গণতন্ত্ৰৰ আটাইতকৈ মৌলিক আৰু অপৰিহাৰ্য নীতিটো হৈছে—জনসাধাৰণে নিজৰ শাসক বাছি লয়। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ এই ব্যৱস্থাৰ হৃদস্পন্দন স্বৰূপ। কিন্তু যদি কেতিয়াবা এনে এক জটিল পৰিস্থিতিৰ উদ্ভৱ হয়, য’ত শাসকপক্ষ বা ৰাষ্ট্ৰীয় প্ৰশাসনিক প্ৰতিষ্ঠানসমূহে পৰোক্ষভাৱে নিৰ্ধাৰণ কৰিবলৈ লয় যে কোন নিৰ্বাচন প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ’ব আৰু কোন বাদ পৰিব, তেন্তে গণতন্ত্ৰৰ মূল আত্মাটোৱেই এক গভীৰ অস্তিত্ব সংকতৰ সন্মুখীন হয়।
শেহতীয়াকৈ ভোটাৰ তালিকাৰ ‘বিশেষ নিবিড় পুনৰীক্ষণ’ বা Special Intensive Revision (SIR)-ক লৈ দেশজুৰি আৰম্ভ হোৱা বিতৰ্কৰ কেন্দ্ৰবিন্দুত এই প্ৰশ্নটোৱেই প্ৰতিধ্বনিত হৈছে। প্ৰখ্যাত ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে The Indian Express কাকতত প্ৰকাশিত তেওঁৰ এক আলোচিত নিবন্ধত এক গুৰুতৰ সতৰ্কবাণী উচ্চাৰণ কৰি কৈছে যে, এই ধৰণৰ প্ৰক্ৰিয়াই কালক্ৰমত “শাসকসকলক নিজৰ পছন্দৰ ভোটাৰ নিৰ্বাচন কৰাৰ এক অভূতপূৰ্ব সুযোগ” প্ৰদান কৰিব পাৰে।
‘এছ আই আৰ’ (SIR) কি আৰু ইয়াৰ প্ৰশাসনিক যুক্তি
তাত্ত্বিকভাৱে ‘স্পেচিয়েল ইনটেনচিভ ৰিভিজন’ (SIR) হৈছে ভোটাৰ তালিকাৰ এক ব্যাপক আৰু পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়া। ইয়াৰ অধীনত ভোটাৰসকলৰ পৰিচয়, স্থায়ী ঠিকনা, নাগৰিকত্ব আৰু ভোটাধিকাৰৰ যোগ্যতা পুনৰীক্ষণ কৰা হয়।
ভাৰতীয় নিৰ্বাচন আয়োগৰ যুক্তি অনুসৰি, দ্ৰুত নগৰায়ন, আন্তঃৰাজ্যিক প্ৰব্ৰজন, মৃত ব্যক্তিৰ নাম কৰ্তন, একাধিক স্থানত নাম অন্তৰ্ভুক্ত থকাৰ বিসংগতি দূৰীকৰণ আৰু কোনো ধৰণৰ অবৈধ ভোটাৰৰ প্ৰৱেশ ৰোধ কৰিবলৈ সময়ে সময়ে এনে নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়া অতি আৱশ্যক। নীতিগতভাৱে নিৰ্বাচন আয়োগৰ এই উদ্দেশ্যৰ সৈতে কাৰো দ্বিমত থাকিব নোৱাৰে; কাৰণ এখন ত্ৰুটিহীন আৰু স্বচ্ছ ভোটাৰ তালিকা সুস্থ গণতন্ত্ৰৰ প্ৰথম চৰ্ত।
বিতৰ্কৰ সূত্ৰপাত: উদ্দেশ্য নে আৰ্হি?
