জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

কেৰেলাৰ কোডিনহি : বিশ্বৰ যঁমজ ৰাজধানী

by Janagana Desk
1 minutes read
Twin City of Kerala

ভাৰতৰ এখন ৰহস্যময় গাওঁ। কেৰালাৰ সুদূৰ দূৰৈৰ এখন গাঁও হৈছে কোদিনহি, এখন বিশেষ ঠাই। ঠাইখনৰ বিশেষত্ব হৈছে সৰ্বাধিক মাত্ৰাত জন্ম হয় যমজ সন্তান। গাওঁখন মুচলমান সংখ্যাগৰিষ্ঠ। বিশ্বৰ আটাইতকৈ ৰহস্যজনক পৰিঘটনাৰ ভিতৰত ভাৰতৰ এখন গাঁৱত ২২০ যোৰা যমজ সন্তানৰ ডাঙৰ-দীঘল হোৱাৰ খবৰটো যথেষ্ট আচৰিত। বহু বিজ্ঞানী পৰীক্ষা নিৰীক্ষা কৰিছে যদিওঁ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব পৰা নাই। কেৰালাৰ দুৰ্গম গাঁও কোদিনহিত ২০০০ পৰিয়ালত জন্ম হোৱা ২২০ তকৈও অধিক যমজ সন্তান আছে। বিশ্বৰ গড়তকৈ প্ৰায় ছয়গুণ বেছি যমজ সন্তান জন্মৰ অস্বাভাৱিক প্ৰাদুৰ্ভাৱক লৈ বিশেষজ্ঞসকল আশ্চৰ্যচকিত হৈ পৰিছে। ২০০৮ চনত ৩০০ গৰাকী মহিলাই সুস্থ সন্তান প্ৰসৱ কৰিছিল আৰু সেই প্ৰসৱৰ ভিতৰত গাঁওখনত ১৫ যোৰ যমজ সন্তানৰ জন্ম হৈছিল। জনসংখ্যাৰ হিচাপ অনুসৰি যোৱা পাঁচ বছৰত কোদিনহি গাঁৱত ৬০ যোৰ যমজ সন্তানৰ জন্ম হৈছে। প্ৰতি বছৰৰ লগে লগে যমজ সন্তানৰ হাৰ বৃদ্ধি পোৱাৰ পাই আহিছে। গাঁৱৰ মানুহক সুধিলে কয় যে যমজ সন্তান জন্ম দিয়াৰ ঘটনা তিনিটা প্ৰজন্ম আগতেই আৰম্ভ হৈছিল। ইয়াৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই, কিয়নো এই গাঁৱৰ প্ৰায় প্ৰতিটো ঘৰতে এহাল যমজ সন্তান থাকে। এই ৰহস্য সমাধানৰ বাবে বহুদিনৰ পৰা চিকিৎসকে চেষ্টা কৰি আহিছে যদিও এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট উত্তৰ পোৱা নাযায়।

যমজ সন্তানৰ প্ৰসৱৰ আঁৰৰ বিজ্ঞান অধ্যয়নৰ স্বাভাৱিক আগ্ৰহ থকা কেৰালাৰ চিকিৎসক ডাঃ কৃষ্ণন শ্ৰীবিজুৱে দুবছৰ ধৰি কোদিনহীত বৃহৎ সংখ্যক যমজ সন্তান জন্মৰ ৰহস্যৰ বিষয়ে গভীৰভাৱে জানিবলৈ চেষ্টা কৰি আহিছে। তেওঁৰ মতে গাঁওখনৰ প্ৰকৃত যমজ সন্তানৰ সংখ্যা আনুষ্ঠানিকভাৱে কাগজত লিপিবদ্ধ কৰাতকৈ বেছি। ডাঃ শ্ৰীবিজুৱে কয় যে তেওঁৰ চিকিৎসা বিজ্ঞানৰ মতে কোডিনহিৰ গাঁৱৰ সীমাৰ ভিতৰত প্ৰায় ৩০০ৰ পৰা ৩৫০টা যমজ সন্তান আছে।

Was this article helpful?
Yes0No0

You may also like