জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

অভিভাৱকহীনতাত ভুগিছে অসমীয়া সমাজ

by Janagana Desk
1 minutes read

সামাজিক মাধ্যমত শিষ্টাচাৰহীনতাৰ ব্যাপক পয়োভৰ। শেহতীয়াকৈ বিদ্যালয়ত সহপাঠীৰ হাতত ছাত্ৰৰ প্ৰাণ যোৱা ঘটনাই সকলোকে শিহৰিত কৰি তুলিছে। নিতৌ বাতৰি কাকত চালেই সন্তান এৰি বোৱাৰী পলাই যোৱা ঘটনা যেন সাধাৰণ বাতৰি হৈ পৰিছে। ট্ৰেডিং কাণ্ডৰ লগত জঢ়িত ন ন ৰহস্যজনক তথ্য ফাদিল হৈ থকাত সামাজিক মাধ্যমৰ ব্যস্ততা দুগুণ বাঢ়িছে শিষ্টাচাৰহীন, অশালীন মন্তব্যকলৈ। ক্ৰমে প্ৰমাণ হৈছে সামাজিক অৱক্ষয়ৰ  ভয় লগা ছবি খন। ইয়াকে লৈ বৌদ্ধিক মহলত চিন্তা চৰ্চা কৰা হৈছে। সামাজিক অবক্ষয়,  অভিভাবকহীনতাৰ গ্রাসত সমাজ সমাজখন শিথিল হৈ গৈছে। আমাৰ সাম্প্রতিক সংকটৰ মূল কাৰণটোয়েই হ’ল সামাজিক ব্যবস্থা।

ৰাজহুৱা ক্ষেত্ৰখনত শিষ্টাচাৰ ৰক্ষাৰ কথাও পাহৰি যায় সামাজিক মাধ্যমে। অসভ্য তথা বৰ্বৰ সমাজক প্রতিনিধিত্ব কৰা ঘটনাবোৰে অভিভাৱক হীন সমাজৰ প্ৰমাণ দিয়ে।সামাজিক মাধ্যমত অশ্লীল চৰ্চাৰ অন্ত নাই। চূড়ান্ত শিষ্টাচাৰহীনতা-উন্মাদনাৰ গ্ৰাসে ভ্রাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্ককো কলুষিত কৰাৰ অপচেষ্টা চলিছে।

Was this article helpful?
Yes0No0

You may also like