বিতৰ্কৰ আচল কাৰণ ‘SIR’ৰ ঘোষিত উদ্দেশ্যটো নহয়, বৰঞ্চ ইয়াৰ কাৰ্যকাৰী আৰ্হি (design) আৰু ৰূপায়ণৰ কৌশলহে। সমালোচক তথা অধিকাৰকৰ্মীসকলৰ মতে, বৰ্তমানৰ এই প্ৰক্ৰিয়াত দুটা উপাদানে গভীৰ সংশয়ৰ সৃষ্টি কৰিছে:
- বাধ্যতামূলক নতুন তথ্যপত্ৰ (Enumeration Form) পূৰণ: প্ৰতিগৰাকী নাগৰিকক নতুনকৈ নিজৰ তথ্য প্ৰমাণ কৰিবলৈ বাধ্য কৰোৱা।
- কাগজ-পত্ৰ আৰু নথিনিৰ্ভৰশীলতা: নাগৰিকত্ব আৰু স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ উপস্থাপনৰ ওপৰত অতিমাত্ৰা কঠোৰতা।
যোগেন্দ্ৰ যাদৱসহ কেইবাগৰাকীও আবেদনকাৰীৰ যুক্তি হ’ল যে, অতীতৰ সাধাৰণ বা নিয়মীয়া পুনৰীক্ষণ প্ৰক্ৰিয়াত এনে ধৰণৰ বাধ্যতামূলক আৰু জটিল নথিপত্ৰৰ প্ৰয়োজনীয়তা সাধাৰণ নাগৰিকৰ বাবে বাধ্যতামূলক নিয়ম নাছিল।
উচ্চতম ন্যায়ালয়ৰ ভূমিকা আৰু আইনী ধিমিলীয়া
বিহাৰত চলি থকা ‘SIR’ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত একাধিক আবেদন দাখিল কৰা হৈছিল। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি নিৰ্বাচন আয়োগক কাম চলাই যাবলৈ অনুমতি দিয়ে। অৱশ্যে, একে সময়তে আদালতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপন কৰে—বিশেষকৈ প্ৰয়োজনীয় নথিপত্ৰৰ তালিকা, প্ৰক্ৰিয়াটোৰ সময়সীমা আৰু ইয়াৰ ফলত সমাজৰ দৰিদ্ৰ, মহিলা, যাযাবৰী বা প্ৰব্ৰজিত আৰু প্ৰান্তিক জনগোষ্ঠীসমূহ কেনেকৈ প্ৰভাৱিত হ’ব, সেই সম্পৰ্কে।
ইয়াতেই বিতৰ্কৰ আচল ৰাজনৈতিক আৰু সামাজিক গুৰুত্ব নিহিত হৈ আছে। সমালোচকসকলৰ মতে, আদালতে ‘SIR’ সম্পূৰ্ণৰূপে বন্ধ নকৰাৰ ফলত নিৰ্বাচন আয়োগৰ হাতলৈ এক সুদূৰপ্ৰসাৰী আৰু কেন্দ্ৰীভূত ক্ষমতা গুচি গ’ল, যাৰ ফলত তৃণমূল পৰ্যায়ত বৃহৎ সংখ্যক ভোটাৰৰ নাম অন্তৰ্ভুক্ত বা কৰ্তন কৰাৰ প্ৰক্ৰিয়াটো আমোলাতন্ত্ৰৰ নিয়ন্ত্ৰণলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পালে।
“চৰকাৰে ভোটাৰ বাছিব” — এই আশংকাৰ উৎস ক’ত?
গণতান্ত্ৰিক ইতিহাসৰ চিৰন্তন নিয়ম হ’ল—জনতাই চৰকাৰ গঢ়ে বা ভাঙে। কিন্তু যদি ভোটাৰ তালিকাত নাম ৰখা বা বাদ দিয়াৰ প্ৰশাসনিক মেকানিজম ইমানেই জটিল হৈ পৰে যে তাৰ বাবে বৃহৎ সংখ্যক বৈধ নাগৰিকৰ ভোটাধিকাৰ বিপন্ন হয়, তেন্তে ই নিৰ্বাচনৰ ফলাফলক পৰোক্ষভাৱে প্ৰভাৱিত কৰিব পাৰে। এই সন্দৰ্ভত উত্থাপিত প্ৰধান যুক্তিসমূহ হ’ল:
- নথি সংগ্ৰহৰ অসমতা: ভাৰতৰ দৰে দেশত সকলো নাগৰিকৰ হাতত সমান সহজে প্ৰশাসনিক নথিপত্ৰ উপলব্ধ নাথাকে।
- প্ৰান্তিক শ্ৰেণীৰ ওপৰত মাধমাৰ: বানপীড়িত, দৰিদ্ৰ, গ্ৰাম্য মহিলা আৰু দিনহাজিৰা কৰা প্ৰব্ৰজিত শ্ৰমিকসকল নথিৰ অভাৱত আটাইতকৈ সহজে বাদ পৰাৰ আশংকাত ভোগে।
- সাংগঠনিক শক্তিৰ অপপ্ৰয়োগ: শক্তিশালী সাংগঠনিক আৰু আৰ্থিক ক্ষমতা থকা শাসক বা বৃহৎ দলসমূহে নিজৰ কেডাৰ ব্যৱহাৰ কৰি নিজৰ সমৰ্থকসকলৰ নাম সুৰক্ষিত কৰিব পাৰে; আনহাতে সুযোগ-সুবিধাহীন বিৰোধী বা প্ৰান্তিক ভোটবেংক সুৰক্ষাৰ অভাৱত বাদ পৰি যাব পাৰে।
অৱশ্যে এয়াও মন কৰিবলগীয়া যে এই যুক্তিসমূহ বৰ্তমানলৈকে ৰাজনৈতিক বিশ্লেষণ আৰু আশংকাহে; উচ্চতম ন্যায়ালয়ে ইয়াক প্ৰতিষ্ঠিত সত্য বুলি এতিয়াও ৰায় দিয়া নাই।
গোলকীয় ইতিহাসৰ শিক্ষা
