জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, August 30, 2026

ৰাজ্যত ক্ষুদ্ৰ উদ্যোগৰ দুৰ্দশা: ৫ বছৰত বন্ধ ২ লাখ ক্ষুদ্ৰ উদ্যোগ

by Dr Netraranjan
5 minutes read
Closure of Small Scale Industries in Assam

ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (Micro, Small & Medium Enterprises – MSME) খণ্ড অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূর্ণ অংশ ৷ এই খণ্ডই স্থানীয় ৰোজগাৰ সৃষ্টিৰ লগতে ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত বিশেষ ভূমিকা পালন কৰে। কৃষিৰ পাছতেই ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ড (MSME)ই তুলনামূলকভাবে কম মূলধনী ব্যয়ত বৃহৎ নিয়োগৰ সুযোগ সৃষ্টি কৰি একোখন ৰাজ্য তথা দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাই আহিছে। ভাৰতৰ মুঠ ঘৰবা উৎপাদনত এম এছ এম ই খণ্ডই ৩০ শতাংশ অৰিহণা আগবঢ়াই আহিছে। ৰাজ্য তথা দেশৰ বিকাশত এম এছ এম ইৰ যথেষ্ট গুৰুত্ব থকা সত্ত্বেও অসমত যোৱা পাঁচ বছৰত দুই লাখৰো অধিক ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ বিলুপ্ত হৈ পৰিছে। এই তথ্যই স্বাভাৱিকতে ৰাজ্যৰ বিকাশৰ এখন নিৰাশাজনক ছবিৰ প্ৰমাণ দিছে। ভাৰত চৰকাৰৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রণালয়ৰ ২০১৯-২০ বার্ষিক প্রতিবেদন অনুসৰি ২০১৯ চনত অসমত এম এছ এম ইৰ সংখ্যা আছিল ১২ লাখ ১৪ হেজাৰ। আনহাতে, ভাৰত চৰকাৰৰ উদ্যম প’র্টেলৰ শেহতীয়া তথ্য অনুসৰি বৰ্তমান অসমত এম এছ এম ইৰ সংখ্যা ১০ লাখ ৩ হেজাৰ ১৮। অর্থাৎ যোৱা পাঁচ বছৰত ৰাজ্যখনত মৃত্যুৰ গৰাহত পৰিছে ২ লাখ ১০ হেজাৰ ৯৮২টা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ। অসমৰ এই হতাশাজনক ছবিৰ বিপৰীতে মহাৰাষ্ট্র, কর্ণাটক, মধ্যপ্রদেশ, ৰাজস্থান, গুজৰাটকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত এম এছ এম ইৰ সংখ্যা চমকপ্রদভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰত ২০১৯ চনত ৪৭.৭৮ লাখ এম এছ এম ইৰ বিপৰীতে বর্তমান এই সংখ্যা ৭৬.৮৬ লাখলৈ বৃদ্ধি পাইছে। একেদৰে যোৱা পাঁচ বছৰত এম এছ এম ইৰ সংখ্যা মধ্যপ্রদেশত ২৬.৭৪ লাখৰপৰা ৩৭.৫১ লাখলৈ, ৰাজস্থানত ২৬.৮৭ লাখৰপৰা ৩৩.৪১ লাখলৈ, কর্ণটিকত ৩৮.৩৪ লাখৰপৰা ৩৯.১৬ লাখলৈ, গুজৰাটত ৩৩.১৬ লাখৰপৰা ৩৩.৭৭ লাখলৈ বৃদ্ধি পাইছে। ২০১৯ চনত অসমৰ ১২.১৪ লাখ এম এছ এম ইত নিয়োজিত হৈ আছিল ৰাজ্যৰ ১৮.১৫ লাখ লোক। অর্থাৎ প্রতি দুটা এম এছ এম ইৰ বিপৰীতে গড়ে প্রায় তিনিজনকৈ লোক জড়িত হৈ আছিল। যোৱা পাঁচ বছৰত প্রায় ২.১১ লাখ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ বন্ধ হৈ পৰাৰ ফলত তিনি লক্ষাধিকে স্বনিয়োজনৰ পথ হেৰুৱাব
