Skip to content

বৃক্ষৰ জৰিয়তে অমৃতৰ সন্ধান!

Sonit Kumar Goswami
August 9, 20243 second read

বৃক্ষৰোপণ কাৰ্যসূচী এক মহৎ কাৰ্যসূচী। সেউজ ধৰণী কি বস্তু সেয়া আমাক সৰুতে শিক্ষা দিয়া হয়। এই শিক্ষা প্ৰতিটো প্ৰজন্মই লাভ কৰে। আজিৰ প্ৰজন্ম যি গোলকীয় উষ্ণতা বা জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজ দি আছে তেওঁলোককো বৃক্ষৰোপণৰ শিক্ষা দিয়া। তেওঁলোকেও কৰে গছপুলি ৰোপণ আৰু লালন-পালন। বৃক্ষৰ জৰিয়তে অমৃতৰ সন্ধানত আমি সকলো ব্যস্ত। এই ধৰা সেউজ হৈ থাকিলেহে আমি জীয়াই থাকিম বুলি পোৱা শিক্ষাৰ জৰিয়তে আমি বা আজিৰ প্ৰজন্ম সমানেই সক্ৰিয় প্ৰকৃতি সুৰক্ষাৰ কৰ্মত।

কিন্তু তেওঁলোক মানে এই নৱ প্ৰজন্ম প্লাষ্টিকৰ ভয়াৱহ প্ৰদূষণৰ লগতে বৃক্ষ কাটি ক্ষমতাৰ প্ৰতিপালন কৰিব বিচৰা এচাম লোভী মানুহৰ সৈতেও প্ৰত্যক্ষ বা পৰোক্ষভাৱে যুঁজ দিবলগীয়া হৈছে। এই ক্ষমতালোভী, ধৰণী আইৰ প্ৰতি শোষণৰ মনোভাৱ পোষণ কৰা একাংশ লোকে আকৌ বৃক্ষ ধ্বংস কাৰ্যসূচী প্ৰায়েই পালন কৰি আহিছে। বৃহৎ বৃহৎ বনাঞ্চল নিজৰ বা ব্যক্তিসমূহক স্বাৰ্থৰ বাবে নিমিষতে নাইকীয়া কৰি এওঁলোকে উপভোক্তা কেন্দ্ৰিক সামগ্ৰী নিৰ্মাণ তথা সেৱা কৰিছে সঁচা কিন্তু প্ৰজন্মৰ পাছত প্ৰজন্মক এওঁলোকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।

এই ধৰাৰ সেউজ গৃহ, পৃথিৱীৰ হাওঁ-ফাওঁ, যকৃত আৰু ক’ত কি নাম পোৱা দক্ষিণ আমেৰিকাৰ এমেজন বৰ্ষাৰণ্যৰ আজি প্ৰায় ২৬ শতাংশ বনাঞ্চল ধ্বংস কৰি দিয়া হৈছে। খনন, ভূ-গৰ্ভৰ সম্পদ আহৰণ, বান্ধ নিৰ্মাণ, কাঠৰ ব্যৱসায়, পথ নিৰ্মাণ, খেতি আদি বিভিন্ন কামৰ বাবে এই বনাঞ্চল ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ইয়াৰ ফলত আমি কি পৰিৱেশ লাভ কৰিছোঁ সেয়া সকলোৱে অনুভৱ কৰিব পাৰিছে। অৰ্থনীতিত পুঁজিবাদী চিন্তাধাৰা শিপালে অৰ্থ হৈ পৰে মুখ্য উপাদান আৰু উন্নত (?) জীৱন শৈলীৰ প্ৰতি মানুহ হৈ পৰে লালায়িত। এতিয়া বিশ্ব, ভাৰত বা অসমৰ নাগৰিক তেনে এক অৰ্থৰ সন্ধান বা বিলাসী জীৱন শৈলীৰ মোহত বন্দী হৈ পৰিছে। সেয়েহে প্ৰকৃতি হৈ পৰিছে এক মাধ্যম।

