৰ পাছত ১৯৭০ চনৰ জুলাই মাহত হোৱা বজ্রাঘাতে তেওঁৰ বাঁও কান্ধ পুৰি নিয়ে। ১৯৭২ চনৰ এপ্রিল মাহত ছুলিভান পুনৰ বজ্রাহত হয়। সেইবাৰ তেওঁৰ মূৰৰ চুলিত জুই লাগে। ইয়াৰ পাছৰ বছৰৰ (১৯৭৩) এপ্রিল মাহত পুনৰ বজ্রাঘাতত তেওঁৰ চুলিখিনি পুৰি যায় আৰু ভৰি দুটাও গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। ১৯৭৬ চনৰ জুন মাহৰ এটা বজ্রাঘাতে তেওঁৰ ভৰিৰ সৰু গাঁঠিৰ ক্ষতি কৰে। ৰয় ছুলিভানৰ ওপৰত শেষৰটো বজ্রাঘাত হৈছিল ১৯৭৭ চনৰ জুন মাহত। সেইবাৰ তেওঁৰ বুকু আৰু পেট অগ্নিদগ্ধ হয়। সাতবাৰকৈ বজ্রাহত হ’লেও ১৯৮৩ চনলৈকে ছুলিভান জীয়াই আছিল। চুলিভানৰ মতে তেওঁক প্ৰথমবাৰৰ বাবে বিজুলীৰ আঘাত ১৯৪২ চনত নহয় বৰঞ্চ ইয়াৰ বহু আগতেই হৈছিল। সৰুতে দেউতাকক পথাৰত ঘেঁহু কাটিবলৈ সহায় কৰি থাকোঁতে বজ্ৰপাত এটাই তেওঁৰ কাঁচৰ ব্লেডত আঘাত নকৰাকৈয়ে খুন্দা মাৰিলে। কিন্তু পিছত সত্যটো প্ৰমাণ কৰিব নোৱাৰাৰ বাবে তেওঁ কেতিয়াও দাবী কৰা নাছিল।

শ্বেনাণ্ডো ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ ৰয়ৰ ১৯৮৩ চনৰ ২৮ ছেপ্টেম্বৰৰ পুৱা ৭১ বছৰ বয়সত মূৰত নিজে গুলীচালনাৰ ফলত চুলিভানৰ মৃত্যু হয়। তেওঁৰ দুটা ৰেঞ্জাৰ টুপী নিউয়ৰ্ক চহৰ আৰু দক্ষিণ কেৰ’লিনাৰ দুটা গিনিজ ৱৰ্ল্ড প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে।

উল্লেখ্য যে ১৯৫৯ চনৰ পৰা ২০০০ চনৰ ভিতৰত ভাৰ্জিনিয়াত বজ্ৰপাতৰ ফলত ৫৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ২৩৮ জন লোক আহত হয়। আমেৰিকাত একে সময়তে ৩,২৩৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩,০৫৭ জন লোক আহত হয়।

Was this article helpful?
Yes0No0

You may also like