Skip to content

নিজানত নিস্তব্ধতা (জুবিন গাৰ্গৰ সোঁৱৰণত)

Jyotsna Kalita Choudhury
September 29, 20250 second read

তুমি দেৱদূত আছিলা জাতিৰ
স্বাভিমান তুমি জননীৰ।
হেজাৰ সপোন আছিল
আগুৱাই নিয়াৰ
দিন ৰাতি একাকাৰ কৰি,
নিজক চিনি নোপোৱা
গীতৰ সৃষ্টি গীতৰ সুৰ
কণ্ঠৰ যাদুকৰী প্ৰকৃতিৰ শিল্পী
এখনি নিৰ্মল হৃদয়।
লক্ষ লক্ষ হৃদয়ক ললা সাৱতি মৰমবোৰ আজুৰি
শিকলি চিঙি গলাগৈ আঁতৰি।
কৈছিলা দুহাত মেলি
আকাশ চুবৰ মন,
উকা কৰি গলা আজি
অনুৰাগীৰ প্ৰাণ।
বাট চাই ৰোৱা উৎসবৰ ৰাতিত
অমানিশা হল
নোহোৱা হল কণ্ঠৰ ধ্বনি
ৰসাল কথাৰে গীতৰ মাজেৰে কৰিছিলা হৃদয়ত স্পৰ্শ,
তোমাৰ সৃষ্টিৰ জয় গানত
আজি চাৰিওফালে যেন অগণন জনতাৰ ক্ৰন্দনৰ সুৰ।

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top