এনে প্ৰেক্ষাপটত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃৰ নামত এজুপি গছপুলি ৰোপণৰ আহ্বান জনাইছিল। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত বিগত বৰ্ষৰ পৰা অধিক জনপ্ৰিয় হৈ পৰা অমৃত বৃক্ষ কাৰ্যসূচীক ২০২৪ বৰ্ষত অমৃত বৃক্ষ ২.০ নাম দি মাতৃৰ নামত এজুপি গছ শীৰ্ষক বিষয় লৈ কোটিৰো অধিক গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলাসমাজক ছেল্ফি লৈ গছপুলি ৰোপণ কৰিবলৈ কৈছিল, এইবাৰৰ তেওঁ মাতৃৰ নামত গছপুলি ৰোপণ কৰিবলৈ কৈছে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ পৰিৱেশ প্ৰেম তথা নাৰী সমাজৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা তেওঁৰ কাৰ্যকালত গ্ৰহণ কৰা চৰকাৰী কাৰ্যসূচীত প্ৰতিফলিত হৈছে। ইয়াৰ বাবে আমি তেওঁৰ ওচৰত চিৰ-কৃতজ্ঞ।

অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অমৃতৰ সন্ধান কৰিবলৈ যোৱাৰ সময়ত আমি আমাৰ ৰাজ্যখনৰ কেতবোৰ অন্য কথাও মন কৰিব লাগিব। এখন সেউজ প্ৰধান ৰাজ্য হিচাপে জনাজাত অসমত বৰষুণৰ মাত্ৰা বেছি। সেউজ আৱৰণো বেছি। গতিকে এনে এখন ৰাজ্যত গছপুলি ৰোপণৰ চৰকাৰী কাৰ্যসূচীৰ মূল উদ্দেশ্য জানিব পৰা নাযায় যদিও লক্ষাধিক গছপুলি আয়ুস কি সেয়া প্ৰশ্ন কৰিব পাৰোঁ। অৱধাৰিতভাৱে সচেতনমহলে এনে প্ৰশ্ন উত্থাপন কৰিছে। আৰু বিগত বৰ্ষৰ গছুলিবোৰ ক’ত বা এতিয়া কি অৱস্থাত আছে সেই সম্পৰ্কত প্ৰশ্নও কৰিছে। সমালোচকৰ এনে প্ৰশ্নবোৰৰ সঠিক উত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে। অমৃত বৃক্ষ ২.০ আৰম্ভ কৰি তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জনাই দিছে যে বিগত বৰ্ষৰ ৯৫ শতাংশ গছপুলিৰ ভালদৰে লালন-পালন হৈ আছে। গতিকে ৫ শতাংশহে মৰহি গৈছে কিন্তু বাকী ৯৫ শতাংশ জীয়াই আছে।

অমৃত বৃক্ষৰ চৰকাৰী অধ্যায় পৰিহাৰ কৰি এতিয়া আমি তথ্যৰ ভিত্তিত চাম যে আমাৰ ৰাজ্যত বনাঞ্চল কিমান বৃদ্ধি পাইছে। অসম চৰকাৰৰ বন আৰু পৰিৱেশ ৱেবচাইটত উপলব্ধ তথ্যমতে ৰাজ্যৰ মুঠ মাটিকালিৰ ১.৯৯ শতাংশ (১,৫৬৪ বৰ্গ কিঃমিঃ) এলেকাত গছ আছে। বনাঞ্চল আছে ৩৫.২৮ শতাংশ (২৭,৬৭৩ বৰ্গ কিঃমিঃ) এলকাত, গতিকে পৰিসংখ্যা অনুসুৰি অসমত সেউজ আৱৰণ মূলত ৩৭.২৭ শতাংশ (২৯,২৩৭ বৰ্গ কিঃমিঃ) এলেকাত আছে।

