জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

by Dr Netraranjan
1 minutes read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে বুধবাৰে অনুমোদন জনায় ‘এক দেশ, এক নিৰ্বাচন’ৰ প্ৰস্তাৱত ।

এই প্ৰস্তাৱৰ বিৰোধ কৰা মূল কাৰণ সমূহ:

(১) এনে ধৰণৰ নিৰ্বাচনে  গণতান্ত্ৰিক দেশ খনত যুক্তৰাষ্ট্ৰবাদ গঠন কৰি সাৰ্বভৌমত্ব শেষ কৰিব । সংসদীয় প্ৰকাৰৰ চৰকাৰ সলনি কৰিবলৈ চেষ্টা কৰা ই এক অবাস্তৱ ধাৰনা।
(২) ভাৰতৰ নিৰ্বাচনী দৃশ্যপটক নতুন ৰূপ দিব পৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ ফলত স্থানীয় সমস্যাসমূহৰ সমাধানৰ বাবে মাত মতা আঞ্চলিক দলবোৰ ৰাষ্ট্ৰীয় সমস্যা তথা ৰাষ্ট্ৰীয় দলৰ দ্বাৰা অৱদমিত হব। 
(৩) সময় আৰু ধনৰ অপচয় ৰোধ কৰি ৰাইজক সকাহ দিয়াৰ আশা কৰা চৰকাৰৰ এনে সিদ্ধান্তই এটা পৰ্যায়ৰ নিৰ্বাচনতে  পুৰণি ই ভি এম  সলনি কৰিবলৈ ব্যয় কৰিব লাগিব মোটা অংক । আকৌ একে সময়তে বিভিন্ন কেন্দ্ৰত নিয়োজিত কৰিব লাগিব নিৰাপত্তা বাহিনী আৰু বিষয়া ।
(৪) এটা নিৰ্বাচনত  সংখ্যাগত পৰিমান যথেষ্ট বৃদ্ধিৰ ফলত নিৰ্বাচনৰ ফলাফল ঘোষনাটো পলম হোৱাৰ লগতে বিশৃঙ্খলতাৰ সৃষ্টি হব।
(৫) লোকসভা বা বিধানসভাৰ ম্যাদ বৃদ্ধি কৰাটো যিহেতু সাংবিধানিক নহয় গতিকে এখন চৰকাৰ অকালতে পতন ঘটিল বা ধ্বংস হলে কি হব সেইয়া এক চিন্তনীয় আৰু বিচাৰ্য বিষয়। কাৰণ এখন চৰকাৰৰ পতনে বিপদ মাতি আনিব সাধাৰণ ৰাইজৰ বাবে। তেনে পৰিস্থিতিত কি কৰিব?

এনে ধৰণৰ গণতান্ত্ৰিক বিৰোধী প্ৰস্তাৱৰ বিপৰীতে প্ৰথমতে দেশত সমতা প্ৰতিষ্ঠাৰ স্বাৰ্থত কাম কৰা উচিত। সকলোতে বিৰাজ কৰা বৈষম্যতা  দূৰ কৰাৰ পিছতহে এক দেশ এক নিৰ্বাচনৰ পোষকতা কৰা উচিত।

সেয়েহে প্ৰথমে এক দেশ, এক GDP, এক স্বাস্থ্য আৰু এক শিক্ষা হওঁক, তাৰ পিছত এক দেশ এক নিৰ্বাচনৰ বিষয়ে চিন্তা কৰক।

Was this article helpful?
Yes0No0

You may also like