Skip to content

ৰে’ল যাত্ৰা মানেই মৃত্যু?

Janagana Desk
July 23, 20241 second read

আটাইতকৈ নিৰাপদ আৰু আৰামী যাত্ৰা ৰূপে ৰে’ল যাত্ৰা কৰিবলৈ ভাল পাইছিল মানুহে। ৰে’ল যাত্ৰা সুবিধাজনক ভালৰ পৰা অসুস্থ, কণমানিৰ পৰা বয়োবৃদ্ধ সকলোৰে বাবে। কম খৰছী যাত্ৰা ৰূপেও ই মানুহৰ বাবে সুবিধাজনক। কিন্তু যোৱা কিছুবছৰৰ পৰা ৰে’ল যাত্ৰা মানেই যেন হৈ পৰিছে আতংকৰ কাৰণ। ৰে’ল যাত্ৰা মানেই যেন হৈ পৰিছে মৃত্যু। ইয়াৰ কাৰণ ক্ষমতাধিষ্ঠিত নৰেন্দ্ৰ মোডী চৰকাৰৰ অমনোযোগিতা, দায়ৱদ্ধহীনতা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে অযোগ্যৰ হাতত গতাই দিছে ৰে’ল বিভাগ। কিন্তু কেতিয়া টোপনি ভাঙিব নৰেন্দ্ৰ মোদী কিম্বা অশ্বিনী বৈঞ্চৱৰ? বন্দে ভাৰতৰ গুণগান গাই থকা নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনতে যেন সংঘটিত হ’বলৈ গৈ আছে ইতিহাসৰ সৰ্বাধিক ৰে’ল দুৰ্ঘটনা। ৰে’ল মন্ত্ৰী অশ্বিনী বৈঞ্চৱৰ মাত্ৰ তিনি বছৰীয়া কাৰ্যকালতে দেশত সংঘটিত হৈছে ৩৫ টাকৈ ৰে’ল দুৰ্ঘটনা। অশ্বিনী বৈঞ্চৱৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা ডি ডি সদানন্দ গৌড়াৰ দিনত ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৬ টা, সূৰেশ প্ৰভুৰ কাৰ্যকালত সংঘটিত হৈছে ২১ টা আৰু পীয়ুষ গোৱেলৰ কাৰ্যকালত সংঘটিত হৈছে ১৩ টাকৈ ৰেল দুৰ্ঘটনা।

ইয়াৰ ভিতৰত আটাইতকৈ বৃহত ৰে’ল দুৰ্ঘটনাটো সংঘটিত হৈছে অশ্বিনী বৈঞ্চৱৰ কাৰ্যকালত। বিগত বৰ্ষৰ জুন মাহতে অশ্বিনী বৈঞ্চৱৰ কাৰ্যকালত সংঘটিত হৈছিল যোৱা প্ৰায় তিনিটা দশকৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰে’ল দুৰ্ঘটনাটো। য’ত তিনিখনকৈ ট্ৰেইন দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল প্ৰায় ৩০০ লোকৰ। ৰে’ল বিভাগৰ চূড়ান্ত ব্যৰ্থতা, দায়িত্বহীনতাৰ বাবে উৰিষ্যাত সংঘটিত হৈছিল সেই ভয়ানক ৰে’ল দুৰ্ঘটনাটো। কিন্তু না তাৰ ব্যৰ্থতা কোনোবাই স্বীকাৰ কৰিলে না কোনোবাই পদত্যাগ কৰিলে।

কেন্দ্ৰীয় চৰকাৰৰ সেই একেই দায়িত্বহীনতাৰ বাবেই পুলৱামাত শ্বহীদ হৈছিল আমাৰ ৪০ জনকৈ সেনা জোৱান। তেতিয়াও কোনোবাই ব্যৰ্থতা স্বীকাৰ কৰা বা পদত্যাগ কৰাৰ খবৰ কোনো ভাৰতবাসীয়ে লাভ নকৰিলে। বৰঞ্চ তাক লৈ ২০১৯ চনত ভোট লাভৰ ৰাজনীতিহে চলালে শাসকীয় দল বিজেপিয়ে।

