পশ্চিমবঙ্গৰ ৰাজনৈতিক ইতিহাস ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ আকৰ্ষণীয় আৰু গতিশীল অধ্যায়সমূহৰ অন্যতম। এক সময়ত এই ৰাজ্যখন আছিল ভাৰতীয় বামপন্থী আন্দোলনৰ আটাইতকৈ অভেদ্য দুৰ্গ। ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ, সুদীৰ্ঘ ৩৪ বছৰ ধৰি জ্যোতি বসু আৰু পৰৱৰ্তী সময়ত বুদ্ধদেৱ ভট্টাচাৰ্যৰ নেতৃত্বত ‘কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)’ তথা বামফ্ৰণ্টে পশ্চিমবঙ্গত এক সুকীয়া সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কৃতি গঢ়ি তুলিছিল। ব্যাপক ভূমি সংস্কাৰ, ত্ৰি-স্তৰীয় পঞ্চায়ত ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ আৰু কৃষককেন্দ্ৰিক প্ৰগতিশীল নীতিয়ে পশ্চিমবঙ্গক ভাৰতীয় গণতন্ত্ৰৰ এক অনন্য পৰীক্ষাগাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।
কিন্তু ইতিহাসৰ এই গৌৰৱোজ্জ্বল অধ্যায়ৰ অন্তৰালতেই ধীৰে ধীৰে গঢ় লৈ উঠিছিল এক গভীৰ আৰু অপৰিহাৰ্য ৰাজনৈতিক সংকট।
বাম ৰাজনীতিৰ পতন: প্ৰশাসনিক অহংকাৰ আৰু জনবিচ্ছিন্নতা
বামপন্থী ৰাজনীতিৰ যি সাংগঠনিক শক্তি এসময়ত তেওঁলোকৰ আটাইতকৈ ডাঙৰ সম্পদ আছিল, কালক্ৰমত সেয়াই তেওঁলোকৰ পতনৰ কাৰণ হৈ পৰিল। দলীয় সংগঠন লাহে লাহে প্ৰশাসনিক অহংকাৰ, ‘কেডাৰ-কেন্দ্ৰিক’ সৰ্বগ্ৰাসী সংস্কৃতি আৰু জনসাধাৰণৰ বাস্তৱ সমস্যাৰ পৰা বিচ্ছিন্ন এক যান্ত্ৰিক ব্যৱস্থালৈ পৰিণত হ’ল।
এই ঐতিহাসিক স্খলনৰ চৰম পৰিণতি আছিল সিঙ্গুৰ আৰু নন্দীগ্ৰাম আন্দোলন। যিটো ৰাজনৈতিক শক্তিয়ে কৃষক আৰু নিম্নবৰ্গৰ স্বাৰ্থ ৰক্ষাৰ ধ্বজ্জা উৰুৱাই ক্ষমতালৈ আহিছিল, সেই শক্তিয়েই যেতিয়া কৰ্পোৰেটপুঁজি আৰু উদ্যোগীকৰণৰ নামত বলপূৰ্বক ভূমি অধিগ্ৰহণৰ নীতি গ্ৰহণ কৰিলে, তেতিয়াই বাম ৰাজনীতিৰ নৈতিক আধাৰ কঁপি উঠিল। শ্ৰেণী সংগ্ৰামৰ তাত্ত্বিক মেৰপাকত আৱদ্ধ হৈ থকা নেতৃত্বই সাধাৰণ মানুহৰ মনস্তাত্ত্বিক ক্ষোভ বুজাত ব্যৰ্থ হ’ল আৰু ইয়াৰ ফলতেই ৩৪ বছৰীয়া শাসনৰ ভেটি খহি পৰিল।
তৃণমূলৰ উত্থান আৰু ইয়াৰ গাঠনিক সীমাবদ্ধতা
বামপন্থী শাসনৰ এই তীব্ৰ অসন্তোষক সাৰথি কৰি মমতা বেনাৰ্জীৰ নেতৃত্বত ‘সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে’ (AITC) ২০১১ চনত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰিলে। পশ্চিমবঙ্গৰ বৃহৎসংখ্যক জনসাধাৰণে আশা কৰিছিল যে এই ‘পৰিৱৰ্তন’ কেৱল চৰকাৰ সলনিৰে নহয়, বৰং এক নতুন গণতান্ত্ৰিক বিকল্পৰো সূচনা কৰিব।
বাস্তৱ কিন্তু বিপৰীতহে প্ৰমাণিত হ’ল। সময়ৰ লগে লগে তৃণমূল কংগ্ৰেছেও বামফ্ৰণ্টৰ সেই একেবোৰ নেতিবাচক বৈশিষ্ট্য— যেনে দলীয় কেডাৰৰ একক আধিপত্য, স্থানীয় স্তৰত নিৰ্বাচনী হিংসা, বিৰোধী শক্তিক দমন আৰু ৰাজনৈতিক অসহিষ্ণুতা নিজৰ মাজলৈ আনিলে।
বিগত কেইটামান বছৰত শিক্ষক নিযুক্তিৰ দৰে বৃহৎ কেলেংকাৰী, বৰ্ধিত বেকাৰত্ব, প্ৰশাসনিক দুৰ্বলতা আৰু আইন-শৃংখলাজনিত ধাৰাবাহিক বিতৰ্কে তৃণমূল চৰকাৰৰ ভাবমূৰ্তিৰ ব্যাপক ক্ষতিসাধন কৰিলে। শাসনতন্ত্ৰৰ এই নৈতিক অৱক্ষয়ে ৰাজ্যখনত পুনৰ এক গভীৰ ৰাজনৈতিক শূন্যতাৰ সৃষ্টি কৰিলে।
বিজেপিৰ উত্থান: শূন্যতা পূৰণ আৰু নতুন ৰাজনৈতিক ভাষ্য
