তুমি দেৱদূত আছিলা জাতিৰ
স্বাভিমান তুমি জননীৰ।
হেজাৰ সপোন আছিল
আগুৱাই নিয়াৰ
দিন ৰাতি একাকাৰ কৰি,
নিজক চিনি নোপোৱা
গীতৰ সৃষ্টি গীতৰ সুৰ
কণ্ঠৰ যাদুকৰী প্ৰকৃতিৰ শিল্পী
এখনি নিৰ্মল হৃদয়।
লক্ষ লক্ষ হৃদয়ক ললা সাৱতি মৰমবোৰ আজুৰি
শিকলি চিঙি গলাগৈ আঁতৰি।
কৈছিলা দুহাত মেলি
আকাশ চুবৰ মন,
উকা কৰি গলা আজি
অনুৰাগীৰ প্ৰাণ।
বাট চাই ৰোৱা উৎসবৰ ৰাতিত
অমানিশা হল
নোহোৱা হল কণ্ঠৰ ধ্বনি
ৰসাল কথাৰে গীতৰ মাজেৰে কৰিছিলা হৃদয়ত স্পৰ্শ,
তোমাৰ সৃষ্টিৰ জয় গানত
আজি চাৰিওফালে যেন অগণন জনতাৰ ক্ৰন্দনৰ সুৰ।
Jyotsna Kalita Choudhury
বিশ্বৰ দৰবাৰত আজি শ্ৰমিক দিৱস,
কৰ্মৰ আহৰি নোহোৱা শ্ৰমিকে
বছৰত এদিন মাত্ৰ লৈ জিৰণি ।
সৰু বৰ নাই যে শ্ৰমৰ
ত্যাগ আৰু সততাৰে
শ্ৰমিকৰ কৰ্মৰ পৰিচয়
ঘামাক্ত শৰীৰ কঠোৰ
পৰিশ্ৰমৰ খনিকৰৰ অৱদান
দেশৰ সমৃদ্ধি সভ্যতাৰ প্ৰতিটো পথত
শ্ৰমৰ সন্মান আৰু উচিত মজুৰি
নিৰাপত্তাৰে শ্ৰমিকৰ জীৱন হয়
উজ্জ্বল ভৱিষ্যত।
কঠিন প্ৰয়াস জীৱন সংগ্ৰাম
প্ৰতিটো ঘামৰ টোপালত শ্ৰমিকে
গঢ়ি তোলে এখনি সপোনৰ নিলয়।
শ্ৰমিক হল অগ্রগতিৰ চাবিকাঠি
শ্ৰমিকৰ অবিহনে সকলো বিকল
সৃষ্টিৰ এই জগতখনি ।।
ভেলা ঘৰ সাজি ভোজ ভাতৰ
আনন্দ হিয়াৰ আমুঠো মাঘ বিহু
মেজিৰ জুইৰে অগ্নি দেৱতাক প্ৰার্থনা জনাই দৰিদ্ৰতাৰ দুখ অশান্তি সমৰ্পণ কৰি মেলানিও মাগে যে শীত
হৰিৰধ্বনিৰে মুখৰিত হয়
নামঘৰে নামঘৰে
ঘৰে ঘৰে পিঠা পনা দৈ চিৰা সম্ভাৰ
খাদ্যৰ উভৈনদী ভোগৰ উৎসৱ
বুলবুলি চৰাইৰ যুঁজ, ম’হ যুঁজ, কণীযুঁজ, কড়ীখেল, নাওখেল
অসমীয়া প্ৰাণত সমাজৰ ঐক্য মিলাপ্ৰীতিৰ ভাৱৰ অটুত বান্ধুন
অসমীয়া জাতিৰ
পৰম্পৰাগত নীতি নিয়ম
অসমীয়াৰ ব্যঞ্জন ভোগালী বিহু অসমীয়াৰ স্বভিমান ।।।
অসমীয় সমাজত আঘোণ মাহটো হৈছে আটাইতকৈ প্রাচুর্যপূর্ণ। বছৰজোৰা হাড়ভঙা পৰিশ্রমৰ অন্তত ভঁৰাললৈ আহে সোণ গুটি।কাচিৰ কেচ্ কেচ্ শব্দত ৰজনজনাই কৃষকৰ ভৰা আঘোণৰ পথাৰ। জাক জাক দাৱনী ব্যস্ত হৈ পৰে আঘোণ পথাৰত। কামৰ মাজে মাজে কথাৰ ৰসাল আড্ডা, ৰবাব টেঙাৰ জুতি। আঘোণ আমেজেই সুকীয়া। কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত সোণগুটিৰে উপচি পৰে আঘোণৰ বিশাল পথাৰ। সঁচাকৈয়ে আঘোণৰ পথাৰত দাৱনীৰ বহু কাম আছে।
কুঁৱলীৰ আছাদন ফলি নামি আহে আঘোণ। আঘোণৰ ৰং সোণালী।আঘোণ মানেই প্ৰাপ্তিৰ মাহ ৷ আঘোণী মলয়া বা লাগি লহপহকৈ বাঢ়িছে কৃষকৰ সপোনৰ খেতিডৰা। শাওন মাহৰ হাড়ভগা শ্রম, বোকাপানী, ৰ’দৰ উত্তাপকো নেওচি মনৰ আনন্দৰে ৰুই থৈ অহা ধাননি পথাৰখনৰ সেউজীয়াবোৰ এতিয়া সোণালী হ’ল। ব্যস্ততাৰ অন্ত নাই গ্রামাঞ্চলৰ কৃষকৰ। এই আঘোনৰ মাজত লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন। আঘোনৰ আছে গাম্ভীর্য্য, তাৎপর্য্য আৰু এক বিশেষত্ব। সেয়া বুজি পায় কেৱল এজন অসমীয়া খেতিয়কেহে। ইয়াৰ মাজতে আছে এক সুকীয়া মাদকতাও। বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা অনেক। কৃষকৰ সপোন, প্ৰকৃতিৰ বিনন্দীয়া সৌন্দর্য আৰু হেমন্তৰ হিমে ধুই নিকা নিকা কৰা মাহটোৱেই হ’ল আঘোণ মাহ। আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়। লখিমী আহি সোণালী পথাৰৰ বুকুৱে বুকুৱে সিচি থৈ যায় সোণগুটি।
“হেমন্ত ঋতু আঘোণ মাহ
হিম চেঁচা শীতল বতাহ
গধূলিৰ নিয়ৰৰ কুৱলি
জুইৰ আমেজ আঘোণৰ অনুভূতি
পুৱৰ বেলিতি আহিলে
ৰদালি কাচলি হৈ
লখিমী আইক ন কইনাৰে সজালে
সোণ গুটিৰে জিলিকিছে উদং পথাৰ চৌদিশে পকা ধানৰ গোন্ধ
কৃষকৰ সোণোৱালী সপোন
হাহিৰ বিৰিঙনি পৰিশ্ৰমৰ
সাফল্য চহকী হৈ ভঁৰাল
আঘোণৰ ৰং আন্দত নাচি উঠে প্ৰাণ
লখিমী আইক আদৰণি ন – খোৱা উৎসৱ কৃষকৰ সপোনৰ ফল
হেঁপাহৰ সপোন মায়াময় আঘোণ
কৃষকৰ যে বুকুৰ আপোন”