জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 1, 2026

সুস্বাস্থ্যৰ এক আশ্চর্যজনক উপাদান Chia Seed

by Janagana Desk
2 minutes read
Chia Seeds

স্বাস্থ্য সচেতন লোকৰ মাজত এতিয়া চিয়া বীজ যথেষ্ট জনপ্ৰিয়। চিয়া বীজ এবিধ উদ্ভিদৰ বীজ। মৰুভূমিত বেছিকৈ গজা এবিধ শস্যজাতীয় উদ্ভিদ। চিয়া গুটিৰ ৰং বগা আৰু ক’লা আৰু আকাৰত সৰু, তিলৰ দৰে। চিয়া ছীডছ স্বাস্থ্যৰ এক আশ্চর্যজনক উপাদান। দৈনন্দিন খাদ্যত চিয়া ছীডছ থাকিলে শৰীৰত নানান ধৰণৰ উপকাৰ হয়। আকাৰত সৰু যদিও ইয়াৰ উপকাৰিতাৰ তালিকা কিন্তু বহুত ডাঙৰ! নিয়মীয়াকৈ খাদ্য তালিকাত চিয়া বীজ যোগ কৰিলে আপুনি পাব সুস্থ, সবল আৰু শক্তিৰে ভৰপূৰ জীৱন।

বীজ থকা যিকোনো খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী। চিয়া বীজক ছুপাৰফুড বোলা হয়। ইয়াত ওমেগা-৩ ফেটি এচিড, কুৱেৰচেটিন নামৰ এন্টিঅক্সিডেন্ট, কেয়াম্পফেৰল, ক্ল’ৰ’জেনিক এচিড আৰু কেফেইক এচিড, পটাছিয়াম, মেগনেছিয়াম, আইৰণ, কেলচিয়াম, আৰু দ্ৰৱণীয় আৰু অদ্ৰৱণীয় খাদ্য আঁহ থাকে যিয়ে আপোনাৰ শৰীৰ সুস্থ ৰাখিবলৈ বিশেষ সহায় কৰে। ইয়াত থকা আঁহে পাচনতন্ত্র উন্নত কৰি খাদ্য সহজে হজম কৰাত সহায় কৰে। বিশেষকৈ, যিসকল লোকে ওজন নিয়ন্ত্ৰণ কৰিবলৈ চাই, তেওঁলোকৰ বাবে চিয়া বীজ এক পৰিপূৰ্ণ বিকল্প।

কিন্তু বহুতে চিয়া গুটিৰ পুষ্টিকৰ মূল্য বা কেনেকৈ খাব লাগে সেই বিষয়ে নাজানে । চিয়াৰ বীজ অতি পুষ্টিকৰ খাদ্য।” ইয়াত গাখীৰতকৈ ৫ গুণ বেছি কেলচিয়াম, কমলাতকৈ ৭ গুণ বেছি ভিটামিন চি, কচুতকৈ ৩ গুণ বেছি আইৰণ, কলৰ তুলনাত দুগুণ পটাছিয়াম, কুকুৰাৰ কণীতকৈ ৩ গুণ বেছি প্ৰটিন, আৰু ছালমনতকৈ ৮ গুণ বেছি ওমেগা-৩ থাকে। গতিকে সপ্তাহত কমেও ৩-৪ দিন খাদ্যত চিয়া বীজ অন্তৰ্ভুক্ত কৰিব পাৰে। তেওঁ লগতে কয় যে চিয়া বীজ ৰাতিপুৱা সাৰ পোৱাৰ পিছত বা ৰাতি শুই উঠাৰ ১ ঘণ্টা আগতে খাব পাৰি, বা ব্যায়াম কৰাসকলৰ বাবে ব্যায়ামৰ ১ ঘণ্টাৰ পিছত খাব পাৰি।

ই শৰীৰৰ শক্তি আৰু কৰ্মক্ষমতা বৃদ্ধি কৰে। চিয়া বীজত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি হোৱাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। চিয়া গুটিয়ে তেজত চেনিৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিটো হাড়ৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী। চিয়া গুটিয়ে বৃহদান্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে । ফলত কলন কেন্সাৰৰ সম্ভাৱনা কমি যায়।  শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। চিয়া গুটিয়ে পেটৰ প্ৰদাহ বা গেছৰ সমস্যাৰ পৰা উপশম দিয়ে। চিয়া গুটিয়েও ভাল টোপনিত সহায় কৰে। চিয়া গুটিয়ে আঁঠু আৰু গাঁঠিৰ বিষৰ পৰা উপশম দিয়ে লগতে ছাল, চুলি আৰু নখ সুন্দৰ কৰি ৰাখে।

হাড় শক্তিশালী কৰাৰ ক্ষেত্ৰতো চিয়া বীজ এক উৎকৃষ্ট উপাদান। ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছে হাড়ৰ গাঁঠি মজবুত কৰাত সহায় কৰে। গাখীৰৰ লগতো মিহলাই খাব পাৰে, যিয়ে অধিক পুষ্টি যোগায়। ই পাচনতন্ত্র সুস্থ ৰাখি গেছ আৰু বদহজমৰ সমস্যা কমায়, লগতে শৰীৰটো ডিটক্স কৰিবলৈ সহায় কৰে। নিয়মিত ব্যৱহাৰে কেৱল ওজন নিয়ন্ত্ৰণ নহয়, শৰীৰৰ সামগ্রিক স্বাস্থ্যও উন্নত কৰে। হৃদৰোগ আৰু ডায়েবেটিছ সমগ্র বিশ্বতে এক গুৰুত্বপূৰ্ণ সমস্যা। সৌভাগ্যক্রমে, চিয়া বীজে এই দুয়োটা ৰোগৰ আশংকা কমায়। ইয়াত থকা ওমেগা-৩ ফেটি এচিডে হৃদযন্ত্র শক্তিশালী কৰে, ৰক্তসঞ্চালন নিয়ন্ত্ৰণ কৰে আৰু বেয়া হৈ যোৱা কলেষ্টৰ’ল হ্রাস কৰে। আনহাতে, ইয়াৰ আঁহ আৰু এন্টিঅক্সিডে উপাদানে ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কাৰ ডায়েবেটিছৰ আশংকা কমায়।

Was this article helpful?
Yes0No0

You may also like