জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 2, 2026

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিত্তীয় অৱদানত সংকোচন: উঃ-পূৱলৈ আবণ্টিত ৪৭,৬৫১ কোটি টকা কর্তন

by Dr Netraranjan
2 minutes read
Budget allocation for North East India

প্ৰায়ে উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰই মাহী আইৰ দৃষ্টিৰে চাই আহিছে এইয়া বাৰে বাৰে প্ৰমাণ কৰে তথ্যই। দেশৰ সামগ্ৰিক উন্নয়নৰ কথা কোৱা চৰকাৰৰ দৃষ্টি নপৰে উত্তৰ পূৰ্বাঞ্চলত। দেখিও নেদেখাৰ ভাও জুৰি চলাই আহিছে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক বৈষম্য। কেন্দ্রীয় চৰকাৰে প্ৰতি বছৰে বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে হাজাৰ হাজাৰ কোটি টকা ধাৰ্য কৰিও পৰৱৰ্তী সময়ত ধাৰ্য কৰা ধন মোকলাই নিদিয়া আৰু সংশোধিত বাজেটত ধন কৰ্তন কৰাৰ এক তথ্য উন্মোচিত হৈছে। বিগত পাঁচ বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বাবে বাজেট প্রস্তাৱত ২,৬৩,৫৪১ কোটি টকা ধার্য কৰিও শেষত মোকলাই দিলে মাত্র ২,১৫,৮৯০ কোটি টকাহে। অর্থাৎ মোদী চৰকৰে বিগত পাঁচ বছৰত কৰ্তন কৰিলে ৪৭,৬৫১ কোটি টকা। উত্তৰ পূৰ্বাঞ্চলৰ কথা ওলালেই অঞ্চলটোৰ প্ৰেমত গদগদ হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখনে আনকি প্ৰতি বছৰে বাজেটত উত্তৰ পূবৰ বাবে বৃহৎ অংকত ধন ধাৰ্য কৰি সংশোধিত বাজেটতে উক্ত ধন কর্তন কৰে। তথ্য অনুসৰিয়েই ২০১৯-২০ বিত্তীয় বৰ্ষত বাজেটত উত্তৰ পূবৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ আছিল ৫৯,৩৬৯ কোটি টকা কিন্তু সময়ত কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে মাত্র ৪৮,৫৩৩ কোটি টকাহে। আনহাতে ২০২০-২১ বিত্তীয় বর্ষত ধাৰ্য কৰা ৬০,১১২ কোটি টকাৰ ভিতৰত ৪৮৫৬৩ কোটি টকা, ২০২১-২২ বিত্তীয় বৰ্ষত ধাৰ্য কৰা ৬৮০২০ কোটি টকাৰ ভিতৰত ৭০৮৭৪ কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ধাৰ্য কৰা ৭৬০৪০ কোটি টকাৰ ভিতৰত ৪৭৯২০ কোটি টকা মোকলাই দিয়ে। একেদৰে ২০২৩-২৪ বিত্তীয় বর্ষত উত্তৰ পূৰ্বাঞ্চলৰ বাবে মুঠ ৯৪৬৭৯.৫৩ কোটি টকা ধাৰ্য কৰি শেষত সংশোধিত বাজেটত এই ধন ৯১৭৮৪.৫০ কোটি টকালৈ হাস কৰে। ২০১৯-২০ বিত্তীয় বর্ষত বাজেটত ঘোষণা কৰা ৫৯,৩৬৯.৯০ কোটি টকাও সংশোধিত বাজেটত ৫৩,৩৭৪.১৯ কোটিলৈ হ্রাস কৰাৰ পাছত ২০২০-২১ বিত্তীয় বর্ষত বাজেট মুঠ ৬০,১১২.১১ কোটি টকা ধাৰ্য কৰি পাছত এই ধন ৫১,২৭০.৯০ কোটি টকালৈ হ্রাস কৰা হয়। মন কৰিব লগীয়া কথা যে কেন্দ্রীয় চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা উগ্রপন্থী সংগঠনসমূহকো বঞ্চনা কৰি আহিছে। চুক্তি অনুসৰি প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে যি ধন দিব লাগে সেই ধন প্রদান নকৰে। বৰঞ্চ বাজেটত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু বি টি আৰক প্ৰদান কৰা ধনো হ্রাস কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰে বিগত সময়ত বাজেটত উত্তৰ পূবৰ বাবে কোনো উল্লেখনীয় প্রকল্প ঘোষণা কৰা নাই। যিবোৰ প্ৰকল্প পূৰ্বতে ঘোষণা কৰি থৈছিল উক্ত প্রকল্পসমূহ ৰূপায়ণতহে গুৰুত্ব দি আহিছে। কিন্তু ঘোষিত প্ৰকল্পৰ বাবেও ধন প্ৰদানৰ ক্ষেত্ৰত কার্পণ্য কৰি আহিছে চৰকাৰখনে। যাৰ ফলত দ্বৈত ৰে’ল পথ ৰূপায়ণ, ৰে’ল পথ বৈদ্যুতিকীকৰণৰ প্ৰকল্পটোকে আজিলৈকে সমাপ্ত হোৱা নাই। আনকি উত্তৰ পূবৰ সকলো ৰাজ্যৰে ৰাজধানীক ৰে’লেৰে সংযোগ কৰা হ’ব বুলি মোদী চৰকাৰে কৰি অহা ঘোষণাও আজিও পূৰণ হোৱা নাই। এনে পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে বাজেটত চমক সৃষ্টি কৰি হাজাৰ কোটি কোটি টকা ধাৰ্য কৰিও উক্ত ধন পৰৱৰ্তী সময়ত কিয় মোকলাই নিদিয়ে বা বাজেটত ঘোষণা কৰি সংশোধিত বাজেটতে সেই ধন কৰ্তন কৰাটোহে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

Was this article helpful?
Yes0No0

You may also like