জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

চানডুবি বিলৰ নৈসৰ্গিক সৌন্দৰ্য

by Janagana Desk
1 minutes read
Chandubi Bil

প্ৰকৃতিৰ অনন্য আকৰ কঢ়িয়াই দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত উজলি আছে চানডুবি। চানডুবি বিল অসমৰ কামৰূপ জিলাৰ ৰাভা, হাজং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। ১৮৯৭ চনৰ অসমৰ বৰভুঁইকপত এই বিলৰ সৃষ্টি হৈছিল। ভূমিকম্পত এই ঠাইৰ হাবি তললৈ বহি গৈ বিল হৈ পৰে। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে।

প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন-সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল। চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো ‘চান্দডুবি’ নাম পায়।

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে। সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি। পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয়। প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে।

উল্লেখ্য যে চানডুবি বিলৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ইয়াত পৰ্যটকৰ উপৰি ছবি, মিউজিক ভিডিঅ’ ইত্যাদিৰ দৃশ্যগ্ৰহণৰ বাবে নিতৌ বিভিন্নজনৰ আগমন হয়। ২੦২২ চনৰ নৱেম্বৰ মাহত বলিউডৰ বলিষ্ঠ অভিনেত্ৰী কংগনা ৰানাৱটে ইয়াত “ইমাৰ্জেন্সি” শীৰ্ষক বলিউডৰ এখন ছবিৰ শ্বুটিং সম্পন্ন কৰে। এই ছবি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত ছুপাৰ হিট অসমীয়া ছবি মিশ্বন চাইনাৰো বহু দৃশ্য চানডুবি বিলৰ পাৰতে গ্ৰহণ কৰা হৈছিল।

Was this article helpful?
Yes0No0

You may also like