জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

Vanvaas (Movie review)

by Janagana Desk
2 minutes read
Vanvaas

বহু আগতেই মুক্তি পাইছিল Vanvaas ৰ ট্ৰেইলাৰ। ছবিখনৰ ট্ৰেইলাৰ চোৱাৰ পিছত দৰ্শকে আগ্ৰহেৰে ছবিখনৰ বাবে অপেক্ষা কৰি আছিল। শেহতীয়াকৈ ২০২৪ চনৰ ২০ ডিচেম্বৰত ছবিখন ছবিগৃহত মুক্তি পালে। এই ছবিখনত অভিনয় কৰিছে প্ৰবীণ অভিনেতা নানা পাটেকাৰ আৰু ‘গদৰ ২’ ৰ খ্যাতি অভিনেতা উৎকৰ্ষ শৰ্মাই। এখন পাৰিবাৰিক নাটকৰ আধাৰত নিৰ্মিত এই ছবিখনত দৰ্শকে সমাজ জীৱনৰ বাস্তৱ কাহিনীক প্ৰতিফলিত ৰূপত দেখিবলৈ পাব।

অনিল শৰ্মাৰ দ্বাৰা পৰিচালিত ছবি ‘Vanvaas’ এখন হৃদয়স্পৰ্শী ছবি। এজন বয়সিয়াল আৰু এজন ডেকা লৰাৰ কাহিনী দেখুওৱা হৈছে , তেওঁলোক সমাজৰ পৰা অৱহেলিত, পৰিত্যক্ত। ‘গাদাৰ ২’ৰ পিছত আকৌ এবাৰ Vanvaas মুভিৰ জৰিয়তে ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে অনিল শৰ্মা। ছবিখনত উৎকৰ্ষ শৰ্মাৰ বিপৰীতে দেখা গৈছে সিমৰাট কৌৰক। ছবি খনৰ মূল কাহিনী নানা পাটেকাৰ আৰু উৎকৰ্ষ শৰ্মাৰ আধাৰত নিৰ্মিত। য’ত নানা পাটেকাৰ পৰিয়ালৰ পৰা বিচ্ছেদিত হৈ এদিন লগ পায় উৎকৰ্ষক। সন্তানৰ বাবে সৰ্বস্ব উজাৰি দিয়া পিতৃ মাতৃ অৱশেষত সন্তানৰ পৰা পোৱা গৰিহণাই বাস্তৱৰ ছবিখন প্ৰতিফলিত কৰে। ডিমেনচিয়াত ভোগা এজন দুৰ্ভগীয়া পিতৃ এখন মেলাত হেৰাই যায়। তেওঁ লগ পাই আন এজন বিচ্ছেদিত যুৱকক, যি পিছলৈ ট্ৰাণকৰ্তা ৰূপত পৰিগণিত হয় – কাহিনীটোৰ আৰম্ভনি এনেকৈ হয়।

অনিল শৰ্মাৰ পৰিচালনাৰে Vanvaas Movie ত ছবিখনত সমাজৰ বাস্তৱতাক চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। যিয়ে দেখুৱাইছে যে এজন পিতৃ-মাতৃয়ে কেনেকৈ কেইবাটাও সন্তানক একেলগে ডাঙৰ-দীঘল কৰিব পাৰে। কিন্তু ল’ৰা-ছোৱালীয়ে এজন পিতৃ-মাতৃৰ যত্ন লবলৈ অসমৰ্থ। হয়তো এই কাৰণেই আজিৰ বৃদ্ধসকলক ঘৰতকৈ অনাথ আশ্ৰমত দেখা পোৱাৰ সম্ভাৱনা বেছি।

অনিল শৰ্মা, সুনীল ছিৰৱৈয়া আৰু আমজাদ আলীৰ কাহিনী অতি আৱেগিক আৰু দৰ্শকৰ হৃদয় স্পৰ্শ কৰাৰো সম্ভাৱনা আছে । চিত্ৰনাট্য সু-ৰচিত যদিও কিছু দুৰ্বলতা নথকা নহয়। ছবিখন মাজভাগত মূল কাহিনীৰ পৰা আঁতৰি যায়। এইছবি খনৰ লগত পূৰ্বৰ কেইবাখনো চিনেমাৰ সামঞ্জস্য আছে। ১৬০ মিনিটত ছবিখন অত্যধিক দীঘলীয়া অনুভৱ হয়।  কাশী আৰু পিছলৈ শিমলাৰ ব্যস্ত পৰিবেশক ধৰি ৰখাত অনিল শৰ্মাই পাৰদৰ্শিতা দেখুৱাই, ভিৰ কৰা ৰাস্তা আৰু বিশৃংখল শক্তিক ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰে। সামৰণিত ক’বলৈ গ’লে “Vanvaas” নানা পাটেকাৰৰ প্ৰতিভাৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনী।

Was this article helpful?
Yes0No0

You may also like