Skip to content

ড্ৰাগছ, ক্ষমতা আৰু পাতাল লোক-২

Sonit Kumar Goswami
January 21, 20256 second read
Patal Lok

পাতাল শব্দটোৰ অসমীয়া ৰূপান্তৰ হৈছে নৰক, অৱশ্যে পাতাল শব্দটো অসমীয়াতো আছে। শেহতীয়াকৈ এমেজন প্ৰাইম ভিডিঅ’ত মুক্তি পোৱা পাতাল লোক-২ নামাৰ ধাৰাবাহিকখনে বিশেষ চৰ্চা পাইছে। ইয়াৰ কাৰণটো ছিৰিজটোৰ আকৰ্ষণীয়তাৰ লগতে এইবাৰৰ চিত্ৰনাট্যখন উত্তৰ পূব ভাৰতৰ ৰাজ্য নাগালেণ্ড ভিত্তিক হোৱাৰ বাবেই দৰ্শকৰ উৎসুকতা বাঢ়িছে।

পাতাল লোক ধাৰাবাহিকখনত আমাৰ সমাজত সকলোৰে অলক্ষিতে অব্যাহত থকা এখন নৰকৰ কথা বৰ্ণনা কৰা হয়। পাতাল লোক-১ত পাঞ্জাৱ-উত্তৰ প্ৰদেশ-দিল্লীৰ তেনে কেতবোৰ পাতাল কথা জনোৱাৰ পাছত এইবাৰ দিল্লীৰ সৈতে সংযোগ ঘটাই নাগালেণ্ডৰ নৰক আখ্যান পাতাল লোক-২ত বৰ্ণনা কৰা হৈছে।

নাগালেণ্ডক লৈ মানুহৰ উৎসুকতা আছে। কেৱল নাগালেণ্ড বুলিয়েই নহয়, উত্তৰ পূবৰ ৰাজ্যকেইখনক লৈ অধিক জানিবলৈ সকলো আগ্ৰহী। পাতাল লোক-২ৰ ক্ষেত্ৰত অৱশ্যে দৰ্শক নিৰাশ নহয় কিয়নো পৰিচালক অভিনাশ অৰুণ ধাৱাৰে আৰু ক্ৰিয়েট’ৰ সুদীপ শৰ্মাই অতি নিখঁতভাৱে ক্ৰাইম থ্ৰিলাৰখনক নাগালেণ্ড-দিল্লীৰ কৌতুহলী কাহিনীৰে শুদ্ধ আৰু আকৰ্ষণীয় কৰি তুলিছে।

নাগালেণ্ডৰ সাৰ্বভৌমত্বৰ সংগ্ৰাম, কেন্দ্ৰ মানে দিল্লীৰ সৈতে মধ্যস্থতা, সহস্ৰাধিক নগা জনজাতীয় লোকৰ (যুৱ) মৃত্যু আদি কথাবোৰ আমি সকলোৱে জানোঁ। কিদৰে একাংশ নেতাই বৃহত্তৰ জনতাসমূহক গ্ৰেটাৰ নাগালিমৰ স্বপ্ন দি যুগ যুগ ধৰি মধ্যস্থতাৰ নামত এক ৰাজনীতি চলাই আহিছে সেয়া অসমৰ দৰে সন্ত্ৰাসজৰ্জৰ জনতাই বুজে। এই ৰাজনীতিয়ে একাংশ নগা যুৱচামৰ জীৱন ধ্বংস কৰি পেলাইছে আৰু আন একাংশই উচ্চ শিক্ষাৰে শিক্ষিত হৈ বিলাসী জীৱন কটাইছে।

উৎপাদনশীল বৃহৎ উদ্যোগ নথকাৰ পাছতো কেন্দ্ৰীয় পুঁজিৰ বদন্যতাত একাংশ নগাৰ বিলাসী জীৱন আৰু সাধাৰণ শ্ৰেণীৰ সংগ্ৰাম শোষিত-নিস্পেষিত সমাজৰ পৰিচয়। পাতাল লোক-২ত দেখুৱাৰ দৰে ড্ৰাগছৰ অবৈধ উদ্যোগ উত্তৰ পূবৰ কেতবোৰ ৰাজ্যৰ মূল উৎপাদনৰ আহিলা। শ শ যুৱক এই উদ্যোগৰ সৈতে জড়িত হৈ সন্ত্ৰাসৰো অংশ হৈ পৰিছে। বিভিন্ন জনগোষ্ঠীৰ সমাহাৰ নাগা জাতিত যিদৰে ভ্ৰাতৃঘাটি সংঘৰ্ষ এক নিত্য নৈমত্তিক ঘটনা ঠিক তেনেদৰে প্ৰতিটো জনগোষ্ঠীৰ প্ৰভুত্বও সাধাৰণ কথা।

উত্তৰ পূবৰ প্ৰতিখন ৰাজ্য সহজ-সৰল ব্যক্তিৰ সমাহাৰ বুলি কোৱা হয় যদিও এই প্ৰতিখন ৰাজ্যৰ সমাজবোৰ আকৌ যথেষ্ট জটিল। পৰিচয়ৰ ৰাজনীতি (Identity Politics) চলা এই ৰাজ্যকেইখনত দেখাত সকলো সৰল যদিও কোনো এক জনগোষ্ঠীক অসন্তুষ্ট কৰা মানেই অশান্তিৰ আৰম্ভণি। পাতাল লোক-২ত তাৰেই আভাস পোৱা যায়।

