Skip to content

মাগুৰি বিল: পৰ্যটন ক্ষেত্ৰ

Janagana Desk
January 5, 20253 second read
Maguri Bil

অসমৰে অন্যতম এখন মনোমোহা,পৰ্যটন ক্ষেত্ৰ হৈছে মাগুৰী মতাপুং বিল বা মাগুৰী বিল। অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস। মাগুৰী মতাপুং বিলক বোম্বে প্ৰাকৃতিক ইতিহাস ছচাইটিয়ে গুৰুত্বপূৰ্ণ পক্ষী এলেকা হিচাপে চিহ্নিত কৰিছে।

বিলখনৰ নামক লৈ কেইবাটাও মতবাদ প্ৰচলিত হৈ আছে। কিছুমানৰ মতে এসময়ত বিলখনত এটা নিমখৰ পুং আছিল। পুংটোৰ পৰা নিগৰিত হোৱা লুণীয়া পানীয়ে বিলখনৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ বিস্তৰ ক্ষতিসাধন কৰিছিল বাবে স্থানীয় ৰাইজে মিলি পুঙটো বন্ধ কৰিবৰ বাবে পূজা-আৰ্চনা কৰি এটা মতা ম’হ বলি দিছিল। এই মতা ম’হৰ ‘মতা’ আৰু নিমখ পুঙৰ ‘পুং’ শব্দ দুটা লৈ মতাপুং নামটোৰ উৎপত্তি হৈছে বুলি কোৱা হয়। আন এক মত অনুসৰি এই বিলখনৰ গাত এখন বহল পথাৰ লাগি আছিল। এই পথাৰখনত আছিল অসংখ্য মাদুৰী বন আছিল। স্থানীয় ৰাইজে সেয়েহে এই পথাৰখনক বুলিছিল মাদুৰী পথাৰ। পিছে নৈপৰীয়া হোৱা বাবে প্ৰতি বছৰ বাৰিষাৰ বানে পথাৰখন বুৰাই পেলাইছিল। লাহে লাহে পথাৰখনত খেতি কৰিব নোৱাৰা হ’ল। যাৰ বাবে স্থানীয় ৰাইজে পথাৰখনক মাদুৰী পথাৰ ৰ সলনি মাদুৰী বিল হিচাপে নামকৰণ কৰিলে। কালক্ৰমত এই মাদুৰী বিলেই মাগুৰী বিল হিচাপে পৰিচিত হ’ল। কিছুমানৰ মতে আকৌ মাগুৰ মাছ বেছিকৈ পোৱা বাবে বিল খনৰ নাম মাগুৰী হোৱা বুলি কব খোজে।

শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী পক্ষীৰে ভৰিছে তিনিচুকীয়াৰ পক্ষীবিল মতাপুং মাগুৰি বিল ৷ বিলখনৰ কাষৰ ঘাঁহনিত দেখিবলৈ পোৱা যায় মাৰ্শ বাবলাৰ, ছোৱাম্প প্ৰিনিয়া, ব্লেক ব্ৰেষ্টটেড পেৰটবিল, জেৰ্ডন’ছ বাবলাৰ, ছোৱাম্প ফ্ৰিনকলিন – এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাই ৷ এই বিদেশী আলহী পক্ষীকুলৰ নৃত্য-ভংগীমা চাবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰিও জাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্সৰ পৰাও বহু লোকৰ আগমন ঘটা দেখিবলৈ পোৱা যায় ।পৰ্যটকসকলৰ পক্ষী নিৰিক্ষণৰ সুবিধাৰ্থে বিলখনৰ ওচৰে পাজৰে কেইবাটাও পৰ্যটন কুটীৰ গঢ় লৈ উঠিছে। ইয়াৰে কেইটামান হৈছে- কঁহুৱা ইক’-কেম্প, বনজুৰী কেম্প, মাগুৰী বাৰ্ডিং কেম্প, বনশ্ৰী ইক’-কেম্প, ৱেভ ইক’-টুৰিজম, গ্ৰীণ-বাড টুৰিষ্ট ল’জ আদি। এই কুটীৰ সমূহে পৰ্যটকসকলক খাদ্য, নিৱাস, যাতায়ত পৰিবহণ আদিয়ো উপলব্ধ কৰায়।

মেটেকা, পদুম ফুল, ভেট ফুলকে আদি কৰি বিভিন্ন জলজ উদ্ভিদেৰে পৰিপূৰ্ণ এই সমগ্ৰ বিলখনৰ এক অন্য পৰিৱেশে সকলোকে মন্ত্ৰমুগ্ধ কৰে। গতিকে চৰকাৰ তথা পৰ্যটন বিভাগে যদি গুৰুত্বসহকাৰে পদক্ষেপ গ্ৰহণ কৰে তেন্তে এই মতাপুং মাগুৰি বিলে বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে৷

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top