পশ্চিমবঙ্গৰ মাটিত ভাৰতীয় জনতা পাৰ্টী (BJP) বা সোঁপন্থী ৰাজনীতিৰ উত্থান কোনো আকস্মিক ঘটনা বা ক্ষন্তেকীয়া ঢৌ নহয়। ইয়াৰ আঁহত আছিল ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (RSS)-ৰ সুদীৰ্ঘ দিনৰ নীৰৱ সাংগঠনিক কুচকাৱাজ। বিজেপিয়ে তৃণমূল চৰকাৰৰ বিৰুদ্ধে থকা গণ-অসন্তোষক কেৱল ব্যৱহাৰেই কৰা নাই, বৰং তাক এক শক্তিশালী ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰিছে।
জাতীয়তাবাদ, সীমান্ত সুৰক্ষা, অবৈধ অনুপ্ৰৱেশৰ সমস্যা, নাগৰিকত্ব সংশোধনী আইন (CAA), হিন্দু পৰিচয়বাদী ৰাজনীতি আৰু “বঙালী সংস্কৃতি সংকটত” — এই বিষয়সমূহক কেন্দ্ৰ কৰি বিজেপিয়ে এক নতুন আৱেগিক আৰু সামাজিক ভাষ্য (Narrative) গঢ়ি তুলিবলৈ সক্ষম হ’ল।
শ্ৰেণী ৰাজনীতি বনাম পৰিচয়ৰ ৰাজনীতি
বামপন্থী ৰাজনীতিৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা আছিল এইটোৱেই যে তেওঁলোকে ভাৰতীয় সমাজ ব্যৱস্থাৰ জটিল ধৰ্মীয়, ভাষিক আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰশ্নক সদায় কেৱল “শ্ৰেণী ৰাজনীতি”ৰ (Class Politics) একমাত্ৰ চশমাৰে চাব বিচাৰিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত এই উপৰি-গাঁথনিসমূহক সম্পূৰ্ণ উপেক্ষা কৰি দীৰ্ঘদিন ৰাজনীতি কৰা অসম্ভৱ।
বিজেপিয়ে ঠিক এই তাত্ত্বিক শূন্যতাৰ সুযোগ গ্ৰহণ কৰিলে। যি পশ্চিমবঙ্গৰ মাটিত হিন্দুত্ববাদী ৰাজনীতি এসময়ত সম্পূৰ্ণ অপৰিচিত আছিল, সেই মাতিতে আজি বিজেপিয়ে নিজকে শক্তিশালী “বিকল্প শক্তি” হিচাপে প্ৰতিষ্ঠা কৰিলে। বিশেষকৈ সীমান্তৱৰ্তী জিলাসমূহ, সামাজিকভাৱে বঞ্চিত মাটুৱা সম্প্ৰদায়, নগৰীয়া মধ্যবিত্ত আৰু নতুন প্ৰজন্মৰ প্ৰথমবাৰৰ ভোটাৰসকলৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱাটোৱে এই কথা প্ৰমাণ কৰে।
ইতিহাসৰ শিক্ষা আৰু ভৱিষ্যতৰ ইংগিত
আজিৰ পশ্চিমবঙ্গৰ ৰাজনীতি কেৱল তৃণমূল বনাম বিজেপিৰ এক সাধাৰণ নিৰ্বাচনী যুঁজ নহয়; ই আচলতে ভাৰতীয় গণতন্ত্ৰৰ এক বৃহৎ আদৰ্শগত আৰু গাঁথনিক পৰিৱৰ্তনৰ প্ৰতিফলন। বামপন্থী আন্দোলনৰ ঐতিহাসিক দুৰ্গত সোঁপন্থী হিন্দুত্ববাদী ৰাজনীতিৰ এই দ্ৰুত উত্থানে আমাক এক গুৰুত্বপূৰ্ণ সত্যৰ মুখামুখি কৰায়— যদি কোনো ৰাজনৈতিক শক্তিয়ে জনসাধাৰণৰ বাস্তৱ সমস্যা, তেওঁলোকৰ সাংস্কৃতিক উদ্বেগ আৰু নতুন প্ৰজন্মৰ আশা-আকাংক্ষাক সময়মতে বুজিবলৈ ব্যৰ্থ হয়, তেন্তে ইতিহাসে তাক কেতিয়াও ক্ষমা নকৰে।
বাম ৰাজনীতিৰ বৰ্তমানৰ পতনৰ অৰ্থ এইটো নহয় যে সামাজিক ন্যায়, ধৰ্মনিৰপেক্ষতা বা শ্ৰমিক-কৃষকৰ অধিকাৰৰ প্ৰাসংগিকতা শেষ হৈ গৈছে। বৰং নতুন সময়ৰ জটিল বাস্তৱতাৰ সৈতে খাপ খুৱাই নতুন ভাষা, নতুন নেতৃত্ব আৰু আধুনিক সাংগঠনিক কৌশল গঢ়ি তুলিব নোৱাৰাৰ বাবেহে এই ঐতিহাসিক সংকট ঘটিছে।
পশ্চিমবঙ্গৰ সাম্প্ৰতিক পৰিস্থিতিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক চিৰন্তন শিক্ষা কঢ়িয়াই আনিছে— গণতন্ত্ৰত কোনো শক্তিয়েই স্থায়ী নহয়। আদৰ্শ, সংগঠন আৰু জনসম্পৰ্কৰ মাজত যদি ভাৰসাম্য হেৰাই যায়, তেন্তে ইতিহাসে সদায় নিজৰ গতি সলাই এক নতুন বিকল্পৰ পথ প্ৰশস্ত কৰে।






