Skip to content

Feminichi Fathima (চিনেমা পৰ্যালোচনা)

Janagana Desk
January 19, 20252 second read
Fathima

কেইবছৰমানৰ আগতে মালয়ালম অভিধানত এটা নতুন শব্দ ‘ফেমিনিচি’ সংযোগ হৈছিল,  যিটো নাৰীবাদী বা নিজৰ মতামত থকা মহিলাৰ বাবে ব্যৱহাৰ কৰা গালি বা বেয়া (slang) শব্দ। এই শব্দটো পুনৰ উদ্ভাৱন কৰিছে ফাচিল মহম্মদে। কেৰালাৰ ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFK)ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শিতানত প্ৰিমিয়াৰ হোৱা ফাচিল মহম্মদৰ পৰিচালনাৰ প্ৰথম ছবি Feminichi Fathima (ফেমিনিচি ফাথিমা) হৈছে ঘৰতে থকা পত্নী, মাতৃৰ প্ৰত্যাহ্বান আৰু স্থিতিস্থাপকতাক চিত্ৰিত কৰা এখন শক্তিশালী ছবি হৈছে। ছবিখনত প্ৰতিফলিত হৈছে বাস্তৱ জীৱনৰ সৰল গাথা । চাৰি বেৰৰ মাজত আৱদ্ধ প্ৰায় সকলো পত্নী আৰু মাতৃসকলে সহ্য কৰা সংগ্ৰামৰ এক নিত্য নিয়মিত দৃশ্য। এই ছবিখনৰ পৰিৱেশ কেৰেলাৰ মালাপ্পুৰম জিলাৰ উপকূলীয় চহৰ পোন্নানীত। নিয়ন্ত্ৰিত স্বামী আৰু স্তব্ধ পৰম্পৰাৰ বিৰুদ্ধে এগৰাকী নাৰীৰ নীৰৱ বিদ্ৰোহ আৰ্থিক স্বাধীনতাৰ বাবে এক হাস্যৰসময়ী আৰু গভীৰভাৱে মন চুই যোৱা যুদ্ধত পৰিণত হয়। পিতৃতন্ত্ৰৰ সমালোচনাৰ বাহিৰেও ছবিখনে অন্ধবিশ্বাসৰ স্বেচ্ছাচাৰী প্ৰকৃতি আৰু মানুহে বিশেষকৈ ক্ষমতা ব্যৱহাৰ কৰাসকলে কেনেকৈ ধৰ্মীয় শিক্ষাক নিজৰ স্বাৰ্থৰ লগত খাপ খুৱাই হেঁচা মাৰি ধৰে সেই বিষয়েও দেখুৱাইছে। মানৱ অভিজ্ঞতাৰ জটিলতাক আকোৱালি লোৱাৰ লগতে ৰক্ষণশীলতাৰ অৰ্থহীনতাক উপহাস কৰা এখন ছবি। মহিলাৰ জীৱনত আৰ্থিক স্বাধীনতাৰ গুৰুত্বকো চিনেমাখনে দেখুৱাইছে। আশ্ৰাফৰ অত্যাচাৰী কঠোৰতাৰ সন্মুখত থিয় দিয়াই হওক, শাহুৱেকৰ অবিৰত ঠেলা-হেঁচাক আওকাণ কৰাই হওক বা ছুৰাৰ বন্ধুত্বত সান্ত্বনা পোৱাই হওক, ফাতিমাৰ জয় গভীৰভাৱে ব্যক্তিগত যদিও সাৰ্বজনীনভাৱে অনুৰণিত।

আৰম্ভণিৰে পৰাই ফাতিমাক ঘৰৰ সকলো অপ্ৰীতিকৰ আৰু কষ্টকৰ কাম চম্ভালি লোৱা এগৰাকী গৃহিণীৰ ৰূপত দেখুওৱা হৈছে। শাহুৱেকে ঘৰৰ কামত সহায় কৰাৰ বিপৰীতে ঘৰৰ কাম কাজৰ যিকোনো কামৰ পৰা আঁতৰি থাকে। কিন্তু ফাতিমাৰ অদম্য প্ৰচেষ্টাৰ পিছতো আশ্ৰফ আৰু মাক দুয়োজনেই তাই পাব লগীয়া সন্মান নিদিয়ে আৰু তাইৰ সকলো কামকে সমালোচনা কৰিবলৈ লয়। ছবিখনৰ এটা মুহূৰ্তত সামাজিক গতিশীলতাক সম্পূৰ্ণৰূপে ওলোটাই পেলায়, পিতৃতান্ত্রিক নিয়ন্ত্ৰণৰ অধীনৰ পৰা ওলাই আহিলেই মহিলাসকলৰ সীমাহীন সম্ভাৱনাক প্ৰদৰ্শন কৰে। ইফালে ছবিখনে আশ্ৰাফৰ সম্পূৰ্ণ অযোগ্যতাক উদঙাই দিছে, আনকি মৌলিক কামবোৰো চম্ভালিব নোৱাৰাৰ ওপৰত আলোকপাত কৰিছে। এটা স্মৰণীয় শ্বটত তেওঁক প্ৰেচাৰ কুকাৰ খুলিবলৈ সংগ্ৰাম কৰি থকা চিত্ৰিত কৰা হৈছে, যিয়ে তেওঁৰ জীৱনৰ মহিলাসকলৰ ওপৰত নিৰ্ভৰশীলতাক আলোকপাত কৰিছে আৰু তেওঁলোকৰ অবিহনে তেওঁ কিমান অক্ষম হ’ব সেইয়াও দৃষ্টিপাত কৰাইছে।

ৰাজকুমাৰ ফ্ৰান্সিছৰ চিনেমেট’গ্ৰাফীও প্ৰশংসাৰ যোগ্য। যিখন পৃথিৱীত ফাতিমাৰ দৰে নাৰীক প্ৰায়ে ম্লান হোৱাৰ আশা কৰা হয়, সেইখন পৃথিৱীত এই ছবিখনে দৈনন্দিন নাৰীৰ নিস্তব্ধ শক্তি আৰু স্থিতিস্থাপকতাক উদযাপন কৰিছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top