এতিয়া যদি আমি অন্য তথ্যলৈ মন কৰোঁ তেতিয়া এক অন্য ছবি দেখিবলৈ পাওঁ। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে (এনজিটি) অলপতে কেন্দ্ৰীয় বন-পৰিৱেশ আৰু জলবায়ু মন্ত্ৰণালয়লৈ নিৰ্দেশ দি এই তথ্য বিচাৰিছে যে কি কাৰণত দেশে ২০০০ চনৰ পৰা এতিয়ালৈ ২.৩৩ মিলিয়ন হেক্টৰ ভূমিৰ সেউজ আৱৰণ হেৰুৱাবলগীয়া হৈছে। এনজিটিয়ে লগতে এই তথ্যটো সংশয় ব্যক্ত কৰিছে যে কি কাৰণত প্ৰাকৃতিক বনাঞ্চলত ২০১৩ চনৰ পৰা ২০২৩ চনলৈ প্ৰায় ৯৫ শতাংশ গছ নাইকীয়া হৈছে। ইয়াৰে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত প্ৰায় ৬০ শতাংশ গছৰ আৱৰণ নাইকীয়া হৈছে। অসমৰ ৩,২৪,০০০ হেক্টৰ ভূমিত গছপুলি উচ্ছেদ হোৱা কথাটো উদ্বেগজনক। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গ্ল’বেল ফৰেষ্ট ৱাটছ (Global Forest Watch) নামৰ সংস্থাটোৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় বন-পৰিৱেশ-জলবায়ু মন্ত্ৰণালয়ৰ পৰা উত্তৰ বিচাৰিছে।

উল্লেখ্য যে গ্ল’বেল ফৰেষ্ট ৱাটছৰ প্ৰতিবেদনত এই কথাও প্ৰকাশ যে অসমৰ সৰ্বোচ্চ সেউজ আৱৰণ থকা কাৰ্বিআংলঙ ১১৯ খা (১ কিলোহেক্টৰ(KHA-খা)=১০৩ হেক্টৰ), ডিমা হাচাওত ৮০.৬ খা, শোণিতপুৰত ১৮.০ খা ভূমিৰ সেউজ আৱৰণ ধ্বংস হৈছে। সমগ্ৰ দেশজুৰি কৰা সমীক্ষাৰ এই প্ৰতিবেদনক লৈ এতিয়া ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। অৱশ্যে এই প্ৰতিবেদনত এই কথাও প্ৰকাশ যে অসমে ২০০০ৰ পৰা ২০২০ চনৰ ভিতৰত ১৬৩ খা ভূমিত সেউজ আৱৰণ বৃদ্ধিও কৰিছে।

অমৃতৰ সন্ধানত চলা এই আন্দোলনৰ সময়ত আমাৰ একো ক’বলগীয়া নাই কিন্তু জনবায়ু কি বস্তু সেয়া প্ৰতিজন নাগৰিকে দেখিছে, অনুভৱ কৰিছে। নিতৌ খবৰ কাগজ, টিভি চেনেল, পৰ্টেলত আহি থকা প্ৰাকৃতিক ধ্বংসযজ্ঞৰ খবৰবোৰ আৰু জলবায়ু পৰিৱৰ্তনৰ বাৰ্তাই নিশ্চিতভাৱে সচেতনমহলক নিজৰ বিবেচনা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিব।

◼️ শোণিত কুমাৰ গোস্বামী

Sonit Kumar Goswami

Sonit Kumar Goswami, a journalist by passion is associated with “Janagan Barta” in the position of Consulting Editor. He started his career in Electronic Media of Assam since 2007. He worked in North East Televison, News Live, Prag News, AIR Guwahati etc. He spent almost one decade in New Delhi working for Ministry of Information and Broadcasting. In his career span, Mr Goswami was associated with both Print, Electronic and Radio medium. He believe in presenting facts in its purest form.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top