বিগত বৰ্ষকেইটাত ৰে’ল বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে ৰে’ল দুৰ্ঘটনাৰ নজিৰ স্থাপন হোৱাৰ পাছতো এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নতুন মন্ত্ৰী সভাত ৰে’ল মন্ত্ৰীৰূপে দায়িত্ব অৰ্পণ কৰে সেই একেগৰাকী ব্যৰ্থ নায়কক। যাৰ বাবে আকৌ এবাৰ সংঘটিত হ’ল ভয়ানক কাঞ্চনজংঘা ৰেল দুৰ্ঘটনা। য’ত মৃত্যু হল ১৫ জনকৈ লোকৰ। আহত হ’ল ৭০ ৰো অধিক লোক। কিন্তু তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মূহুৰ্তলৈকে অশ্বিনী বৈঞ্চৱৰ হাতৰ পৰা কাঢ়ি অনা নাই ৰে’ল বিভাগ। তাৰ পাছত আকৌ উত্তৰপ্ৰদেশত সংঘটিত হ’ল নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালত দ্বিতীয়টো ৰে’ল দুৰ্ঘটনা। বাগৰি পৰি ডিব্ৰুগড় অভিমুখী ৰে’লৰ ১৫ টাকৈ ডবা। মৃত্যু হ’ল ৫ জনকৈ লোকৰ। ইয়াৰ কাৰণ কি? বাৰে বাৰে ব্যৰ্থ মানুহৰ হাতত ৰে’ল বিভাগ গতাই দি সাধাৰণ মানুহৰ জীৱনৰ সৈতে হেতালি খেলিছে নেকি নৰেন্দ্ৰ মোদীয়ে? আৰু কিমান মানুহৰ জীৱনৰ সৈতে এনেদৰে হেতালি খেলা হব?

১৯৫১ ৰ পৰা ১৯৫৬ চন পৰ্যন্ত ৰে’লমন্ত্ৰী আছিল লালবাহাদুৰ শাস্ত্ৰী। এইকেইটা বছৰৰ ভিতৰতে দুবাৰ পদত্যাগ কৰে লালবাহাদুৰ শাস্ত্ৰীয়ে। প্ৰথমবাৰ অন্ধ্ৰপ্ৰদেশৰ মেহবুব নগৰৰ দুৰ্ঘটনাত ১১২ জন লোকৰ মৃত্যু হোৱাৰ পাছত। সেইবাৰ শাস্ত্ৰীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে।
কিন্তু ১৯৫৬ চনৰ ৮ অক্টোবৰত তামিলনাডুৰ আৰিয়ালুৰত পুনৰ সংঘটিত হয় আন এক ভয়ানক ৰে’ল দুৰ্ঘটনা। যত নিহত হৈছিল প্ৰায় ১৪৪ জন লোকৰ। এই দুৰ্ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পুনৰ পদত্যাগ কৰে লালবাহাদুৰ শাস্ত্ৰীয়ে। আৰু সেইবাৰ কেৱল পদত্যাগ কৰাই নহয়, তাৰ লগতে প্ৰধানমন্ত্ৰী নেহৰুক পদত্যাগপত্ৰ গ্ৰহণ কৰাৰ বাবে ব্যক্তিগতভাৱে অনুৰোধ কৰা হয় যাতে সেই পদত্যাগপত্ৰ তেওঁ গ্ৰহণ কৰে। পদত্যাগ পত্ৰত লালবাহাদুৰ শাস্ত্ৰীয়ে লিখিছিল যে মোৰ ধাৰণা যে মই শিৰ নত কৰি ৰেলবিভাগৰ পৰা পদত্যাগ কৰা উচিত। আৰু বহু আলোচনা-বিলোচনাৰ অন্তত সেই পদত্যাগপত্ৰ গৃহীত হয়।

কেৱল লাল বাহাদুৰ শাস্ত্ৰীয়েই নহয়, ৰে’ল দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল আন কেইবাজনো মন্ত্ৰীয়ে। ১৯৯৯ চনত বিহাৰৰ গাইশালত অবধ আসাম এক্সপ্ৰেছ আৰু ব্ৰহ্মপুত্ৰ মেইলৰ মাজত হোৱা ভয়ানক ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছিল ২৯০ জন লোকৰ। সেই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি ৰে’ল মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল নীতিশ কুমাৰে।

তাৰ এবছৰৰ পাছতেই, ২০০০ চনত এটা বৰ্ষতেই দুটাকৈ হোৱা ৰে’ল দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল সেই সময়ৰ ৰে’লমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
কিন্তু ইমানখিনি নৈতিকতা, ইমানখিনি দায়িত্ববোধ আশা কৰিব পাৰিনে বৰ্তমানৰ চৰকাৰখনৰ পৰা? বুলেট ট্ৰেইনৰ সপোন দেখুওৱা, বন্দে ভাৰত ট্ৰেইনৰ উদ্বোধন কৰি নিজৰ কৃৰ্তিত্ব বিচৰা প্ৰধানমন্ত্ৰীয়ে নিজাকৈ ল’ব নে কিবা দায়িত্ব? চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে সংঘটিত এই দুৰ্ঘটনাই টোপনি ভাঙিবনে নৰেন্দ্ৰ মোদী কিম্বা অশ্বিনী বৈঞ্চৱৰ?

এতিয়াও ভাৰতীয় ৰে’ল খালী ২,৭৪,৫৮০ টা পদ। সুৰক্ষা কৰ্মীৰ পদ খালী ১,৭৭,৯২৪ টা পদ। অৰ্থাত পৰ্যাপ্ত কৰ্মচাৰী নোহোৱাকৈ চলি আছে ভাৰতীয় ৰে’ল বিভাগ। কেতিয়া ৰে’ল সেৱাৰ গুৰুত্ব বুজি উঠিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে?

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top