জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 5, 2026

অমানৱীয়ভাৱে বহিষ্কাৰ শতাধিক ভাৰতীয়ক: এইয়া বিতাড়ন নে ভাৰতীয়ক অপমান ?

by Dr Netraranjan
2 minutes read
Deportation of Indians from the USA

হাতত হাতকেৰেয়া আৰু ভৰিত শিকলি বান্ধি আমেৰিকাত অবৈধভাৱে বসবাস কৰা ভাৰতীয় নাগৰিকক বহিষ্কাৰ ড’নাল্ড ট্ৰাম্পৰ। এইয়া কোনো চিনেমাৰ দৃশ্য নহয় , বাস্তৱ হে ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ পৰা লাভ কৰা উপহাৰ নে শত্ৰুতাৰ চিহ্ন এইয়া ? ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত নিজৰ আক্ৰমণাত্মক স্থিতিয়ে ভাৰতীয়ক চৰম অপমান কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ কৰা হৈছে ঠিকেই আছে কিন্তু বিতাড়িত লোকক হেণ্ডকাফ লগোৱাটো এছ অ’ পিৰ অংশ নেকি ? যোৱা সপ্তাহত ব্ৰাজিলৰ নাগৰিকক হাতে-ভৰিয়ে বান্ধি আমেৰিকাই দেশান্তৰ কৰাৰ ঘটনাত ৰাষ্ট্ৰপতি লুলা ডি ছিলভাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া মানৱাধিকাৰ উলংঘনৰ ঘটনা বুলি আমেৰিকাৰ ওচৰত আপত্তি উত্থাপন কৰিছিল৷ কিন্তু ১০৪ জন ভাৰতীয় নাগৰিকক হেণ্ডকাফ আৰু ভৰিত শিকলিৰে বান্ধি বুধবাৰে মাৰ্কিন সামৰিক বিমান এখনে অমৃতসৰত নমাই থৈ যোৱাৰ ঘটনাত মোদী চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিক প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই , নিশ্চুপ মোদী। নিজ দেশৰ জনগণৰ প্ৰতি এনে দুৰ্ব্যৱহাৰ এজন প্ৰধানমন্ত্ৰীৰ বাবে গ্ৰহণযোগ্য হব পাৰে নে ? আকৌ দেশান্তৰ কৰা ১০৪ জন ভাৰতীয় নাগৰিকৰ ৩০ জন পঞ্জাৱৰ আৰু ৩৩ জনেই প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ ৰাজ্য গুজৰাটৰ আৰু আন এখন বিজেপি শাসিত ৰাজ্য হাৰিয়ানাৰ, আন দুখন বিজেপিশাসিত ৰাজ্য উত্তৰ প্ৰদেশ, মহাৰাষ্ট˜ৰ ৩ জনকৈ আৰু চণ্ডীগড়ৰ দুজনক একেলগে দেশান্তৰিত কৰিছে ট্ৰাম্প প্ৰশাসনে৷ দেশান্তৰিত কৰা মুঠ ১০৪ জন ভাৰতীয় নাগৰিকৰ ৭৯ জন পুৰুষ আৰু ২৫ গৰাকী মহিলা, য’ত আছে ১৩ টা শিশু।

কেইদিনমান পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছিল– ‘আমেৰিকাকে ধৰি বিদেশী ৰাষ্ট˜ত ‘অবৈধভাৱে’ থকা ভাৰতীয় নাগৰিকৰ ‘বৈধ’ প্ৰত্যাৱৰ্তনত নতুন দিল্লীৰ সন্মতি আছে৷’ এই প্ৰসংগত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল– ‘মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিছোঁ৷ তেওঁ যিটো ভাল বুলি ভাবে সেয়াই কৰিব ৷’ ভাৰতীয় নাগৰিকক দেশান্তৰ কৰাৰ বিষয়টোত সহযোগিতা কৰি আছে নিজ দেশৰে নেতা মন্ত্ৰীয়ে । তেন্তে নতুন দিল্লীয়ে আমেৰিকাক ইমান সহযোগিতা কৰা সত্ত্বেও কিয় ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ভাৰতীয় নাগৰিকক অপৰাধীৰ দৰে হাত-ভৰি শিকলিৰে বান্ধি পঠিয়ালে ?

“নৰকতকৈও বেয়া” অভিজ্ঞতা বুলি উল্লেখ কৰি বিতাড়িত এজন ব্যক্তি হাৰৱিণ্ডাৰে কয় যে তেওঁলোকে ৪০ ঘণ্টা ধৰি ভালদৰে খাবও নোৱাৰিলে। হেণ্ডকাফ পিন্ধি খাবলৈ জোৰ কৰিছিল। যাত্ৰাটো কেৱল শাৰীৰিকভাৱে কষ্টদায়ক নাছিল, মানসিকভাৱেও ক্লান্তিকৰ আছিল। আমেৰিকাৰ এনে অমানৱীয়, বৰ্বৰ আচৰণ কোনো সভ্য ভাৰতীয়ৰ বাবে গ্ৰহণযোগ্য নহয়।

Was this article helpful?
Yes0No0

You may also like