Skip to content

মুগা শিল্প: অসমৰ অৰ্থনীতিত এক সম্ভাৱনা

Janagana Desk
December 7, 20243 second read
Muga Culture: Economic Prospect in Assam

মুগা অসম আৰু অসমীয়াৰ বাবে এক উদ্যোগ বা জীৱিকাৰ উৎসই নহয় ই অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনতো যথেষ্ট বৰঙনি আগবঢ়াই আহিছে। প্ৰায় ৬০০ বছৰ আগৰ পৰাই মুগা অসমৰ এক প্ৰধান আৰ্থ সামাজিক কাৰ্য্য (Socio Economic Activity) হিচাপে অভিহিত হৈ আহিছে। অসম ৰাজ্য মুগা আৰু এৰী সূতাৰ জন্মস্হান। ৰেচমৰ লগত জড়িত বিভিন্ন প্ৰজাতিৰ জীৱ আৰু গছৰ বাবেই এই অঞ্চলক এৰী-মূগাৰ কেন্দ্ৰস্হল বুলি অভিহিত কৰা হয়। দেশৰ মূঠ ৰেচম উৎপাদনৰ শতকৰা ১০০ ভাগ মুগা আৰু শতকৰা ৯৯ ভাগ এৰী অসমে উৎপাদন কৰে। ২০২১ চনৰ ‘Statistical Handbook of Assam’ তথ্য অনুসৰি ১.২ লাখ পৰিয়াল মুগা উৎপাদনত লগত জঢ়িত হৈ আছে।অসম ৰ নিচিনা এখন উদ্যোগিকভাৱে অনগ্ৰসৰ ৰাজ্যত মুগা উদ্যোগে অতীজৰে পৰা নিবনুৱা সমস্যা সমাধান কৰাত যথেষ্ট সহায় কৰি আহিছে। সেয়েহে অসমৰ নিচিনা উন্নয়নশীল ৰাজ্য এখনৰ বাবে এই উদ্যোগৰ সম্প্ৰসাৰণ অতিকৈ প্ৰয়োজনীয়। ইয়াৰ উপৰিও ই অন্যান্য বৃহৎ উদ্যোগৰ নিচিনা প্ৰদূষণযুক্ত নহয়। প্ৰাকৃতিক পৰিবেশত উৎপন্ন হোৱা স্বত্বেও প্ৰদূষণমূক্ত তথা পৰিবেশ অনিষ্ট নকৰা উদ্যোগ। মুগা সূতাৰে তৈয়াৰী কাপোৰৰ দৈৰ্ঘতা যথেষ্ট বেছি। ইয়াৰ উপৰিও ই যিহেতু বহুত ঘন সেয়েহে সূৰ্যৰ পৰা হ’ব পৰা  ক্ষতিকাৰক অতি বেঙুনীয়া (Ultra Violet)  ৰশ্মি প্ৰতিৰোধ কৰাত যথেষ্ট সহায়ক। ইয়াৰ উপৰিওঁ মুগা সূতা যথেষ্ট টান সেয়েহে ইয়াক পেৰা-চ্যুট বনোৱা কামতো ব্যৱহাৰ কৰে। আধুনিক সময়ৰ চিকিৎসা বিজ্ঞানৰ জটিল অস্ত্ৰোপচাৰতো মুগা সূতা ব্যৱহাৰ কৰা হয় কিয়নো এই সূতা প্ৰাকৃতিকভাৱে তৈয়াৰী।
অসমীয়া মানুহৰ বিয়াৰ লগতো মুগা কাপোৰৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। সেয়েহে মুগা অসমৰ অৰ্থনীতি আৰু সমাজনীতি উভয়েৰে লগত অবিচ্ছিন্নভাৱে জড়িত। মুগাৰ চাহিদা অসম, ভাৰত তথা বিশ্বৰ বজাৰতো সমাদৃত। ইয়াৰ উৎপাদন তুলনামূলকভাৱে হ্ৰাস হৈ আহিছে। এনে পৰিপেক্ষিতত মুগাৰ গৌৰৱ অক্ষ্ণুন্ন ৰাখিবলৈ হ’লে  চৰকাৰী তথা বেচৰকাৰী প্ৰচেষ্টাত অসমৰ এই আপুৰুগীয়া সম্পদবিধক পুনৰাই জীয়াই তুলিব লাগিব আৰু ইয়াৰ বাবে কিছুমান বিশেষ পদক্ষেপ অৱশ্যেই হাতত লব লাগিব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top