জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

অসমৰ ঐতিহ্যমণ্ডিত মুখা শিল্প

by Dr Netraranjan
3 minutes read
Traditional Mask Making in Assam

অসমৰ এবিধ প্ৰাচীন লোককলা হৈছে মুখা শিল্প। ঐতিহাসিক যুগৰে পৰাই অসমত মুখাৰ প্ৰচলন হৈ আহিছে বুলি অনুমান কৰা হয়। গুৰুজনাৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হল মুখা শিল্প। পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। শ্ৰীৰামচৰণ ঠাকুৰৰ ‘চৰিত পুথি’ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। ব্ৰহ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা নিৰ্মাণ কৰা হয়। ৰামায়ণৰ কাহিনীত ৰাৱণ, কুম্ভকৰ্ণ, সূৰ্পনখা, জটায়ু, তাৰকা, মাৰিছ, সুবাহু, সুগ্ৰীৱ আদি চৰিত্ৰসমূহৰ বাবে মুখাৰ প্ৰাধান্যতা বহু পৰিমাণে বেছি। ঠিক সেইদৰে ভগৱানৰ দশ অৱতাৰৰ ৰূপটো মুখাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৎস্য, কুৰ্ম, নৰসিংহ আদিৰ বাবে বৰ্তমান প্ৰচলিত হৈ আছে। ৰাস মহোৎসৱত মুখা প্ৰদৰ্শনে এক চমৎকাৰিতা প্ৰকাশ কৰি আহিছে। সাঁচিপাতৰ চিত্ৰ অংকনৰ লগতে মাজুলীৰ মুখাশিল্পই লাভ কৰিলে ভৌগোলিক স্বীকৃতি। 

মুখা নিৰ্মাণৰ আহিলাসমূহ থলুৱাভাৱে উৎপন্ন হয়। প্ৰথমে বাহৰ মিহি তমালেৰে জঁকাটো সাজি লোৱাৰ পিচত তাত খেৰ মেৰিয়াই জঁকাটো থিৰ কৰি লোৱা হয়। শেষত বিভিন্ন ৰং সানি দেখনিয়াৰ কৰা হয়।  যেনে :  বাঁহ, বেত, কপাহী কাপোৰ, গৰুৰ গোবৰ, কুমাৰ মাটি, কুঁহিলা, মৰাপাট আদিয়েই প্ৰধান। ৰঙৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে পোৱা ৰঙৰ ব্যৱহাৰেই পৰম্পৰাগত চলি আহিছে। যেনে : গছৰ গুটি, বাকলি, পাত, বেলৰ আঠা, গম গছৰ আঠা, পৰম্পৰাত ব্যৱহৃত খনিজ পদাৰ্থ হেঙুল (ৰঙা), হাইতাল (হালধীয়া), মিঠাতেলৰ চাকিৰ ছাই, নীল গছ উল্লেখযোগ্য।

অসমৰ মাজুলী আৰু গোলাঘাটৰ কেতবোৰ ঠাই মুখাশিল্পৰ বাবে জনাজাত। ভাওনাৰ মুখাসমূহ ৰামায়ণ,মহাভাৰত আৰু পুৰাণৰ কাহিনীৰ আধাৰত প্ৰস্তুত কৰা হয়। মুখাসমূহত সাধাৰণতে ৰঙা,নীলা আৰু হালধীয়া ৰঙৰ প্ৰয়োগ বেছি হয়।
চাৰে পাঁচশ বছৰীয়া মুখা শিল্পৰ এই চহকী পৰম্পৰা আৰু ঐতিহ্যক মাজুলীৰ সত্ৰসমূহে বহু আগৰে পৰাই সংৰক্ষণ, সংবৰ্ধন কৰি অহাৰ ক্ষেত্ৰৰ এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। মাজুলীৰ প্ৰধান উৎসৱ ৰাসোৎসৱত মুখাৰ ব্যৱহাৰ বহুলভাৱে দেখিবলৈ পোৱা যায়। মাজুলীৰ নতুন চামগুৰি সত্ৰ, পুৰণি চামগুৰি সত্ৰ, নৰসিংহ সত্ৰ, বিহিমপুৰ সত্ৰ, এলেঙী বাঁহ জেগুনি সত্ৰ, কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, আউনীআটী, দক্ষিণপাট সত্ৰত মুখানিৰ্মাণ পৰম্পৰা আজিও অব্যাহত আছে,যিয়ে অসমৰ মুখাশিল্পক বিশ্বৰ প্ৰেক্ষাপটত চিনাকি কৰাবলৈ সক্ষম হৈছে। মাজুলীৰ চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ হেতু ইয়ালৈ আহে।

পৰম্পৰাগতভাৱে মুখাক ৩টা ভাগত ভাগ কৰি নিৰ্মাণ কৰা হয়।
১) বৰমুখা বা ছোঁ মুখা: বৰ মুখা দুটা ভাগত নিৰ্মাণ কৰা হয়। শিৰ ভাগ আৰু গা ভাগ। পৰিৱেশনৰ সময়ত গা-ৃ ভাগৰ ওপৰত শিৰ ভাগ সংযোগ কৰি অভিনয় শিল্পীজন মুখাৰ ভিতৰত সোমাই অভিনয় কৰে। এই মুখা কমেও ১০ -১২ ফুট ওখ হয়। সেয়েহে এই মুখাক বৰমুখা বোলা হয়।

২) লোটোকৰী মুখা বা চুটি ছোঁ মুখা (লোটোকাই): ই বৰমুখাতকৈ সৰু। শিৰ আৰু গা ভাগ বৰমুখাৰ দৰে নিৰ্মাণ কৰা হয়। বৰ মুখাৰ লগত ইয়াৰ পাৰ্থক্য হ’ল যিজন শিল্পীয়ে এই মুখা অভিনয়ৰ বাবে পৰিধান কৰে, শিল্পীজনৰ মূৰত মুখাৰ শিৰভাগ খাপ খাই পৰে আৰু ইয়াৰ অংগসমূহ সঞ্চালন কৰিব পাৰে। যেনে : পুতনা, তাৰকা, মাৰিছ, সুবাহু আদি।

৩) মুখ মুখা: এই মুখাৰে কেৱল মানুহৰ স্বাভাৱিক মুখ মণ্ডলক আৱৰি ৰাখি শৰীৰ ভাগত মুখৰ লগত সামঞ্জস্য ৰাখি সাজ-পোছাক পিন্ধি অভিনয় কৰা হয়। মুখাৰ সৈতে পোছাক পিন্ধি অভিনয় কৰা হয় বাবে মুখাক আহাৰ্য বুলি কোৱা হয়।

মুখা শিল্পৰ ফলত শিল্পীসকলো আৰ্থিকভাৱে সবল হৈ উঠাৰ লগতে ন শিকাৰুসকল আৰু নৱপ্ৰজন্মই ইয়াক আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। অসমৰ এই পৰম্পৰাগত মুখা বিদেশত বিশেষকৈ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ হোৱাৰ লগতে বিদ্যালয়, বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়, বিমান বন্দৰ আদিতো সংৰক্ষণ হৈ আছে। এই থলুৱা শিল্পটোক জীয়াই ৰখাত অসম চৰকাৰেও বিশেষ মন দিয়া উচিত হব।

Was this article helpful?
Yes0No0

You may also like