Skip to content

কেৰিয়াৰৰ অন্যতম পথ : ব্ৰেণ্ড মেনেজমেণ্ট (Brand Management)

Janagana Desk
February 21, 20252 second read
Brand Management

বিশ্বায়নৰ যুগত এক প্ৰচুৰ সম্ভাৱনা থকা কেৰিয়াৰ হৈছে ব্ৰেণ্ড ব্যৱস্থাপনা (Brand Management)। যিকোনো বস্তু বা সামগ্ৰী ক্রয় কৰাৰ আগতে কি কিনিম বা কেনেকুৱা সামগ্রী কিনিম তাৰ বিষয়ে ভালদৰে অধ্যয়ন কৰো। প্রায়বোৰ ব্যক্তিয়ে যিকোনো ব্ৰেণ্ডৰ সামগ্রী ক্রয় কৰাৰ আগতে তাৰ বিষয়ে চাই লয়। ইয়াৰ লগত জড়িত কেৰিয়াৰৰ বিষয় হৈছে ব্ৰেণ্ড মেনেজমেণ্ট। ব্ৰেণ্ডিং হৈছে যিকোনো সামগ্রী সহজেই গ্রাহকৰ মাজত আকৰ্ষিত কৰিব পৰাকৈ কৰা এক প্রক্রিয়া। ইয়াৰ লগত জড়িত কেৰিয়াৰ হৈছে ব্ৰেণ্ড মেনেজমেণ্ট।

মার্কেটিঙৰ ক্ষেত্ৰত ব্রেণ্ডিং এক গুৰুত্বপূর্ণ দিশ আৰু ব্রেণ্ডিং অবিহনে কোনো কোম্পানী বা সামগ্ৰীয়ে সহজে বজাৰ দখল কৰিব নোৱাৰে।ব্ৰেণ্ড ব্যৱস্থাপনা হৈছে বিপণন, কৌশল, আৰু ব্যৱসায়িক বৃদ্ধিৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলৰ বাবে এক গতিশীল আৰু উপযুক্ত কেৰিয়াৰ। ইয়াৰ লগত কোম্পানী এটাৰ গ্ৰাহকৰ দৃষ্টিত নিজৰ সামগ্ৰী বা সেৱাৰ প্ৰতি ভাবমূৰ্তি আৰু ধাৰণা সৃষ্টি, ৰক্ষণাবেক্ষণ আৰু উন্নত কৰাটো জড়িত হৈ থাকে। আমি যিকোনো বস্তু বা সামগ্ৰী ক্রয় কৰাৰ আগতে কি কিনিম বা কেনেকুৱা সামগ্রী কিনিম তাৰ বিষয়ে ভালদৰে অধ্যয়ন কৰো। প্রায়বোৰ ব্যক্তিয়ে যিকোনো ব্ৰেণ্ডৰ সামগ্রী ক্রয় কৰাৰ আগতে তাৰ বিষয়ে চাই লয়।

ব্ৰেণ্ড মেনেজমেণ্টৰ লগত জড়িত এটি Job Profile হৈছে ব্ৰেণ্ড মেনেজাৰ। ব্ৰেণ্ড মেনেজাৰসকলৰ সম্পূর্ণ দায়িত্ব সামগ্রীক পৰিচালিত কৰাৰ। যিসকল মেনেজাৰে অনলাইনৰ ক্ষেত্ৰত কাম কৰে তেওঁলোকক ই-ব্ৰেণ্ড মেনেজাৰ বুলি ক’ব পাৰি। যিসকল ছাত্র-ছাত্রীয়ে ব্ৰেণ্ড মেনেজাৰ হ’ব বিচাৰে বা ব্ৰেণ্ড মেনেজমেণ্টৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িব খোজে, তেওঁলোকে এম বি এ পাঠ্যক্ৰম কৰিব পাৰে। যিকোনো বিষয়ৰ স্নাতকসকলে এম বি এ পাঠক্ৰমত নামভৰ্তি কৰিব পাৰে। অৱশ্যে দেশৰ আগশাৰীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্রয়োজন থাকে।

ব্ৰেণ্ড মেনেজাৰসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁলোক দায়বদ্ধ ব্যৱসায়িক লক্ষ্য পূৰণ কৰিবলৈ অৰ্থাৎ সাামগ্ৰীৰ এটা দৃষ্টিভংগী আৰু ৰোডমেপ তৈয়াৰ কৰা , গ্ৰাহকৰ পছন্দ, বজাৰৰ ধাৰা, আৰু প্ৰতিযোগীৰ কাৰ্য্যকলাপ বুজি পোৱা, ব্ৰেণ্ড পজিচনিং অৰ্থাৎ বজাৰত নিজকে কেনেকৈ পৃথক তাৰ সংজ্ঞা দিয়া, বিভিন্ন চেনেলত বিপণন অভিযানৰ ডিজাইন আৰু ৰূপায়ণ, পণ্য বিকাশ, কাৰ্য্যক্ষমতা বিশ্লেষণ অৰ্থাৎ ব্ৰেণ্ডৰ সফলতা নিৰীক্ষণ কৰা আৰু সেই অনুসৰি কৌশলসমূহ সামঞ্জস্য কৰা।