বিশ্বৰ গণতান্ত্ৰিক ইতিহাসলৈ চালে দেখা যায় যে ভোটাৰ তালিকা ‘পৰিশোধন’ বা ‘শুদ্ধ’ কৰাৰ নামত নিৰ্দিষ্ট কিছুমান সামাজিক বা নৃগোষ্ঠীয় গোটক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ উদাহৰণ বিৰল নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত ‘Voter Purge’ (ভোটাৰ কৰ্তন), ‘Voter Suppression’ (ভোটাৰ দমন) আৰু কঠোৰ ‘Voter Identification Law’ (ভোটাৰ পৰিচয় আইন)-ক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আহিছে। বহু সমাজতাত্বিক গৱেষণাত প্ৰমাণ হৈছে যে কাগজ-পত্ৰভিত্তিক অত্যধিক কঠোৰ প্ৰক্ৰিয়াই কৃষ্ণাংগ, দৰিদ্ৰ আৰু সংখ্যালঘু জনগোষ্ঠীসমূহক প্ৰণালীবদ্ধভাৱে নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখে।
সেইবাবেই বিশ্বৰ পৰিপক্ক গণতন্ত্ৰসমূহত এটা মৌলিক নীতি মানি চলা হয়—“যদি কোনো সন্দেহ থাকে, তেন্তে নাগৰিকৰ ভোটাধিকাৰ সুৰক্ষিত কৰাটোৱেই প্ৰথম অগ্ৰাধিকাৰ হ’ব লাগে।”
নিৰ্বাচন আয়োগৰ স্থিতি
আনহাতে, নিৰ্বাচন আয়োগে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে এখন পবিত্ৰ আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা। আয়োগৰ মতে: ১/ কোনো বৈধ বা যোগ্য ভোটাৰক বাদ দিয়াটো তেওঁলোকৰ উদ্দেশ্য নহয়। ২/ কেৱল ভুৱা, মৃত আৰু স্থানান্তৰিত নামসমূহ আঁতৰোৱাৰ বাবেহে এই ব্যৱস্থা লোৱা হৈছে। ৩/ কেৱল নথি নহয়, স্থানীয় তদন্ত আৰু বিকল্প প্ৰমাণৰো ব্যৱস্থা ৰখা হৈছে। এক নিৰপেক্ষ সাংবিধানিক প্ৰতিষ্ঠানৰ এই যুক্তিকো গণতান্ত্ৰিক ব্যৱস্থাত সমানেই গুৰুত্বসহকাৰে লোৱা প্ৰয়োজন।
মূল প্ৰশ্ন: প্ৰশাসনিক মেধা নে সাংবিধানিক অধিকাৰ?
এই সমগ্ৰ বিতৰ্কটো কেৱল প্ৰশাসনিক দক্ষতা বা মেধাৰ বিষয় নহয়; ই আচলতে মৌলিক সাংবিধানিক অধিকাৰৰ বিষয়। ভোটাৰ তালিকা শুদ্ধ হোৱাটো নিশ্চয়কৈ আদৰণীয়। কিন্তু সেই যান্ত্ৰিক প্ৰক্ৰিয়াত যদি এজনো বৈধ ভাৰতীয় নাগৰিকৰ নাম ভুলবশতঃ বাদ পৰি যায়, তেন্তে তাৰ ক্ষতি অপূৰণীয়।
এখন তালিকাত এটা অবৈধ নাম থকাটো প্ৰশাসনিক ত্ৰুটি হ’ব পাৰে, কিন্তু এজন বৈধ দেশৰ নাগৰিকে ভোটাধিকাৰ হেৰুৱাটো সমগ্ৰ গণতন্ত্ৰৰে পৰাজয়।
ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত শক্তি ইয়াৰ বিশাল আৰু অন্তৰ্ভুক্তিমূলক অংশগ্ৰহণৰ মাজত নিহিত আছে। গতিকে ভোটাৰ তালিকা সংশোধনৰ যিকোনো প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্বচ্ছ, ৰাজনৈতিকভাৱে নিৰপেক্ষ, সহজলভ্য আৰু স্বাধীন নিৰীক্ষণৰ আওতাত থকাটো বাঞ্ছনীয়। কাৰণ গণতন্ত্ৰৰ স্বাস্থ্য কেৱল ইভিএম (EVM)ৰ বুটাম টিপাৰ দিনা নিৰ্ধাৰিত নহয়; ই নিৰ্ধাৰিত হয় ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ প্ৰথম দিনটোৰ পৰাই।
‘SIR’ বিতৰ্কই ভাৰতৰ সন্মুখত যি প্ৰশ্ন থিয় কৰাইছে, তাৰ উত্তৰ হয়তো ভৱিষ্যতৰ ৰাজনীতি আৰু ন্যায়ালয়ে দিব। কিন্তু এটা কথা ধ্ৰুব সত্য—গণতন্ত্ৰৰ প্ৰকৃত বিজয় শাসকৰ প্ৰশাসনিক সুচলতাত নহয়, প্ৰতিজন নাগৰিকৰ ভোটাধিকাৰৰ অক্ষুণ্ণ সুৰক্ষাতহে নিহিত থাকে। ভোটাধিকাৰ কেৱল এটা আইনী অধিকাৰ নহয়, ই মুক্ত নাগৰিকত্বৰ পৰিচয় পত্ৰ। সেই পৰিচয়ৰ ওপৰত সামান্যতমো প্ৰশ্নবোধক চিহ্ন সমগ্ৰ সমাজৰ বাবে নিশ্চয়কৈ এক গভীৰ চিন্তাৰ বিষয়।






