শেহতীয়াকৈ মুক্তি প্ৰাপ্ত এখন মালায়ালম ছবি ‘এল২ : এমপুৰাণ’ (L2 Empuraan) L2 Empuraan হৈছে মালয়ালম অভিনেতা-পৰিচালক পৃথ্বীৰাজৰ ২০১৯ চনৰ জনপ্ৰিয় ছবি ‘লুচিফাৰ’ ৰ চিকুৱেঞ্চ। শেহতীয়াকৈ বিভিন্ন কাৰণত শিৰোনাম দখল কৰিছিল ছবিখনে। ছবিখনৰ লগ এৰা নাই বিতৰ্কই , লগ এৰা নাই শাসকীয় পক্ষই। কেৰালা ষ্ট’ৰীৰ বাবে মুকলিকৈ প্ৰচাৰ চলোৱা বিজেপিয়ে তীব্ৰ বিৰোধিতা কৰিছে ছবিখনৰ। সত্যক বিকৃত কৰি কাহিনী গঢ়ি তোলাৰ প্ৰচেষ্টা বুলি ও অভিযোগ বিজেপি দলৰ। L2 Empuraan ৰ বিৰোধিতা কৰিছে কেৰালা ষ্ট’ৰীৰ বাবে মুকলিকৈ প্ৰচাৰ চলোৱা বিজেপিয়ে। যিহেতু বিজেপিয়ে হিন্দুত্ববাদী ৰাজনীতি কৰি জনপ্ৰিয়তা আৰু ভোট লাভ কৰাৰ আশা কৰে গতিকে এনে এখন ছবি তেওঁলোকৰ বাবে চকুৰ কুটা যেন পাব। দৰ্শকৰ কাষ ছপাৰ আগতেই এনে ছবিৰ প্ৰচলন ৰোধ কৰা যেন স্বাভাৱিক।
L2 Empuraan ক লৈ সৃষ্টি হোৱা বিতৰ্কই ৰাজনীতি আৰু চিনেমাৰ সংযোগস্থলক লৈ প্ৰশ্ন উত্থাপন কৰিছে। চৰকাৰী পক্ষৰ দ্বাৰা ৰাজনৈতিক এজেণ্ডা বিস্তাৰ কৰি কিছুমান ছবিক বা: বা: দি উৎসাহিত কৰাৰ পৰিৱৰ্তে কিছুমান ছবিক নিৰুৎসাহিত কৰাৰ এক ষড়যন্ত্ৰ চলিছে। চৰকাৰৰ বিৰুদ্ধে গৈ মাত মতাৰ অধিকাৰ কাৰো নাই সেইয়া লাগিলে চিনেমাতে হওঁক বা বাস্তৱতে হওঁক। চলচ্চিত্ৰ এখনক যেতিয়া মনোৰঞ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ নকৰি ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব তেতিয়ালৈকে এনেধৰণৰ ঘটনা সংঘটিত হৈয়েই থাকিব।
ব্লকবাষ্টাৰ একচন থ্ৰিলাৰখনে সংসদকো জোকাৰি গ’ল। বিজেপিয়ে এল ২: এম্পুৰান চিনেমাখন নিষিদ্ধ কৰিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে কাৰণ ইয়াত দলটোক নেতিবাচক দৃষ্টিৰে চিত্ৰিত কৰা হৈছে আৰু ইয়াৰ বিষয়ে কিছুমান সত্য উদঙাই দিয়া হৈছে। ২০০২ চনত গুজৰাট ৰাজ্যত সংঘটিত মুছলমান বিৰোধী গো ধৰা কাণ্ডক উল্লেখ কৰাকে ধৰি কিছুমান দৃশ্যকে ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যকে ধৰি হিন্দু গোটৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হয়। ২০০২ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোধৰা কাণ্ড, ৰেল জ্বলোৱাৰ ফলত গুজৰাটত শতাধিক লোকৰ মৃত্যু হৈছিল। ২০২৪ চনৰ ৩ মে’ত প্ৰকাশ পাইছিল ‘সাবৰমতী এক্সপ্ৰেছ’ নামৰ ছবি খন। ইয়াতো ২০০২ চনত গুজৰাটত গোধৰা এক্সপ্ৰেছত ৫৯ জন হিন্দু তীৰ্থযাত্ৰীৰ মৃত্যুৰ কাণ্ড টো দেখুওৱা হৈছিল। ছবিখনত গোধৰা ৰেল কাণ্ডৰ পিছৰ পৰিণতি আৰু তাৰ পিছত হোৱা সাম্প্ৰদায়িক হিংসাৰ দৃশ্য সন্নিবিষ্ট কৰা হৈছে। সমালোচকসকলে যুক্তি আগবঢ়ায় যে এই দৃশ্যবোৰ পক্ষপাতিত্বৰে উপস্থাপন কৰা হৈছে, যাৰ ফলত সম্ভাৱ্যভাৱে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয়। আনহাতে ছবিখনৰ বিৰোধীজনৰ নাম আছিল প্ৰথমে “বজৰংগী,” যিটো গুজৰাট দাঙ্গাৰ সৈতে জড়িত ব্যক্তি বাবু বজৰংগীৰ সৈতে ওতঃপ্ৰোতভাৱে মিল আছে। তাৰ পিছত প্ৰত্যক্ষ সংযোগৰ পৰা হাত সাৰিবলৈ চৰিত্ৰটোৰ নাম সলনি কৰি “বলদেৱ” কৰা হয়।