ব্ৰেণ্ড ব্যৱস্থাপনাত উৎকৃষ্ট সফলতা লাভ কৰিবলৈ আগ্ৰহী প্ৰাৰ্থী জনৰ শক্তিশালী বিশ্লেষণাত্মক দক্ষতা থাকিব লাগিব। বজাৰৰ তথ্য আৰু গ্ৰাহকৰ অন্তৰ্দৃষ্টিৰ ব্যাখ্যা কৰা।

তেওঁৰ চিন্তাধাৰা কৌশলগত হব লাগিব। আকৌ ব্যক্তি জনৰ সৃষ্টিশীলতা গুণ থাকিব লাগিব। ব্যক্তি জনৰ অভিযোজন ক্ষমতা শক্তিশালী হব লাগিব, পৰিৱৰ্তিত বজাৰ গতিশীলতা আৰু গ্ৰাহকৰ আচৰণ নেভিগেট কৰা।

ব্ৰেণ্ড মেনেজমেণ্টৰ লগত জড়িত কেইটামান পাঠ্যক্ৰম হৈছে- ডিপ্লমা ইন ব্ৰেণ্ড মেনেজমেণ্ট, চার্টিফিকেট ইন ব্ৰেণ্ড মেনেজমেণ্ট, পোষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন ব্ৰেণ্ড মেনেজমেন্ট, এম বি এ ইন প্ৰডাক্ট ব্ৰেণ্ড মেনেজমেন্ট, চাটিফিকেশন ইন ফেশ্বন ব্ৰেণ্ড মেনেজমেন্ট ইত্যাদি। বিশ্বায়নৰ ফলত এনেধৰণৰ কেৰিয়াৰৰ চাহিদা বৃদ্ধি পাইছে আৰু অনাগত দিনতো ইয়াৰ চাহিদা বৃদ্ধি পাব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
📌অৱশেষত NRC ৰ বহু বিতৰ্কিত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হল গোচৰ...📌309/25 নং গোচৰটো পঞ্জীয়ন কৰিলে দিশপুৰ থানাই হাজেলাৰ বিৰুদ্ধে...দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে দুর্নীতি আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰে গীতিকা ভট্টাচাৰ্য নামৰ এগৰাকী মহিলাই...📌দুৰ্নীতিগ্রস্ত হাজেলা এখন COACHING ACADEMY ৰো স্বত্বাধিকাৰী , মধ্যপ্ৰদেশৰ ভূপালত অৱস্থিত Hajela's IAS UPSC MPPSC COACHING ACADEMY...📌দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীল চৰকাৰৰ নাকৰ তলেৰে কেনেকৈ নিছিল ১৬ শ কোটি টকা ? ... See MoreSee Less
View on Facebook
📌উন্নত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে গীতা নামৰ এজনী ঘৰচীয়া হাতীয়ে....📌আজিৰ পৰা একমাহ পূৰ্বে চামগুৰিৰ ৰঙাগড়াত দুৰ্ঘটনাত পতিত হৈছিল পোহনীয়া হাতিটোৰ...... ... See MoreSee Less
View on Facebook

6 days ago

জনগণ বাৰ্তা
📌wariors ৰ শিৱসাগৰ জিলা নগৰ আঞ্চলিক সমিতিৰ সৌজন্যত দুদিনীয়া বিয়া নাম কৰ্মশালাৰ সম্পন্ন ....📌শিৱসাগৰৰ পৰা অপৰ্না ভৰালী ৰিপৰ্ট ৷ ... See MoreSee Less
View on Facebook
📌গৌৰীপুৰত ইটা ভাটাত উত্ত্তাপ্ত পৰিস্থিতি ,মালিক পক্ষক মাৰপিট কৰি কাৰ্য্যলয় ভাংচুৰ কৰাৰ লগতে নগত ধনলৈ উধাও.... ... See MoreSee Less
View on Facebook
📌 অসমীয়া গহনাই ভৌগোলিক সংকেত অৰ্থাৎ GI টেগ লাভ কৰাৰ পিছতেই আনন্দ মুখৰ হৈ পৰিছে অসমীয়া গহনাৰ ব্যৱসায়ী সকল....📌এই স্বীকৃতিয়ে অসমীয়া গহনাক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক বজাৰত এক বিশেষ স্থান দিব আৰু ইয়াৰ জালিয়াতি ৰোধ কৰিব 📌 ৰঙালী বিহুৰ প্ৰাকক্ষণত এনে সু-খবৰ অসমবাসীৰ বাবে এক আনন্দৰ বাতৰি।📌স্বৰ্ণশিল্পীসকলে GI টেগ লাভৰ আনন্দ প্ৰকাশ কৰি কয়, "এয়া আমাৰ পৰম্পৰাগত কলাকৌশলক ৰক্ষা কৰিবলৈ এটা অন্যতম পদক্ষেপ।" ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top