Parallel চৰকাৰ মানে সমান্তৰাল চৰকাৰৰ প্ৰচলন থকা নাগালেণ্ড-মণিপুৰ আদি ৰাজ্যত কিদৰে স্বজাতিৰ মাজত বিভেধ সৃষ্টি হয় সেয়া ধাৰাবাহিকখনত প্ৰতিফলন ঘটিছে। মণিপুৰত বিগত বৰ্ষত(২০২৪ত) কিয় হত্যালীলা চলিছিল তাৰেই এক আংশিক ছবি পাতাল লোক-২ৰ এক দৃশ্য য’ত নাগালেণ্ড স্থানীয় আৰক্ষীয়ে উন্মুক্ত জনতাক চিকিৎসালয়ত প্ৰৱেশত বাধা দিয়াৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ জৰিয়তে বুজিব পাৰি।

পাতাল লোক-২ত আমাৰ বাবে ভাল লগা দিশটো হৈছে নাগামীজৰ ব্যৱহাৰ। অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ হীনমন্যতাত ভোগাসকলে অন্ততঃ এই কথাটোক লৈ গৌৰৱ কৰিব পাৰে যে উত্তৰ পূবৰ সংযোগী ভাষা অসমীয়াৰেই এক ৰূপান্তৰ এই নাগামীজত অসমীয়াৰ প্ৰভাৱ সৰ্বাধিক।

শেষত কওঁ, হিন্দী ছবিজগতে উত্তৰ প্ৰদেশ, ৰাজস্থান, কাশ্মীৰ, দিল্লী, হিমাচল-উত্তৰাখণ্ড আদি উত্তৰভাৰতীয় ৰাজ্যকেইখনৰ কাহিনী, পট ইমানদিনে ব্যৱহাৰ কৰি থকাৰ ফলত সেয়া ইতিমধ্যে Over Exposed হৈ গৈছে। OTT অহাৰ পাছত ইতিমধ্যে চলি থকা দক্ষিণৰ ছবি উদ্যোগেও সমানেই দক্ষিণৰ ৰাজ্যতেইখনক ভাৰতীয় দৰ্শকৰ কাষলৈ আনিছে। গতিকে এতিয়া উত্তৰ পূবৰ ৰাজ্যবোৰকলৈ আমি নতুন নতুন চৰিত্ৰ আৰু কাহিনী পোৱাটো খাটাং।

Sonit Kumar Goswami

Sonit Kumar Goswami, a journalist by passion is associated with “Janagan Barta” in the position of Consulting Editor. He started his career in Electronic Media of Assam since 2007. He worked in North East Televison, News Live, Prag News, AIR Guwahati etc. He spent almost one decade in New Delhi working for Ministry of Information and Broadcasting. In his career span, Mr Goswami was associated with both Print, Electronic and Radio medium. He believe in presenting facts in its purest form.

Related Articles

Facebook Posts
📌অৱশেষত NRC ৰ বহু বিতৰ্কিত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হল গোচৰ...📌309/25 নং গোচৰটো পঞ্জীয়ন কৰিলে দিশপুৰ থানাই হাজেলাৰ বিৰুদ্ধে...দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে দুর্নীতি আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰে গীতিকা ভট্টাচাৰ্য নামৰ এগৰাকী মহিলাই...📌দুৰ্নীতিগ্রস্ত হাজেলা এখন COACHING ACADEMY ৰো স্বত্বাধিকাৰী , মধ্যপ্ৰদেশৰ ভূপালত অৱস্থিত Hajela's IAS UPSC MPPSC COACHING ACADEMY...📌দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীল চৰকাৰৰ নাকৰ তলেৰে কেনেকৈ নিছিল ১৬ শ কোটি টকা ? ... See MoreSee Less
View on Facebook
📌উন্নত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে গীতা নামৰ এজনী ঘৰচীয়া হাতীয়ে....📌আজিৰ পৰা একমাহ পূৰ্বে চামগুৰিৰ ৰঙাগড়াত দুৰ্ঘটনাত পতিত হৈছিল পোহনীয়া হাতিটোৰ...... ... See MoreSee Less
View on Facebook

6 days ago

জনগণ বাৰ্তা
📌wariors ৰ শিৱসাগৰ জিলা নগৰ আঞ্চলিক সমিতিৰ সৌজন্যত দুদিনীয়া বিয়া নাম কৰ্মশালাৰ সম্পন্ন ....📌শিৱসাগৰৰ পৰা অপৰ্না ভৰালী ৰিপৰ্ট ৷ ... See MoreSee Less
View on Facebook
📌গৌৰীপুৰত ইটা ভাটাত উত্ত্তাপ্ত পৰিস্থিতি ,মালিক পক্ষক মাৰপিট কৰি কাৰ্য্যলয় ভাংচুৰ কৰাৰ লগতে নগত ধনলৈ উধাও.... ... See MoreSee Less
View on Facebook
📌 অসমীয়া গহনাই ভৌগোলিক সংকেত অৰ্থাৎ GI টেগ লাভ কৰাৰ পিছতেই আনন্দ মুখৰ হৈ পৰিছে অসমীয়া গহনাৰ ব্যৱসায়ী সকল....📌এই স্বীকৃতিয়ে অসমীয়া গহনাক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক বজাৰত এক বিশেষ স্থান দিব আৰু ইয়াৰ জালিয়াতি ৰোধ কৰিব 📌 ৰঙালী বিহুৰ প্ৰাকক্ষণত এনে সু-খবৰ অসমবাসীৰ বাবে এক আনন্দৰ বাতৰি।📌স্বৰ্ণশিল্পীসকলে GI টেগ লাভৰ আনন্দ প্ৰকাশ কৰি কয়, "এয়া আমাৰ পৰম্পৰাগত কলাকৌশলক ৰক্ষা কৰিবলৈ এটা অন্যতম পদক্ষেপ।" ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top