L2 Empuraan ছবিখন মুক্তিৰ পিছতেই ২৪টা দৃশ্য কৰ্তন কৰা হৈছিল যদিও নিষেধাজ্ঞাৰ দাবী কৰা হয় ছবিখন। ছবিখনৰ কিছু দৃশ্য আৰু বিষয়বস্তুৰ পৰিসৰে সমাজৰ বিভিন্ন অংশৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ছবিখনত এন আই এ, আই বি, ই ডিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকো নেতিবাচক দৃষ্টিৰে চিত্ৰিত কৰা হৈছে বুলি অভিযোগ উঠিছে। গতিকে তেওঁলোকে আন পৰিৱৰ্তনৰ লগতে গুজৰাট দাঙ্গা আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এন আই এ)ৰ উল্লেখ আঁতৰাই পেলায়।
চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে (CBFC) ছবিখনত ১৭টা কৰ্তনৰ নিৰ্দেশ দিয়ে, য’ত মহিলাৰ ওপৰত হোৱা হিংসাৰ চিত্ৰ অংকন কৰা কিছুমান দাঙ্গাৰ ক্ৰম আৰু দৃশ্য আঁতৰোৱাও অন্তৰ্ভুক্ত। এই পৰিৱৰ্তন কেন্দ্ৰৰ হস্তক্ষেপৰ পিছত কৰা হৈছিল৷
কেৰালা ষ্ট’ৰীৰ বাবে মুকলিকৈ প্ৰচাৰ চলোৱা বিজেপিৰ সহ্য নহল L2 Empuraan ক লৈ, সত্যক প্ৰতিফলিত কৰাৰ চেষ্টা কৰাৰ বাবেই বিতৰ্কিত নেকি ছবিখন ? সহনশীলতাৰ অভাৱ নেকি এইখন চৰকাৰৰ ? মত প্ৰকাশৰ স্বাধীনতা সদায় সকলো ৰাজনৈতিক দলৰ পৰা লুটপাতৰ বলি হৈ আহিছে যদিও বৰ্তমান সময়ত কিছু হলেও এই ক্ষেত্ৰত পৰিৱৰ্তন আহি পৰিছে।
ৰাজনৈতিক এজেণ্ডাই এতিয়া সাংস্কৃতিক জগতক নিস্তব্ধ কৰি পেলাইছে। মোহনলালৰ দৰে আইকনক ক্ষমা খুজিবলৈ বাধ্য কৰাইছে । এনেদৰে এজন অভিনেতাক ক্ষমা খুজিবলৈ বাধ্য কৰা আৰু পৰিয়ালক টাৰ্গেট কৰাটো বিজেপি দলৰ এক ষড়যন্ত্ৰ আৰু ই কোনো ধৰণৰতে গ্ৰহণযোগ্য নহয়। ভাৰতৰ সৰ্ববৃহৎ চলচ্চিত্ৰ উদ্যোগত মনোৰঞ্জন আৰু ৰাজনৈতিক প্ৰচাৰৰ মাজৰ ৰেখাডাল স্পষ্ট হৈ পৰিছে।
পূৰ্বেও নিৰ্বাচনৰ প্ৰাকক্ষনত মুক্তি পাইছিল BJP আৰু হিন্দুত্ববাদৰ Propaganda ৰ ধাৰাবাহিক চিনেমা। 2019 চনত মুক্তি পাইছিল “Accidental PrimeMinister” , এই ছবিৰ প্ৰচাৰ কৰিছিল বিজেপিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে। ঠিক সেইদৰে ২০১৯ চনত মুক্তি পাইছিল “URI : The Surgical Strikes”। এইখন চিনেমাত বিজেপিৰ অপপ্ৰচাৰ অধিক সূক্ষ্ম। মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা জনপ্ৰিয় শ্লোগানসমূহ হ’ল এই ছবিখনৰ আৱেগিক সংলাপ – “নয়া হিন্দুস্তান”, “পাকিস্তান কো উছি কি ভাষা মেইন জৱাব দেনা”। টিজাৰৰ পৰা আপুনি লক্ষ্য কৰিব যে বাস্তৱ জীৱনৰ প্ৰধান মন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰা পৰেশ ৰাৱালে চিনেমাখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এয়া চিনেমাৰ আটাইতকৈ ঘৃণনীয় ৰূপ কাৰণ ই আমাৰ ভাৰতীয় সেনাক বিজেপিৰ অপপ্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। আকৌ আন এখন হৈছে “Thackerey”, এই চিনেমাখন অৱশ্যে বিজেপিৰ সৈতে নহয়, হিন্দুত্বৰ সৈতেহে সম্পৰ্কিত । এই সকলোবোৰ ভোটৰ বাবে কৰাটো হতাশজনক প্ৰচেষ্টা। ৰাজনীতিক কাল্পনিক মনোৰঞ্জনৰ পৰা আঁতৰাই ৰাখিব পাৰে। এই চিনেমাবোৰ তথ্যৰ উৎস হিচাপে নহয়, মনোৰঞ্জন হিচাপে উপভোগ কৰক।
এখন চিনেমা এখন চিনেমা হিচাপে চোৱা উচিত। ইয়াক ইতিহাস হিচাপে চাব নোৱাৰি। লগতে, সত্যক বিকৃত কৰি কাহিনী গঢ়ি তুলিবলৈ চেষ্টা কৰা যিকোনো চিনেমা বিফল হোৱাটো বাঞ্চনীয়।
ইতিমধ্যে ছবিখনে মুক্তিৰ পিছতেই ব্যৱসায়িক দিশত লাভ কৰিছে সফলতা। ১০ দিনত কেৰালাৰ বক্স অফিচত ৭৫.৮ কোটি টকা উপাৰ্জন কৰি ৰাজ্যখনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে।