Skip to content

শাৰীৰিক, মানসিক সুস্থতাৰ বাবে যোগৰ উপকাৰীতা

Janagana Desk
January 23, 20252 second read
Benefits of Yoga

যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন। যোগ হৈছে এক প্ৰকাৰৰ প্ৰাচীন শাৰীৰিক আৰু মানসিক ক্ৰিয়া। মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে শৰীৰৰ নমনীয়তা, শক্তি আৰু উশাহ-নিশাহৰ প্ৰক্ৰিয়া উন্নত কৰাত গুৰুত্ব আৰোপ কৰা হয়। যোগৰ প্ৰধান উপাদানসমূহ হ’ল আসন আৰু বিশেষ শ্বাস-প্ৰশ্বাসৰ কৌশল। যোগ আসনক যোগাসন বোলা হয়, যিবোৰ শৰীৰৰ অনন্য ভংগীমা। এই শৰীৰৰ ভংগীমা বা যোগাসন এনেদৰে প্ৰস্তুত কৰা হয় যাতে নিয়মিতভাৱে অভ্যাস কৰিলে শৰীৰৰ নমনীয়তা আৰু শক্তি বৃদ্ধি পায়। যোগৰ আদিম উল্লেখ ভাৰতৰ অন্যতম পুৰণি গ্ৰন্থ “ঋগবেদ”ত পোৱা যায়। যোৱা কেইবছৰমানৰ পৰা বিশ্বজুৰি যোগৰ জনপ্ৰিয়তা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। কিছুমানে শৰীৰৰ নমনীয়তা আৰু শক্তি বৃদ্ধিৰ বাবে আসন কৰে, আন কোনোৱে মানসিক চাপ আৰু উদ্বেগ আদি বিকাৰ দূৰ কৰিবলৈ যোগাসন গ্ৰহণ কৰে।

যোগৰ ফলাফলৰ মানদণ্ড আৰু ফলপ্ৰসূতাৰ ওপৰত বহু গৱেষণা কৰা হৈছে। এই গৱেষণাৰ বহুখিনিয়েই যোগাসন শাৰীৰিক ক্ৰিয়া-কলাপ, নমনীয়তা আৰু ভাৰসাম্য বৃদ্ধি আৰু শক্তি প্ৰদানৰ এক ফলপ্ৰসূ উপায় বুলি প্ৰমাণ কৰিছে। তদুপৰি কিছুমান গৱেষণাৰ বাবেও উচ্চ ৰক্তচাপ, হৃদৰোগ, মানসিক ৰোগ থকা ৰোগীৰ বাবে যোগাসন অতি উপকাৰী। যোগাসনৰ ফলত আমাৰ নিষ্ক্ৰিয় গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে আৰু সোনকালে বয়সৰ ছাপ নপৰে। ইয়ে আমাৰ পেটৰ ভিতৰৰ বিভিন্ন কাৰ্য সম্পাদন সহজ কৰি তোলে আৰু হজম শক্তিত সহায় কৰে ।

১) নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থৰ তথ্য অনুসৰি কিছুমান বৈজ্ঞানিক প্ৰমাণ পোৱা গৈছে যে যোগাসনে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে, ভাল টোপনিৰ লগতে আৰু শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি ঘটায় ।

২ ) যোগাসন হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। নিয়মীয়া যোগাভ্যাসে শাৰীৰিক চাপৰ মাত্ৰা হ্ৰাস কৰে আৰু শৰীৰৰ ভিতৰৰ প্ৰদাহ আৰু ৰঙা পৰা হ্ৰাস কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে। হৃদযন্ত্ৰৰ ৰোগ সৃষ্টি কৰা কিছুমান কাৰক যেনে উচ্চ ৰক্তচাপ আৰু মেদবহুলতাও যোগাসন গ্ৰহণ কৰিলেও হ্ৰাস কৰিব পাৰি।

৩)  যোগাসনে শাৰীৰিক শক্তি, নমনীয়তা আৰু ভাৰসাম্য বৃদ্ধি কৰে। যোগাসনৰ সময়ত লাহে লাহে শাৰীৰিক গতিবিধি কৰাৰ সময়ত গভীৰ উশাহ-নিশাহ ল’লে তেজৰ সোঁত বৃদ্ধি পায় আৰু পেশী সক্ৰিয় হয়। একেদৰে যোগাসনৰ সময়ত ধৰি ৰখা ভংগীমাৰ দ্বাৰা শাৰীৰিক শক্তিৰ বিকাশ ঘটে।

৪) যোগাসনৰ ফলত পিঠি আৰু গাঁঠিৰ বিষৰ পৰা উপশম লাভ কৰে। পিঠিৰ বিষ কমোৱাত যোগাসন অতি উপকাৰী। যোগাসনে কেৱল বিষ কমোৱাত সহায় কৰাই নহয় ইয়াৰ ফলত আক্ৰান্ত অংশৰ গতিশীলতাও বৃদ্ধি পায়। আমেৰিকাৰ কিছুমান মেডিকেল কলেজে কঁকালৰ বিষৰ প্ৰাৰম্ভিক চিকিৎসা হিচাপে যোগাসনৰ পৰামৰ্শ দিয়ে।বাতবিষৰ ফলত হোৱা বিষ আৰু গাঁঠিৰ সমস্যা কিছু যোগাসনৰ সহায়ত কমাব পাৰি। কিছুমান গৱেষণাত যোগাসনক বাতবিষৰ বাবে অতি ফলপ্ৰসূ বুলি বৰ্ণনা কৰা হৈছে।

৬)  যোগাসনে সুস্থ মস্তিষ্কৰ বিকাশত  সহায় কৰে। দৈনন্দিন মানসিক আৰু শাৰীৰিক শক্তি সঠিক যোগাসনৰ ভংগীমাৰ দ্বাৰা সম্প্ৰসাৰিত হয়। ইয়াৰ ফলত সজাগতা আৰু আনন্দৰ অনুভূতি বৃদ্ধি পায় আৰু নেতিবাচক আৱেগ হ্ৰাস পায়।

৭)  যোগাসনে আত্ম-যত্নৰ ভাৱ বিকশিত কৰে । বহু গৱেষণাৰ ফলাফলত দেখা গৈছে যে দৈনিক যোগাসন কৰা ব্যক্তিসকলে শাৰীৰিক যত্নৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। তদুপৰি যোগাসন কৰা লোকসকলে তেওঁলোকৰ খাদ্যাভ্যাস, টোপনি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে।

বয়সৰ লগে লগে শৰীৰৰ ভাৰসাম্যৰ ওপৰত প্ৰভাৱ পৰে, পেশীবোৰো দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত যোগাভ্যাস ইত্যাদি কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। কিছুমান গৱেষণাৰ মতে ৬৫ বছৰৰ ওপৰৰ লোকৰ যোগাসন সম্পৰ্কীয় আঘাতৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক। কিন্তু তলত দিয়া কথাবোৰৰ যত্ন ল’লে যোগাসনৰ সময়ত আঘাতৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। যোগাসনে আমাৰ বাবে প্ৰয়োজনীয় এটি কাৰ্য্যকলাপ।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top