লগা হৈছে। ক্ষুদ্র, লঘু আৰু মজলীয়া খণ্ডই যোৱা পাঁচ দশকত ভাৰতীয় অর্থনীতিৰ এক অতি সজীৱ আৰু গতিশীল খণ্ড হিচাপে আত্মপ্রকাশ কৰিছে। বৃহৎ উদ্যোগতকৈ কম মূলধনী ব্যয়েৰে এম এছ এম ইয়ে বৃহৎ নিয়োগৰ সুযোগ প্রদান কৰি আহিছে। বৃহৎ উদ্যোগসমূহৰ পৰিপূৰক হিচাপে এম এছ এম ই খণ্ডই একোখন ৰাজ্য বা সমগ্র দেশৰ সর্বাংগীণ ঔদ্যোগিক বিকাশত অৰিহণা যোগাই আহিছে। এম এছ এম ইসমূহে ঘৰুৱা বজাৰৰ লগতে বিশ্ব বজাৰৰ চাহিদা পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ সামগ্রী উৎপাদন আৰু সেৱা প্রদানৰ জৰিয়তে অর্থনীতিৰ বিভিন্ন খণ্ডত নিজৰ পৰিসৰ বিস্তাৰ কৰি আহিছে। আনহাতে, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রণালয়/বিভাগ, সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলে উদ্যোগসমূহক সহায় আগবঢ়োৱাৰ লগতে অত্যাধুনিক প্রযুক্তি গ্রহণ আৰু নতুন উদ্যোগ সৃষ্টিৰ বাবে উৎসাহিত কৰি আহিছে। খাদী আৰু গ্রামোদ্যোগ আয়োগ, কয়ৰ ব’ৰ্ডৰ উপৰি বাষ্ট্রীয় ক্ষুদ্র উদ্যোগ নিগম, ৰাষ্ট্রীয় ক্ষুদ্র, লঘু উদ্যোগ প্রতিষ্ঠান আৰু মহাত্মা গান্ধী ইনষ্টিটিউট ফৰ  ইন্ডাস্ট্রাইজেচন কেইবাটাও সংস্থাই এম এছ এম ই মন্ত্রণালয়ৰ অধীনত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ বিকাশৰ বাবে কাম কৰি আহিছে। এম এছ এম ই মন্ত্রণালয়ে আর্থিক সাহায্য, প্রযুক্তিগত সহায় আৰু উন্নীতকৰণ, আন্তঃগাঁথনিৰ বিকাশ, দক্ষতা বিকাশ আৰু প্রশিক্ষণৰ লক্ষ্যৰে বিভিন্ন আঁচনি আগবঢ়াই আহিছে। ইপিনে, কেন্দ্রৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে এম এছ এম ই খণ্ডক সুসংগঠিত ৰূপত আগুৱাই নিয়াৰ লক্ষ্যৰে মুকলি কৰিছে উদ্যম পঞ্জীয়ন প’র্টেল। এই প’র্টেলত পঞ্জীয়নৰ জৰিয়তে আধাৰৰ সৈতে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহক সংযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। উদ্যম পঞ্জীয়নৰ জৰিয়তে উদ্যোগীসকলক চৰকাৰৰ ফালৰপৰা বহু সা-সুবিধা প্রাদন কৰা হয়। উদ্যমত পঞ্জীয়ন কৰাৰ পাছত চৰকাৰৰপৰা অহা সা-সুবিধা আৰু শেহতীয়া কার্যকলাপৰ বিষয়ে জনাব সুবিধা আগবঢ়োৱা হৈছে। এই আঁচনিখনে সকলো উদ্যোগ আধাৰ নম্বৰ (UAN) আৰু জি এছ টি পঞ্জীয়নভুক্ত এম এছ এম ইৰ বাবে এক কোটি টকালৈকে দুই শতাংশ সুদৰ হাৰত ঋণ আগবঢ়ায়। উদ্যম পঞ্জীয়ন নথকা উদ্যোগসমূহ চৰকাৰী নিবিদা, ঋণৰ সুদৰ ওপৰত ৰাজসাহায্য, কৰ বেহাই, অনুজ্ঞাপত্র লাভ, অনুমোদন আৰু পঞ্জীয়ন, শুল্ক, কৰ আৰু মূলধনী বাজসাহায্যৰপৰা বঞ্চিত হ’ব লগা হয়। ইমানবোৰ সা-সুবিধা কেন্দ্রই আগবঢ়োৱাৰ পাছতো এম এছ এম ই খণ্ডত অসমে আশানুৰূপ সফলতা লাভ কৰিব পৰা নাই কিয়? বৰং এম এছ এম ইৰ সংখ্যা দ্রুতগতিত হ্রাস পোৱাহে দেখা গৈছে। ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে এম এছ এম ইক অগ্রাধিকাৰ দিয়াৰ পৰিৱর্তে বৃহৎ পুঁজিপতি গোষ্ঠীকহে অধিক গুরুত্ব দিয়া পৰিলক্ষিত হৈছে। শেহতীয়াকৈ বৃহৎ বিনিয়োগৰ আশাত আনকি মুখ্যমন্ত্রীকে ধৰি আন আন মন্ত্রী দেশ-বিদেশ ভ্রমণত ব্যক্ত হৈ পৰিছে। উদ্যোগিক খণ্ডৰ ৰাজহাড়স্বৰূপ এম এছ এম ই যেন চৰকাৰৰ বাবে এলাগী হৈ পৰিছে। কিন্তু এম এছ এম ই খণ্ডই অসমৰ মুঠ ঘৰুৱা উৎপাদনত ৩৯ শতাংশ অৰিহণা আগবঢ়াই আহিছে। দ্বিতীয়তে, অসমত দক্ষ শ্রমিকৰ অভাৱ দেখা যায়। বাহিৰৰপৰা দক্ষ শ্রমিক আমদানি কৰাৰ ফলত এম এছ এম ইৰ ব্যয়ৰ মাত্রা স্বাভাবিকতে বৃদ্ধি পায়। এই সমস্যা দূৰ কৰিবলৈ বিগত বছৰবোৰত ৰাজ্যত যিদৰে দক্ষতা প্রশিক্ষণ কেন্দ্র স্থাপনত গুৰুত্ব দিব লাগিছিল, বাস্তৱত সেয়া হৈ উঠা নাই। অতি শেহতীয়াকৈ অৱশ্যে চৰকাৰৰ গা লৰা পৰিলক্ষিত হৈছে। তৃতীয়তে, অসমত এম এছ এম ই খণ্ডৰ বাবে যি এক উপযুক্ত বাতাৱৰণ আৰু আন্তঃগাঁথনি সৃষ্টি হ’ব লাগিছিল, তাৰ অভাৱ বাৰুকৈয়ে অনুভূত হয়। চতুৰ্থতে, অসমৰ অধিকাংশ লোকৰে উদ্যমী হোৱাৰ মানসিকতাৰ অভাৱ। নিয়োগ বা আত্মসংস্থাপনৰ পর্যাপ্ত সুযোগ-সুবিধা নথকা বাবে কামৰ সন্ধানত অসমৰ যুৱক-যুৱতীৰ মাজত বহিঃৰাজ্যলৈ যোৱাৰ প্রবণতা আজিও অব্যাহত আছে। চৰকাৰী ৰঙা ফিটাৰ মেৰপেঁচ আৰু বেংকে ঋণ দিয়াৰ ক্ষেত্রত দেখুওৱা আওকণীয়া মনোভাবৰ বাবে ক্ষুদ্র উদ্যোগ স্থাপন কৰিবলৈ বিচাৰিও একাংশই বিফল হ’বলগাত পৰে। কোভিড মহামাৰীৰ ফলত দেশৰ এম এছ এম ই খণ্ড বাৰুকৈয়ে প্রভাবিত হৈছিল যদিও বহুকেইখন ৰাজ্যই সেই প্রত্যাহ্বান অতিক্রম কৰি পুনৰ ঠন ধৰি উঠি নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে। মহাৰাষ্ট্র, মধ্যপ্রদেশ, বাজস্থান, কর্ণাটক, গুজৰাট আদিৰ দৰে ৰাজ্যই যোৱা পাঁচ বছৰত এম এছ এম ইৰ সংখ্যা কেইবাহেজাৰ বা কেইবালাখলৈ বৃদ্ধি কৰাটোৱে ইয়াৰ প্রমাণ দাঙি ধৰিছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই অসমক দেশৰ শ্রেষ্ঠ পাঁচখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে। কিন্তু ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ দ্রুত বিকাশ অবিহনে সেই লক্ষ্যত যে উপনীত হোৱাটো অসম্ভৱ সেই কথা কোৱা বাহুল্য মাত্র। এম এছ এম ইক উপেক্ষা কৰাটো ৰাজ্যৰ অর্থনৈতিক উন্নয়নৰ বাবে এক নেতিবাচক দিশ, সেইয়া চৰকাৰে বুজি উঠা উচিত। MSME খণ্ডৰ পুনৰুজ্জীৱন ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। চৰকাৰ, বিনিয়োগকাৰী, আৰু উদ্যোগপতিসকল মিলি এই খণ্ডক সহায় কৰিলে অঞ্চলটোৰ অৰ্থনৈতিক দৃঢ়তা বৃদ্ধি পাব।

Was this article helpful?
Yes0No0

You may also like