দুৰ্গা পূজাৰ উলহ মালহৰ মাজতে আহিল বিষাদৰ খবৰ: ভাৰতবৰ্ষই হেৰুৱালে এটা অমূল্য ৰত্ন। ৰতন টাটাৰ বিয়োগৰ খবৰ অতি দুখ জনক আৰু সমগ্ৰ ভাৰতৰ বাবে এক আপুৰুগীয়া ক্ষতি।
ৰতন টাটা মাথোঁ এজন বিশ্ব বিখ্যাত উদ্যোগপতিয়ে নাছিল, তেখেত আছিল এক বিশ্বাস আৰু এই বিশ্বাস বিশ্বৰ ৰাইজৰ মাজত হৈছিল টাটাৰ সততা, গুণাগুণ আৰু ব্যৱসায়ৰ মাজেৰে ৰাইজৰ হকে চিন্তা কৰা এক অতুলনীয় গুণৰ বাবে।
ভাৰত তথা বিশ্বত ধনী উদ্যোগপতি বহু আছে, কিন্তু ৰতন টাটা অতুলনীয়। তেখেতে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ কথা চিন্তা কৰি আৰম্ভ কৰা নেনো গাড়ীয়ে কিমান পৰিয়াললৈ আশাৰ বতৰা আনিছিল। অকল সেয়ে নহয়, টাটাৰ প্ৰতিটো ব্যৱসায়, প্ৰতিটো Product ৰাইজে বিশ্বাসৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি আহিছে। স্বাভাৱিকতে এনেবোৰ গুণৰ বাবে বিশ্বৰ ব্যৱসায়িক ক্ষেত্ৰত ৰতন টাটাৰ সদায় সুকীয়া।
পৰোপকাৰৰ এক নিদৰ্শন হিচাবে ৰতন টাটাই তেখেতৰ টাটা ট্ৰাষ্টৰ জৰিয়তে সম্পত্তিৰ এক বৃহৎ অংশ সামাজিক কাৰণত উৎসৰ্গা কৰিছে। এই ন্যাসবোৰে স্বাস্থ্যসেৱা, শিক্ষা, গ্ৰাম্য উন্নয়ন, পানী আৰু অনাময়, আৰু কলা আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত সমগ্ৰ ভাৰতৰ লাখ লাখ লোক উপকৃত হয়। টাটা মেম’ৰিয়েল চেণ্টাৰৰ জৰিয়তে, টাটা ট্ৰাষ্টে ভাৰতত কৰ্কট ৰোগ গৱেষণা আৰু চিকিৎসা আগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। টাটাৰ এই ট্ৰাষ্টবোৰে গ্ৰাম্য স্বাস্থ্যসেৱা প্ৰকল্প, পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়া, আৰু স্বাস্থ্যসেৱা আন্তঃগাঁথনি নিৰ্মাণৰ বাবেও পুঁজি যোগান ধৰি আহিছে।
স্বাভাৱিকতে প্ৰশ্ন উদয় হয় যে এনে এজন বিশ্ব বিখ্যাত উদ্যোগপতি আৰু বিশিষ্ট সমাজসেৱী ব্যক্তিক তেখেতৰ জীৱিত কালত ভাৰত ৰত্নৰে বিভূষিত কৰা উচিত নাছিল নে ? হয়টো পাৰ্ছী সম্প্ৰদায়ৰ পৰা অহা এজন ব্যক্তি যিয়ে ৰাজনীতিৰ পৰা দূৰত অৱস্থান কৰি সমাজ আৰু ৰাইজৰ হিতে নিস্বাৰ্থ ভাবে আজীৱন কাম কৰি যোৱা বাবেই ৰাজনৈতিক সমীকৰণত তেখেতৰ বাবে ভাৰত ৰত্ন গণ্য নহল, সেয়া এক আক্ষেপ সদায় থাকিব। হয়টো আমি যোগ্য ব্যক্তিক উচিত মৰ্য্যদা দিব নাজানিলোঁ।






