জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

সোঁৱৰণিৰ পাতত ‘গ্ৰীটিংছ কাৰ্ড’

by Janagana Desk
1 minutes read
Greetings Card

নতুন বছৰৰ প্ৰাকমুহূৰ্তত মনলৈ অহা এটা পুৰণি তথা আপোন শব্দ হৈছে গ্ৰীটিংছ কাৰ্ড। কিন্তু কালৰ বুকুত হেৰাই গ’ল এই হেঁপাহৰ গ্ৰিটিংছ কাৰ্ডখন। এসময়ত নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ মাধ্যম আছিল গ্ৰীটিংছ কাৰ্ড কিন্তু সময়ৰ সোঁতত হেৰায় গ’ল এই আৱেগ। আপোনজনৰ হাতৰ উমাল পৰশে জীপাল কৰা এই কাৰ্ডখনেই আছিল এটা সময়ত মৰমৰ আদান-প্ৰদানৰ এক অন্যতম মাধ্যম ।কিন্তু সময়ৰ ধামখুমীয়াত এতিয়া অতীত হ’ল মৰমৰ উমসনা, আৱেগেৰে সিক্ত গ্ৰিটিংছ কাৰ্ড। গ্ৰিটিংছ কাৰ্ড কেৱল এখন কাৰ্ড নহয় মৰম আন্তৰিকতাৰে ভৰা এক উপহাৰ। এজনে আনজনক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অন্যতম মাধ্যম হিচাপে পৰিচিত এই গ্ৰীটিংছ কাৰ্ড এতিয়া মাথোঁ নষ্টালজিয়া, বুকুৰ মৰমসনা এখিলা সৰাপাত। সহজাত ছ’চিয়েল মাধ্যমৰ সুলভ ব্যৱহাৰ আৰু যান্ত্ৰিকতাৰ কোবাল ঢৌৱে তচনচ কৰি পেলোৱা অতীতৰ ভাললগা সেই সময়বোৰে আপোনাকো নিশ্চয় কন্দুৱায়, কৰি তোলে বেদনা গধুৰ। মনত হয়তো এনে ভাবো আহে, কালৰ বুকুত ক্ৰমান্বয়ে নিঃশেষ হোৱা গ্ৰিটিংছ কাৰ্ডৰ সেই ৰোমাঞ্চকৰ দিনবোৰ যেন আকৌ এবাৰ জীপাল হৈ পৰিব।

আধুনিকতাৰ প্ৰৱল গ্ৰাহে ক্ৰমাৎ নোহোৱা কৰিলে গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা। বৰ্তমান যুগত এই গ্ৰীটিংছ কাৰ্ড ৰ মাদকতা নুবুজে নৱ প্ৰজন্মই। উল্লেখ্যযে জন্ম হৈয়ে এই প্ৰজন্মই চলাবলৈ শিকে স্মাৰ্ট ফোনৰ স্মাৰ্ট পৃথিৱী। প্ৰায় সকল নৱ প্ৰজন্মই বৰ্তমান ব্যস্ত থাকে সামাজিক মাধ্যমত। সময় সলনি হ’ল সময়ৰ লগত খাপ খাব পৰাকৈ সলনি হৈছে মানুহ। এটা সময়ত সেই গ্ৰীটিংছ কাৰ্ড ৰ শুভেচ্ছা দিবৰ বাবে টনা আজুৰা লাগিছিল সকলোৰে। বৰ্তমান গ্ৰীটিংছ কাৰ্ড ৰ সলনি WhatsApp, Facebookত এটা message দি দিলেই যথেষ্ট। এতিয়া যেন পাহৰণি গৰ্ভত সেই গ্ৰীটিংছ কাৰ্ড দিন বোৰ। বহুজনৰে আশা- আকৌ ঘূৰি আহক সেই সোণোৱালী অতীত !

Was this article helpful?
Yes0No0

You may also like