জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

Vocal for Local নীতিৰ ফোঁপোলা স্বৰূপৰ এক নিদৰ্শন: One Station, One Product

by Dr Netraranjan
2 minutes read
Local for Vocal

Vocal for Local, অর্থাৎ স্থানীয় লোকেই সর্বপ্রথমে সকলো ক্ষেত্ৰতে অগ্রাধিকাৰ পাব লাগিব। যোৱা  দহ বছৰে এই শ্ল’গান আমাক চলাহি কথাত ভুল যোৱাৰ এক মন্ত্ৰহে বুলি প্ৰমাণিত হৈছে; বাস্তৱৰ ক্ষেত্ৰত এখন ওলোটা ছবিহে পৰিলক্ষিত হয়।এই কথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানত নিযুক্তিৰ পৰা ব্যৱসায়- বাণিজ্য আদি সকলোতে প্রমাণিত হৈছে। 

কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ে ২০২২ চনতে দেশজুৰি ‘ভোকেল ফৰ লোকেল’ক আগুৱাই নিয়াৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই ‘ৱান ষ্টেচন ৱান প্রডাক্ট’ আঁচনি। এই আঁচনিৰ জৰিয়তে ৰে’লৰ প্ৰতিটো ষ্টেচনতে স্থানীয়সকলৰ উৎপাদিত সামগ্ৰীৰ দ্বাৰা একো একোখন বজাৰ সৃষ্টি কৰিব বিচৰা হৈছিল। ইয়াৰ বাবে ভাৰতীয় ৰে’লৱে ব’র্ডে ২০ মে’, ২০২২ তাৰিখে এখন নীতি (Policy for implementation of ‘One station-one product scheme’ Union budget announcement-2022-23) প্রকাশ কৰিছিল আৰু এই নীতিতে সকলোধৰণৰ ব্যৱস্থা কৰাৰ ব্যাখ্যা কৰা হৈছিল। কিন্তু পৰিতাপৰ কথা যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কোনো এটা ষ্টেচনতো আজিপর্যন্ত এনে ব্যৱস্থা গ্রহণ কৰা নহ’ল। স্থানীয় উদ্যোগী বা স্থানীয়ভাবে উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰা, পেছেঞ্জাৰৰ ওচৰত স্থানীয় ঐতিহ্যমণ্ডিত সামগ্ৰীৰ বিক্ৰী আৰু অতিৰিক্ত আয় বঢ়োৱাৰ উদ্দেশ্যে এই ‘ৱান ষ্টেচন ৱান প্রডাক্ট’ আঁচনি আৰম্ভ কৰা হৈছিল। বিশেষতঃ স্থানীয়ভাৱে উৎপাদিত হস্তশিল্প আৰু বস্ত্ৰশিল্প, পৰম্পৰাগত সাজ-পোছাক, স্থানীয় কৃষিভিত্তিক উৎপাদিত সামগ্ৰী আৰু খাদ্য বিক্ৰীৰ বাবে একো একোখন আউটলেট বা কেন্দ্র স্থাপন কৰিব পাৰিব। এই আউটলেটৰ বহল ৬×৫ বা ৬×১০ ফুট আৰু ওখ ৭ বা ৯ ফুটৰ হ’ব পাৰে বুলিও নীতি নির্ধাৰণ কৰা হৈছিল। ইয়াৰ বাবে স্থানীয় উৎপাদনকাৰীয়ে নির্দিষ্ট প্রমাণপত্র দাখিলেৰে স্থানীয় ৰে’লৱে ষ্টেচনৰ ষ্টেচন মাষ্টাৰ বা প্ৰবন্ধকৰ জৰিয়তে বিভাগৰ ওচৰত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে ৰে’লৱে বিভাগে প্রতিটো ষ্টেচনত আবেদনপত্ৰৰ ফৰ্ম যোগান ধৰা বা আবেদনপত্র দাখিলৰ বাবে নির্দিষ্ট বাকচৰ ব্যৱস্থাও কৰা হ’ব বুলি দোহাৰিছিল। স্থানীয় উৎপাদনকাৰী, শিল্পীসকলে কেৱল ১,০০০ টকাৰে নিজৰ নাম পঞ্জীয়ন কৰিয়ে স্থানীয় ৰে’লৱে ষ্টেচনটো সামগ্রী বিক্ৰীৰ বাবে এটা আউটলেট স্থাপন কৰিব পাৰিব বুলি আঁচনিযোগে কোৱা হৈছিল।পিচে ইয়াৰ পৰৱৰ্তী সময়ত আঁচনিখন ৰূপায়ণ কৰিবলৈ কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আজিও উঠি আহিছে। কিয়নো উত্তৰ-পূবৰ ৰে’লৱে ষ্টেচনবোৰত আজিকোপতি তেনে কোনো স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ এখন বজাৰ গঢ়ি নুঠিল। আনকি এই আঁচনিখন প্ৰচাৰৰো তেনে কোনো ব্যৱস্থা নকৰাত স্থানীয় উদ্যোগীয়ে আবেদন কৰাৰ সুযোগ লাভ কৰা নাই। ইয়াৰ বিপৰীতে ‘বান ষ্টেচন ৱান প্রডাক্ট’ আঁচনিৰ জৰিয়তে উত্তৰ-পূবৰ ৰে’লৱে ষ্টেচনবোৰত পুনৰ বহিৰাগতক সুযোগ দিয়াৰহে এক ষড়যন্ত্র চলি থকাৰ উমান লাভ কৰা গৈছে। কিয়নো এই আঁচনিতো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ একাংশ বহিৰাগত বিষয়াই থলুৱাক বঞ্চিত কৰি গোপনে বাহিৰৰ ব্যৱসায়ীক সুযোগ দিয়া গভীৰ চক্ৰান্তত লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। ইয়াৰ ফলত স্থানীয় উদ্যোগীৰ উৎপাদিত সামগ্ৰী তথা পৰম্পৰাগত সাজ-পোছাক, খাদ্য-সামগ্রীক বিশ্বমুখী কৰিবলৈ লোৱা কেন্দ্ৰৰ উদ্যোগত আহি পৰিল স্থবিৰতা। এইক্ষেত্ৰত অনাগত সময়ত কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব।

Was this article helpful?
Yes0No0

You may also like